...

কেন্দ্রীয় কৰ্মচাৰী-পেন্সনাৰলৈ সুখবৰ

Spread the love

চলিত সপ্তাহতে বৃদ্ধি হ’ব পাৰে ডি এ-ডি আৰ

নতুন দিল্লী,১১মার্চঃ কেন্দ্ৰীয় চৰকাৰে চলিত সপ্তাহতে কেন্দ্ৰীয় কৰ্মচাৰীৰ ডি এ আৰু ডি আৰ বৃদ্ধিৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা ১ কোটি ১২ লাখৰো অধিক কেন্দ্রীয় কৰ্মচাৰী আৰু পেন্সনভোগী উপকৃত হ’ব। সমাগত হোলীৰ সময়তে চৰকাৰে এই ঘোষণা কৰিব পাৰে বুলি এটা সূত্রই দাৱী কৰে। সূত্ৰটোৰ মতে ডি এ আৰু ডি আৰ দুয়োটা ভাত্তাই ২ শতাংশকৈ বৃদ্ধি হ’ব।সপ্তম দৰমহা আয়োগৰ অধীনত বৃদ্ধি হ’বলগীয়া ডি এ মূল দৰমহাৰ বৰ্তমানৰ ৫৩ শতাংশৰ পৰা ৫৫ শতাংশ হ’ব। উল্লেখযোগ্য যে কৰ্মচাৰীসকলক ডি এ দিয়াৰ বিপৰীতে পেন্সনভোগীসকলক ডি আৰ দিয়া হ’ব।কেন্দ্ৰীয় চৰকাৰে সাধাৰণতে বছৰত দুবাৰ মাৰ্চ আৰু অক্টোবৰত ডি এ-ডি আৰ বৃদ্ধি কৰে।বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত হ’বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *