টেষ্টৰ লগতে খেলি যাব টি-২০
মেলবৰ্ণ,৬ মার্চঃ চলিত আইচিচি চেম্পিয়নছ ট্রফীৰ ছেমিফাইনেলত টীম ইণ্ডিয়াৰ হাতত পৰাস্ত হোৱাৰ পিছতে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিলে অষ্ট্ৰেলিয়াৰ তাৰকা বেটাৰ অধিনায়ক স্টিভ স্মিথে। মঙলবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় স্টেডিয়ামত টীম ইণ্ডিয়াৰ বিপক্ষে ৪ উইকেটত পৰাজিত হোৱাৰ পিছতে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হয় অস্ট্রেলিয়া। খেলখনত স্মিথে ৯৬টা বলত ৭৩ ৰানৰ এক আকর্ষণীয় ইনিংছ খেলিছিল। যাৰ বাবে অস্ট্রেলিয়াই ভাৰতৰ সন্মুখত ২৬৫ ৰানৰ লক্ষ্য ৰাখিবলৈ সক্ষম হৈছিল। অৱশ্যে ভাৰতে ১১টা বল বাকী থকা অৱস্থাতে সেই লক্ষ্যত উপনীত হয়। ইফালে ৫০ অভাৰৰ ফর্মেটক বিদায় জনোৱাৰ সিদ্ধান্ত ঘোষণা কৰি স্মিথে কয় যে তেওঁ অষ্ট্ৰেলিয়াৰ সৈতে দুটাকৈ বিশ্বকাপ (২০১৫ এদিনীয়া বিশ্বকাপ আৰু ২০২১ টি-২০ বিশ্বকাপ) জয়ী হোৱাৰ সৌভাগ্য লাভ কৰিছে।এক বিবৃতিত স্মিথে কয়, ‘এয়া এক সুন্দৰ যাত্ৰা আছিল – আৰু মই ইয়াৰ প্ৰতিটো ক্ষণ উপভোগ কৰিছোঁ। বহু আশ্চৰ্যকৰ সময় আৰু গুৰুত্বপূর্ণ স্মৃতি আছে। দুটা বিশ্বকাপ জয়ী কৰাটো এক সুন্দৰ স্মৃতি আছিল গতিকে এই যাত্রাত বহু ভাল সতীর্থ লগ পাইছোঁ।’ উল্লেখ্য যে ৩৫ বছৰীয়া বেটাৰজনে ১৭০খন এদিনীয়াত ৫৮০০ ৰান সংগ্ৰহ কৰিছে। তেওঁ ১২টা শতক আৰু ৩৫টা অর্ধশতক কৰিছে। তেওঁ এদিনীয়াত অষ্ট্ৰেলিয়াৰ হৈ দ্বাদশ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে কেৰিয়াৰ সমাপ্ত কৰে। তেওঁ ২০১৬ চনত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ সর্বোচ্চ ১৬৪ ৰান সংগ্ৰহ কৰিছিল। লেগ স্পিনিং অলৰাউণ্ডাৰ হিচাপে আত্মপ্রকাশ কৰাৰ পিছত তেওঁ ২৮টা উইকেটো দখল কৰে আৰু ১০টা কেচ ধৰে। ক্রিকেট অস্ট্রেলিয়াৰ এক সংবাদ মাধ্যমৰ বিজ্ঞপ্তি অনুসৰি ছেমিফাইনেলত পৰাজয়ৰ পিছতে স্মিথে তেওঁৰ দলৰ সূতীর্থসকলক কৈছিল যে তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ ল’ব। অৱশ্যে স্মিথে টেষ্ট আৰু টি-২০ৰ পৰা এতিয়াও অৱসৰ লোৱা নাই।