পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে
১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হ’ব এই নীতি
নতুন দিল্লী: আইন-শৃংখলাৰ পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত দেওবাৰে মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ কিছু অংশত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (আফস্পা) পুনৰ ছমাহৰ বাবে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে কেন্দ্ৰীয় চৰকাৰে ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হোৱাকৈ পুনৰ তিনিওখন ৰাজ্যৰ কিছু অংশত আফস্পা বৃদ্ধি কৰাৰ কথা পৃথক অধিসূচনাৰ জৰিয়তে আজি ঘোষণা কৰে ।
মণিপুৰত পাঁচখন জিলাৰ ১৩ খন থানাৰ অধীনস্থ অঞ্চলৰ বাহিৰে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ কৰি আফস্পাৰ অধীনত সমগ্ৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰা হৈছে ।
মণিপুৰৰ আফস্পাৰৰ পৰা ৰেহাই পোৱা থানাসমূহ হ’ল ক্ৰমে- পশ্চিম ইম্ফল জিলাৰ ইম্ফল, লেমফেল, চিটি, চিংজামেই, পাটছ’ই, আৰু ৱাংগোই, পূব ইম্ফল জিলাৰ পোৰমপাট, হাইংগাং আৰু ইৰিলবুং, থৌবাল জিলাৰ থৌবাল, বিষ্ণুপুৰ জিলাৰ বিষ্ণুপুৰ আৰু নামবোল আৰু কাকচিং জিলাৰ কাকচিং ।
অঞ্চলটোত শান্তি শৃংখলা বজাই ৰখা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে এই ঘোষণা কৰে । এই সিদ্ধান্তৰ জৰিয়তে নিৰাপত্তা বাহিনীক নিৰ্দিষ্ট ‘বিক্ষিপ্ত অঞ্চল’ ত বৰ্ধিত ক্ষমতা প্ৰয়োগ কৰিবলৈ অনুমতি দিয়া হৈছে ।
কেন্দ্ৰীয় চৰকাৰে মণিপুৰ ৰাজ্যৰ আইন-শৃংখলাৰ পৰিস্থিতি পুনৰীক্ষণ কৰাৰ পিছত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ (১৯৫৮ চনৰ ২৮) ধাৰা ৩ ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতা প্ৰয়োগ কৰি ৫ খন জিলাৰ ১৩ খন আৰক্ষী থানাৰ অধীনষ্ঠ অঞ্চলসমূহ বাদ দি সমগ্ৰ মণিপুৰ ৰাজ্যখনক ‘অশান্ত এলেকা’ বুলি ঘোষণা কৰে । “২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ ছমাহৰ বাবে,” কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধিসূচনাত এনেদৰে লিখা হৈছে ।
মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ পিছত ফেব্ৰুৱাৰী মাহৰ পৰা ৰাষ্ট্ৰপতিৰ শাসন অব্য়াহত থকা মণিপুৰৰ বাবে এই পদক্ষেপ তাৎপৰ্যপূৰ্ণ । ২০২৩ চনৰ মে’ মাহৰ পৰা ৰাজ্যখনে মেইটেই আৰু কুকি সম্প্ৰদায়ৰ গোষ্ঠীগত হিংসাৰ সৈতে যুঁজি আহিছে ।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নাগালেণ্ডৰ ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নোক্লক, ফেক আৰু পেৰেন জিলাক আফস্পাৰ ৩ নং ধাৰাত ‘অশান্ত এলেকা’ হিচাপে ঘোষণা কৰে । ইয়াৰ উপৰিও নাগালেণ্ডৰ আন পাঁচখন জিলাৰ নিৰ্দিষ্ট থানা অঞ্চলৰ ক্ষেত্ৰতো এই সম্প্ৰসাৰণ প্ৰযোজ্য । কোহিমা জিলাৰ খুজামা, কোহিমা উত্তৰ, কোহিমা দক্ষিণ, জুবজা আৰু কেজোচা থানা আদি অঞ্চলত এই বৃদ্ধিৰ সময়সীমা প্ৰয়োগ কৰা হ’ব ৷
আনহাতে, মোককচাং জিলাৰ মাংকোলেম্বা, মকোকচুং-আই, লংথো, তুলি, লংচেম আৰু আনাকি চি থানা, লংলেং জিলাৰ ইয়াংলক থানা, ৱোখা জিলাৰ ভাণ্ডাৰী, চম্পাং আৰু ৰালান থানা আৰু জুনোব’ট’ জিলাৰ ঘটাছি, পুঘোবোটো, সাটাখা, চুৰুহুটো, জুনহেবোটো আৰু আঘুনাটো থানা এলেকাতো আফস্পা প্ৰযোজ্য হৈছে ।
“সেয়েহে ডিমাপুৰ, নিউলেণ্ড, চুমৌকেডিমা, মন, কিফিৰে, নাগালেণ্ডৰ নোক্লক, ফেক আৰু পেৰেন জিলা আৰু নাগালেণ্ডৰ আন আন অঞ্চলসমূহ, কোহিমা জিলাৰ খুজামা, উত্তৰ কোহিমা, দক্ষিণ কোহিমা, জুবজা আৰু কেজোচা আৰক্ষী থানাৰ অন্তৰ্গত মাংকোলেম্বা, মকোকচুং-আই, লংথো, তুলি, মকোকচুং জিলাৰ লংচেম আৰু অনাকি চি থানাৰ লংলেং জিলাৰ ইয়াংলক থানা, বাহিনী (বিশেষ ক্ষমতা) আইন ১৯৫৮ ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা ছমাহৰ বাবে, যদিহে আগতে প্ৰত্যাহাৰ কৰা নহয়,” আন এখন অধিসূচনাত এনেদৰে কোৱা হৈছে ।
২০২৪ চনৰ ২৫ ছেপ্টেম্বৰৰ প্ৰাৰম্ভিক অধিসূচনাত ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা ছমাহৰ বাবে এই অঞ্চলসমূহক ‘অশান্ত’ বুলি ঘোষণা কৰা হৈছিল ।
আফস্পাৰ সম্প্ৰসাৰণে নিৰাপত্তা বাহিনীক অভিযান চলাবলৈ, গ্ৰেপ্তাৰ কৰিবলৈ আৰু শৃংখলা বজাই ৰাখিবলৈ প্ৰয়োজন সাপেক্ষে বল প্ৰয়োগ কৰিবলৈ ক্ষমতা প্ৰদান কৰে । চৰকাৰে উল্লেখ কৰে যে, ইয়াৰ ম্যাদ বৃদ্ধিৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰিবলৈ নিৰাপত্তা পৰিস্থিতিৰ নিৰন্তৰ মূল্যায়ন কৰা হ’ব ।
কেন্দ্ৰীয় চৰকাৰে ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’বলগা অৰুণাচল প্ৰদেশৰ কিছু অংশত পুনৰ ছমাহৰ বাবে আফস্পাৰ ম্যাদ বৃদ্ধি কৰে । টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে অসমৰ সৈতে সীমান্ত ভাগ কৰা নামচাই জিলাৰ নামচাই, মহাদেৱপুৰ আৰু চৌখাম থানাৰ অধীনৰ অঞ্চলসমূহৰ ক্ষেত্ৰতো এই সম্প্ৰসাৰণ প্ৰযোজ্য হ’ব ।
পূৰ্বৰ ২৫ ছেপ্টেম্বৰ ২০২৪ ৰ ঘোষণাত ইতিমধ্যে এই অঞ্চলসমূহক আফস্পাৰ ৩ নং ধাৰাত ‘অশান্ত অঞ্চল’ হিচাপে শ্ৰেণীভুক্ত কৰা হৈছিল । শেহতীয়া সিদ্ধান্ত অনুসৰি, এই অঞ্চলসমূহত নিৰাপত্তা বাহিনীক আইন-শৃংখলা বজাই ৰখাৰ বাবে বৰ্ধিত কাৰ্যকৰী কৰ্তৃত্ব প্ৰদান কৰা হৈছে ।
কেন্দ্ৰীয় চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰা হ’ব আৰু পৰৱৰ্তী মূল্যায়নৰ ভিত্তিত অধিক সম্প্ৰসাৰণ বা পৰিৱৰ্তন নিৰ্ধাৰণ কৰা হ’ব ।