...

জুবিন গাৰ্গলৈ নামনি লখিমপুৰত বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

Spread the love

জুবিন গাৰ্গলৈ নামনি লখিমপুৰত বিভিন্ন অনুষ্ঠানৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

নাৰায়ণপুৰ:

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিংগাপুৰত আকস্মিক বিয়োগক অসমবাসীয়ে সহজভাৱে মানি ল’ব পৰা নাই। জনপ্রিয় কণ্ঠ শিল্পী, চলচ্চিত্র পৰিচালক, অভিনেতা, চলচ্চিত্র নির্মাতা জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুত মৰ্মাহত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ শুভাকাঙ্ক্ষীসকল। প্ৰতিভাশালী শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনলৈ চৰকাৰী বন্ধৰ দিন ঘোষণা কৰাৰ পিছত ৰাজ্যবাসীৰ লগতে নামনি লখিমপুৰতো বিভিন্ন অনুষ্ঠানৰ উপৰি শুভাকাঙ্ক্ষীসকলে স্বৰ্তস্ফূৰ্তভাৱে শোক সভা, শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠানৰ লগতে ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি শিল্পী গৰাকীৰ প্ৰতি শেষ শ্রদ্ধা জ্ঞাপন কৰি আহিছে। নামনি লখিমপুৰৰ নাৰায়ণপুৰ, চৌদ্ধপুনীয়া, কমলপুৰ, দুলীয়াপথাৰ, মাধৱপুৰ, মধুপুৰ, ভোলাবৰি, বৰপথাৰ, জৰাবাৰী, মেৰমুখ, শিলিখাগুৰি, ৰঙতি আদিত শিল্পী গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোক সভা অনুষ্ঠিত বন্তি প্ৰজ্বলন, স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বৃহত্তৰ অঞ্চলটোৰ সকলো ৰাজহুৱা অনুষ্ঠান বাতিল কৰে। নাৰায়ণপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলন, নাৰায়ণপুৰ কাব্য কাননে অসমীয়াৰ নয়ন মণি স্বৰূপ জনপ্রিয় শিল্পী গৰাকীৰ মৃত্যুত ম্ৰিয়মাণ হৈ বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জনায়। কালি সন্ধ্যা ৬ বজাত নাগৰিক সম্মিলনৰ স্থায়ী কাৰ্যালয়ত অনুষ্ঠিত শোক সভাত অসমৰ খ্যাতনামা জনপ্রিয় কণ্ঠ শিল্পী, বোলছবি পৰিচালক, সংগীত পৰিচালক, অভিনেতা জুবিনৰ মৃত্যুয়ে অসমৰ সাংস্কৃতিক ক্ষেত্রখনৰ অপূৰণীয় ক্ষতি কৰা বুলি উল্লেখ কৰি নাগৰিক সম্মিলনৰ প্ৰাক্তন সভাপতি থানুৰাম দত্ত, নাৰায়ণপুৰ কাব্য কাননৰ সভাপতি বীৰেন শৰ্মা, সম্পাদক দেবজিৎ বৰা, কাব্য কাননৰ সম্পাদক দ্ৰোণ কাকতি, কাব্য কাননৰ প্ৰাক্তন সভাপতি ডাঃ অতুলচন্দ্র খাওন্দ, প্ৰাক্তন কার্যকৰী সভাপতি হিমানী ওজা ভূঞা, উপেন কুমাৰ বৰুৱা, নাগৰিক সম্মিলনৰ প্ৰাক্তন সম্পাদক ভবেন ফুকন, ইন্দ্ৰ হাজৰিকা, মুহিত হাজৰিকা আদি উপস্থিত থাকে। আনহাতে, ১ নং হাৰমতী দুলীয়াপথাৰৰ মাধৱদেৱ কৃষ্টি সমাজত ৰাজহুৱাভাৱে শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। অৱসৰী পশু চিকিৎসা কৰ্মী ৰজনী শইকীয়াই আঁত ধৰা উক্ত অনুষ্ঠানত বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া উপস্থিত থাকে। অৱসৰী প্রধান শিক্ষয়িত্ৰী বন্তি দত্ত, শিক্ষক গিৰীণ শৰ্মা প্ৰমুখ্যে ব্যক্তিয়ে স্মৃতিচাৰণ কৰে। নাৰায়ণপুৰৰ সমীপৰ জালভৰীয়াৰ হৰিনাম সমাজ শিলিখাগুৰি, মেৰমুখত ৰাজহুৱাভাৱে শিল্পী গৰাকীৰ বিয়োগত বন্তি প্ৰজ্বলনেৰে শোক প্রকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *