...

দীর্ঘদিনৰ পৰাই চলিছিল জুবিনক হত্যাৰ ষড়যন্ত্রঃ অধিবক্তা প্রদীপ কোঁৱৰ

Spread the love

অধিবক্তা প্রদীপ কোঁৱৰৰ বিস্ফোৰণ!

দীর্ঘদিনৰ পৰাই চলিছিল জুবিনক হত্যাৰ ষড়যন্ত্র

১৬ ডিচেম্বৰত আদালতত হাজিৰৰ নির্দেশ ৭ অভিযুক্তক

চাইন অন ডেস্কঃ দীর্ঘদিনৰ পৰাই হত্যাৰ ষড়যন্ত্র চলিছিল অসমীয়াৰ আৱেগ জুবিন গাৰ্গৰ বিৰুদ্ধে। এয়া এক অথবা দুমাহ নহয়, প্রায় এক-দুই বছৰ আগৰে পৰাই এই ষড়যন্ত্র ৰচনা হৈছিল। নর্থ-ইষ্ট ফেষ্টিভেলৰ সকলো আয়োজক আছিল এই পৰিকল্পনাৰ মাষ্টাৰমাইন্ড। ৮০ দিনৰ অন্তত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাবী গোট, চমুকৈ এছআইটিয়ে শুক্ৰবাৰে কামৰূপ (মহানগৰ) জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জুবিন গাৰ্গ হত্যাকাণ্ড সন্দর্ভত ৰুজু হোৱা ১৮/২৫নং গোচৰৰ প্ৰথমখন অভিযোগনামা দাখিল কৰাৰ পাছতে এছআইটিৰ অভিযোগনামাৰ আঁত ধৰি এই বিস্ফোৰক ভাষ্য প্রদান কৰিছে লোক-অধিবক্তা প্রদীপ কোঁৱৰে। অভিযোগনামা দাখিলৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত লোক-অধিবক্তা কোঁৱৰে কয় যে মুঠ ১২টা ভলিউমত অভিযোগনামা খন এছআইটিয়ে আদালতত দাখিল কৰিছে।

ইয়াৰে দুটা ভলিউম অকল অভিযোগনামা হোৱাৰ লগতে বাকী ভলিউমসমূহত বিভিন্ন নথিপত্র সংলগ্ন কৰা হৈছে। অভিযোগনামাখনত প্ৰকৃততে কিধৰণৰ তথ্য এছআইটিয়ে সংলগ্ন কৰিছে এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ পুনৰ কয় যে এছআইটিয়ে এই হত্যাকাণ্ডত গভীৰ ষড়যন্ত্র থকাৰ সন্দেহ কৰিছে। ব্যক্তিগত লাভালাভ এই হত্যাকাণ্ডৰ অন্যতম উদ্দেশ্য হোৱাৰ অৱকাশ আছে। প্রায় ১-২ বছৰৰ পৰাই মূলতঃ শ্যামকানু মহস্ত, সিদ্ধার্থ শর্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে সেই পৰিকল্পনা কৰাৰ সন্দেহ এছআইটিয়ে কৰিছে। অমৃতপ্রভা মহস্তও এই পৰিকল্পনাৰে অন্যতম অংশীদাৰ আছিল। যাৰ বাবে এছআইটিয়ে চাৰিওজনৰ বিৰুদ্ধে বিএনএছৰ ১০৩ (১) নং ধাৰা সংযোজন কৰিছে।

উল্লেখ্য যে জীৱিত সময়ছোৱাত যিকোনো সময়তে জুবিন গাৰ্গৰ সৈতে একপ্ৰকাৰ ছাঁটোৰ দৰে আছিল মেনেজাৰ সিদ্ধার্থ শৰ্মা আৰু সিদ্ধার্থ শর্মাই ধনৰ লেনদেনৰ পৰা আৰম্ভ কৰি শিল্পীগৰাকীৰ আগমনৰ সময়লৈকে সকলোখিনি তথ্য চাইছিল বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী। বিভিন্ন সময়ত শিল্পীগৰাকীয়ে পৰিৱেশন কৰা অনুষ্ঠানসমূহো বুক কৰিছিল মেনেজাৰ সিদ্ধার্থ শর্মাই। একেদৰে শিল্পীগৰাকীয়ে বিভিন্ন সময়ত কাৰ সৈতে কিধৰণে সাক্ষাৎ কৰিছিল সেই সকলো কথা তদাৰক কৰিছিল বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে। নামত বাদ্যযন্ত্রী হ’লেও সকলো সময়তে জুবিন গাৰ্গৰ সৈতে একপ্রকাৰ ছাঁটোৰ দৰে একেলগে আছিল শেখৰজ্যোতি গোস্বামী। এছআইটিয়ে শিল্পীগৰাকীৰ মৃত্যুৰ পাছত বিভিন্ন লোকৰ সাক্ষ্যগ্রহণৰ সময়তো এই কথা বহু ঘনিষ্ঠ লোকে এছআইটিক অৱগত কৰিছিল। অকল সেয়াই নহয়, এছআইটিয়ে ৰাজ্যৰ বহুসংখ্যক অভিজাত বিহু সম্মিলনীৰ বিষয়ববীয়াক চিআইডিৰ মুখ্য কার্যালয়লৈ তলব কৰি বিত্তীয় লেনদেনৰ সম্পর্কত জেৰা চলাইছিল।

প্রতিখন বিহু সম্মিলনীয়ে সকলো আর্থিক লেনদেন মেনেজাৰ সিদ্ধার্থ শর্মাই চাইছিল বুলি এছআইটিক অৱগত কৰিছিল। এই সকলোখিনি তথ্যৰ আধাৰত এইআইটিয়ে শ্যামকানু মহন্তৰ লগতে সিদ্ধার্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীকো সন্দেহৰ আৱর্তত ৰাখিছিল। লোক-অধিবক্তা প্রদীপ কোঁৱৰে এছআইটিৰ অভিযোগনামা সন্দর্ভত শলাগ লৈ কয় যে পূর্বতে বহুকেইখন অভিযোগনামা মই দেখিছোঁ যদিও এইবাৰৰ অভিযোগনামাখনৰ দৰে আগতে দেখা নাই। কোনোধৰণৰ খুঁটি-নাটি এছআইটিয়ে অভিযোগনামাখনত ৰখা নাই। পুংখানুপুংখভাৱে প্রতিটো বিষয় অধ্যয়ন কৰিছে। অভিযোগনামাখন সম্পূর্ণকে অধ্যয়ন কৰিবলৈ অন্ততঃ চাৰিদিনৰ সময়ৰ প্ৰয়োজন হ’ব বুলিও তেওঁ লগতে উল্লেখ কৰে।

ইপিনে অহা ১৬ ডিচেম্বৰত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আদালতত ৭ অভিযুক্ত ক্রমে শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভা মহন্ত, সন্দীপন গার্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক হাজিৰ হোৱাৰ নির্দেশ জাৰি কৰা হৈছে বুলি লোক-অধিবক্তা কোঁৱৰে লগতে কয়। নিয়ম অনুসৰি শাৰীৰিকভাৱে তেওঁলোকে আদালতত হাজিৰ হ’ব লাগিছিল যদিও ধৃত ৭ অভিযুক্তৰ জীৱনৰ প্ৰতি থকা শংকাৰ বাবেই আদালতে ভিডিঅ’ কনফাৰেঞ্চিংযোগে তেওঁলোকক হাজিৰ হোৱাৰ নির্দেশনা দিছে। আজি প্রথমখন অভিযোগনামা দাখিল কৰিলেও এছআইটিয়ে ১৮/২৫ নম্বৰ গোচৰৰ তদন্ত এতিয়াও খোলা ৰাখিছে বুলি মন্তব্য কবি লোক-অধিবক্তা কোঁৱৰে কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *