...

জী চিনে বঁটা-২০২৫ ত

Spread the love

 

জী চিনে বঁটা-২০২৫ ত

ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ কিংশুক মৰাণ উজলিল

জী চিনে এৱাৰ্ড ২০২৫ ত এক্সপাৰ্ট ছাউণ্ড ডিজাইনিঙৰ বঁটা লাভ কৰি ৰাজ্যখনক গৌৰৱান্বিত কৰিলে মৰাণে

 

চাইন অন ডেক্সঃ

অমৰ কৌশিকৰ পৰিচালনাত নিৰ্মিত হৰৰ-কমেডী ব্লকবাষ্টাৰ ছবি স্ত্ৰী ২ত কিংশুকৰ অসাধাৰণ কামৰ বাবে তেওঁক সন্মান জনোৱা হয় । ছবিখনত ৰাজকুমাৰ ৰাও, শ্ৰদ্ধা কাপুৰ, পংকজ ত্ৰিপাঠী, অভিষেক বেনাৰ্জী আৰু অপৰশক্তি খুৰানাই অভিনয় কৰিছে ।

২০২৪ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ভাৰতীয় ছবি হিচাপে পৰিগণিত হয় স্ত্ৰী ২ । ছবিখনৰ সফলতাৰ কৃতিত্ব কেৱল অভিনেতা-অভিনেত্ৰী বা কাহিনীটোকেই দিব নোৱাৰি, আঁৰত কাম কৰা ব্যক্তিসকলৰ কথাও উল্লেখ কৰিব লাগিব ৷ ব্যতিক্ৰমী গুণগত মান, অতুলনীয় শব্দ ডিজাইনৰ কথাও সফলতাৰ ক্ষেত্ৰত আহি পৰে ।

ছবিখনত ভয়ংকৰ অথচ হাস্যৰসৰ পৰিৱেশ গঢ়ি তোলাত কিংশুকৰ শব্দ ডিজাইনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । তেওঁৰ এই কামে সমালোচক আৰু দৰ্শক উভয়ৰে ব্যাপক প্ৰশংসা লাভ কৰে ।


ডিব্ৰুগড় জিলাৰ এখন সৰু নগৰ নাহৰকটীয়াৰ পৰা অহা মৰাণে ২০১১ চনৰ পৰা বলীউডত শব্দ ডিজাইনাৰ হিচাপে কাম কৰি আছে । বলীউডৰ ৪০ খনতকৈও অধিক ছবিত শব্দ ডিজাইনাৰ হিচাপে কাম কৰিছে তেওঁ আৰু তাৰে বহু ছবি হিট হৈছে ।

সঞ্জয় লীলা ভাঞ্চালীৰ দুখন ছবি বাজীৰাও মস্তানী আৰু পদ্মাৱততো তেওঁ শব্দ ডিজাইনাৰ হিচাপে কাম কৰিছে। কিংশুক মৰাণে শব্দ ডিজাইনাৰ হিচাপে কাম কৰা আন কেইখনমান ছবিৰ ভিতৰত আছে দংগল, মেৰীকম, হাউছফুল ২, দাবাংগ ২, তনু ৱেডছ মনু ৰিটাৰ্ণছ, এজেণ্ট বিনোদ, দংগল ইত্যাদি ।

Leave a Reply

Your email address will not be published. Required fields are marked *