...

গুৱাহাটীত ইউটিউবাৰৰ উদ্ভণ্ডালী

Spread the love

গুৱাহাটীত ইউটিউবাৰৰ উদ্ভণ্ডালী!

ফলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন !

ইউটিউবাৰৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু

 

চাইন অন ডেস্ক:

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।সচৰাচৰ সামাজিক মাধ্যমত নীতি শিক্ষা দিয়া তথাকথিত ইউটিউবাৰৰ আক্ৰমণত আহত ফল-মূলৰ ব্যৱসায়ী।দিন-দুপৰতে ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণৰ অভিযোগ এজন ইউটিউবাৰৰ বিৰুদ্ধে। ছয়মাইলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। ইউটিউবাৰজন হৈছে ৰাব্বানী স্বয়াম।
ভুক্তভুগীয়ে জনোৱা মতে প্ৰথমে ফল-মূল ক্ৰয় কৰাক লৈ ব্যৱসায়ীৰ সৈতে সাধাৰণ কাজিয়াত লিপ্ত হৈছিল ইউটিউবাৰ ৰাব্বানী স্বয়াম । তাৰ পাছতেই সংঘটিত কৰে ভয়ংকৰকাণ্ড।ইউটিউবাৰজনে ছুৰীৰে আক্ৰমণ কৰে ফল-মূলৰ ব্যৱসায়ীক।আনহাতে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে ইউটিউবাৰ ৰাব্বানী স্বয়ামে । ৰাব্বানীৰ ছুৰীৰ আক্ৰমণত দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় । এই ঘটনাৰ সময়ত ৰাব্বানীৰ সৈতে এগৰাকী যুৱতী আৰু আন তিনিজন যুৱকো আছিল ।

 

সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভুগীয়ে কয়, “পুৱা ৮.৩০ মান বজাত ল’ৰা ৪ টা আৰু ছোৱালী এজনী আহি মোৰ দাদাক সুধিছে, ভাইটি কি কি আম আছে ? দাদাই ক’লে আছে লেঙেৰা কিবা কিবি…। অসমৰ লেঙেৰা নাই নেকি ? তেওঁ ক’লে দাদা লেঙেৰাটো অসমত নহয়, বাহিৰত হয়।তাৰ পাছত তেওঁ কৈছে অসমৰ লেঙেৰা চাব নেকি ? দাদাই ক’লে দেখাওক। তেনেকৈ বেয়া ইংগিতেৰে দেখাই দিলে।তেতিয়া দাদাই ক’লে দাদা এইটো পাব্লিক প্লেচ হয় । ব্যৱহাৰটো অলপ ভাল কৰিব লাগিছিল।ইমান অভদ্ৰভাৱে কথা কিয় পাতে।তেনেকৈ কোৱাৰ পাছতে আহি দাদাক নাকত ঘোচা মাৰিলে । পিছত মোকো ছুৰীখনেৰে আক্ৰমণ কৰিলে।”
ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগীযে দিছপুৰ থানাত এজাহৰ দাখিল কৰিছে। ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আহত ব্যৱসায়ী দুজনৰ স্বাস্থ্য পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে দিছপুৰ আৰক্ষীয়ে। প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ আৰক্ষীয়ে অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই।কিন্তু এই ঘটনাই ছয়মাইল অঞ্চলকে ধৰি গুৱাহাটীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।সকলোৱে একেমুখে গৰিহণা দিছে তথাকথিত ইউটিউবাৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *