...

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সজাগতা সভা

Spread the love

ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ সজাগতা সভা

চাইন অন ডেস্ক:

অসম চেন্টাৰ ফৰ ৰুৱেল ডেভলপমেণ্টৰ উদ্যোগত আজি ডিব্ৰুগড়ত বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি এক সজাগতা মূলক কাৰ্য্যসূচী ৰূপায়ন কৰে। অনুষ্ঠানটোত জাষ্ট ৰাইট আৰু এক্সেছ টো জাষ্টিছৰ সহযোগত ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচনত অনুষ্ঠিত হোৱা এই বিশ্ব শিশু সৰবৰাহ বিৰোধী দিৱসত জিলা প্ৰকল্প সমন্বয়ক নিভা দুৱৰাই নেতৃত্ব প্ৰদান কৰে।
এই সজাগতা অভিযানত ৰেল বিভাগৰ সুৰক্ষা বাহিনী আৰ.পি.এফ. ষ্টেচনত চাহ বিক্ৰেতা, অ’টো চালকৰ লগতে আৰু যাত্ৰীসকলক শিশু সৰবৰাহৰ ভয়াবহতা সম্পৰ্কে বিশেষ ভাবে আলোপাত কৰা লগতে সকলোকে সজাগ হবলৈ আহ্বান জনায়।
উক্ত সজাগতা অনুষ্ঠানত উপস্থিত থকাৰ লোকসকলক শিশু সৰবৰাহ চিনাক্তকৰণ, সৰবৰাহৰ ৰোধৰ বিভিন্ন উপায় সম্পৰ্কে আৰু এই বিষয়ৰ বিৰুদ্ধে জৰুৰীভাবে যোগাযোগ কৰিবলৈ সহায় নম্বৰ ১০৯৮, ১৮০০-১০২-২২২২ নম্বৰৰ সম্পৰ্কে বিষয়া গৰাকীয়ে উল্লেখ কৰে।।শিশু সৰবৰাহ ভয়াবহতা সম্পৰ্কে সাধাৰণ জনতাক সজাগ কৰা বিশেষকৈ ৰেল ষ্টেচনটত কৰ্মৰত চাহ বিক্ৰেতা, অ’টো চালক আৰু যাত্ৰী সকলৰ মাজত বিশেষভাবে সজাগ আৰু সচেতনতা বৃদ্ধি কৰা বাবে এই পদক্ষেপ গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *