মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ এটা স্থানৰ বাবে তিনি দলৰ প্ৰতিদ্বন্দ্বিতা
আজি মৰণপণ যুঁজত ভাৰত-নিউজিলেণ্ড
নবী মুম্বাই:
শেষ পর্যায়ত উপনীত হৈছে চলিত মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতা। প্রতিখন মেচৰ পিচতে তৈয়াৰ হৈছে নকআউটত প্ৰৱেশ কৰাৰ নতুন সমীকৰণ। অস্ট্রেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্রিকাই ইতিমধ্যে, ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰিছে। বাকী থকা একমাত্র স্থানৰ বাবে যুঁজ চলিছে

ৰড্রিগেজ পুনৰ ভাৰতৰ মূল একাদশলৈ উভতি অহাৰ সম্ভাৱনা আছে। আনহাতে
নিউজিলেণ্ডৰ বাবেও মেচখন সমানেই গুৰুত্বপূর্ণ। ছফি ডিভাইন নেতৃত্বাধীন দলটোত আছে কেইবাগৰাকীও অভিজ্ঞ খেলুৱৈ। অধিনায়কগৰাকীৰ উপৰি ব্ৰন্ হেলিডে, জেছ কাৰ, চুজী বেটছ এমেলিয়া কাৰ আৰু লীয়া টাহুহুৰ ওপৰ নিউজিলেণ্ডৰ প্রদর্শন বহুখিনি নির্ভকৰিব। পিচে মেচখনত বৰষুনে বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে যোৱা মঙলবাৰে প্ৰবল বৰষুণৰ বাে দুয়োটা দলৰে অনুশীলনত ব্যাঘা জন্মিছিল। বতৰ বিজ্ঞান প্রতিষ্ঠান প্রতিবেদন অনুসৰি আজি নবী মুম্বাই প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে মেচৰ সময় দিনৰ তিনি বজা।