...

তৃতীয় বিশ্ব যুদ্ধ হবগৈ নেকি ?

Spread the love

তৃতীয় বিশ্ব যুদ্ধ হবগৈ নেকি ?

ইৰাণৰ বিৰুদ্ধে সামৰিক যুদ্ধত নামিব নেকি আমেৰিকা ?

হোৱাইট হাউচে কি সিদ্ধান্ত লৈছে ?

চাইন অন ডেস্ক:

তৃতীয় বিশ্ব যুদ্ধ হবগৈ নেকি ? তেনে এক আশংকাত এতিয়া সমগ্ৰ বিশ্ব জনগণৰ দৃষ্টি নিবদ্ধ হৈছে।মুঠৰ ওপৰত ইৰাণৰ আৰু ইজৰাইলৰ যুদ্ধৰ মাজত যদিহে আন কোনো দেশে সমথৰ্নত ভাগ লয়, তেন্তে তৃতীয় বিশ্ব যুদ্ধ অৱধাৰিত।
ইৰাণ-ইজৰাইলৰ যুদ্ধত এতিয়াও আমেৰিকা প্ৰত্যক্ষভাৱে নামি পৰা নাই যদিও ইজৰাইলৰ পক্ষত থাকি ইৰাণক বাৰে বাৰে যুদ্ধ বিৰতিৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে আমেৰিকাই। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামনেইক ইজৰাইলে হত্যাৰ মুকলি ভাবুকি দিয়াৰ পিছত সেই একে সুৰতে সুৰ মিলাইছে আমেৰিকায়ো।
এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন হৈছে ইজৰাইলক সন্মুখত ৰাখি ইৰাণৰ বিৰুদ্ধে যুঁজি থকা আমেৰিকাই প্ৰত্যক্ষভাৱে ইৰাণক আক্ৰমণ কৰিব নেকি? এই প্ৰশ্নৰ উত্তৰ অৱশ্যে হোৱাইট হাউচেই দিছে।
হোৱাইট হাউচে প্ৰকাশ কৰা মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দুসপ্তাহৰ ভিতৰত ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব নে নকৰে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব। ট্ৰাম্পৰ উদ্ধৃতি দি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লেভিটে কয় যে, “এয়া সঁচা যে অদূৰ ভৱিষ্যতে (ইৰাণৰ সৈতে) বুজাবুজিৰ সম্ভাৱনা আছে। কিন্তু আমি সামৰিক অভিযানৰ পথত যাম নে নাযাম সেই সন্দৰ্ভত অহা দুসপ্তাহৰ ভিতৰত সিদ্ধান্ত লম।”
ট্ৰাম্পৰ মন্তব্য ৰাজহুৱা হোৱাৰ পিছত হোৱাইট হাউছে কয় যে, ট্ৰাম্পে এতিয়াই ইৰাণৰ সৈতে আলোচনাৰ পথ বন্ধ কৰিব বিচৰা নাই। কিন্তু হোৱাইট হাউছে পুনৰ এবাৰ স্পষ্ট কৰি দিছে যে তেহৰাণৰ ইউৰেনিয়াম সমৃদ্ধি কাৰ্যসূচীৰ সৈতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে একমত নহয়।
এই প্ৰসংগত ট্ৰাম্প প্ৰশাসনে কয় যে, “ৰাষ্ট্ৰপতিগৰাকীয়ে কূটনৈতিক সমাধান বিচাৰে। তেওঁ অন্যতম শ্ৰেষ্ঠ শান্তিপ্ৰেমী। যদি কূটনৈতিক সমাধানৰ পথ থাকে তেন্তে ৰাষ্ট্ৰপতিয়ে নিশ্চয় সেই পথত আগবাঢ়িব।”
উল্লেখ্য যে, বুধবাৰে আমেৰিকাৰ সংবাদ মাধ্যম ‘ব্লুমবাৰ্গ নিউজ’ৰ এক প্ৰতিবেদনত ট্ৰাম্প প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতিৰে প্ৰকাশিত এক বাতৰিত কোৱা হৈছিল যে, আমেৰিকাই চলিত সপ্তাহৰ শেষৰ ফালে ইৰাণক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে। বুধবাৰে হোৱাইট হাউছত ট্ৰাম্পক সোধা হৈছিল যে আমেৰিকাই সঁচাকৈয়ে ইৰাণক আক্ৰমণ কৰিব নেকি?
ইয়াৰ উত্তৰত ট্ৰাম্পে অস্পষ্টভাৱে কয়, “মই হয়তো কৰিম বা নকৰিম।” তাৰোপৰি ইজৰাইল চৰকাৰৰ এজন বিষয়াই বৃহস্পতিবাৰে এই প্ৰসংগত কৈছিল আমেৰিকাই ইৰাণৰ বিৰুদ্ধে প্ৰত্যক্ষ সংঘাতত লিপ্ত হ’ব নে নাই সেয়া অহা ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত গম পোৱা যাব।
স্মৰ্তব্য যে, ইৰাণৰ ‘বিনা চৰ্ত আত্মসমৰ্পণ’ৰ দাবী জনাই ট্ৰাম্পে তেহৰাণৰ সৈতে আলোচনাৰ বাট একপ্ৰকাৰে বন্ধ কৰিছিল। কিন্তু বৃহস্পতিবাৰে হোৱাইট হাউছৰ ঘোষণাত যিদৰে কূটনীতি আৰু কূটনৈতিক সমাধানৰ দৰে শব্দ একাধিকবাৰ ব্যৱহাৰ কৰা হৈছে, তাৰৱ পৰা স্পষ্ট হৈছে হোৱাইট হাউচে আলোচনাৰ দুৱাৰ মুকলি ৰাখিছে।
ইফালে আজি জেনেভাত ব্ৰিটেইন, জাৰ্মানী, ফ্ৰান্সৰ লগতে ইউৰোপীয় ইউনিয়নৰ প্ৰতিনিধিৰে এক বৈঠকত বহিব ইৰাণৰ বৈদেশীক মন্ত্ৰী। এই আলোচনালৈ আমেৰিকায়ো বাহিৰৰ পৰা সমৰ্থন দিছে। এই আলোচনাত মূলতঃ ইজৰাইলে উত্থাপন কৰি অহা পাৰমাণৱিক বোমাৰ প্ৰসংগৰ বিষয়ে আলোচনা হ’ব আৰু ইৰাণৰ পৰা এই সন্দৰ্ভত প্ৰতিশ্ৰুতি আদায় কৰাৰ চেষ্টা চলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *