বাংলাদেশত সক্ৰিয় ‘আইএমকে’ নামৰ এক মৌলবাদী সংগঠন !
আইএমকেৰ লক্ষ্য “গজৱাতুল হিন্দ”
চাইন অন ডেস্কঃ অসম আৰক্ষীৰ এছটিএফেৰ সাম্প্ৰতিক এক অভিযানত বাংলাদেশভিত্তিক উগ্ৰপন্থী সংগঠন ইমাম মাহমুদাৰ কাফিলা (চমুকৈ আইএমকে)ৰ সৈতে জড়িত ১১ জনকৈ ব্যক্তি অসম আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হৈছে। এছটিএফৰ অপাৰেচন প্ৰতিঘাত নামৰ সেই বিশেষ অভিযানত গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত বৰপেটা ৰোডৰ নাছিম উদ্দিন ওৰফে তামিম নামৰ এজনক অসমত সক্ৰিয় আইএমকে মডিউলৰ মুখ্য সমন্বয়কাৰী বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে, আইএমকে হৈছে বাংলদেশৰ কুখ্যাত জেহাদী গোষ্ঠী জামায়ত-ঊল মুজাহিদীন (জেএমবি)ৰ এটা উপশাখা।










প্ৰাপ্ত তথ্য মতে, ২০১৮ বৰ্ষত বাংলাদেশত জেএমবি সৈতে জড়িত জুৱেল মাহমুদ ওৰফে ইমাম মাহমুদ হাবিবুল্লাহ ওৰফে চোহেল নামৰ এজন ব্যক্তিয়ে আইএমকে গঠন কৰি নিজকে সংগঠনটোৰ আমীৰ বুলি দাবী কৰে।
আইএমকেৰ মূল লক্ষ্য এটাই “গজৱাতুল হিন্দ”; অৰ্থাৎ জেহাদী কাৰ্যকলাপ তথা সশস্ত্ৰ সংঘাত (armed conflict) কাৰ্যকলাপেৰে ভাৰত দখল কৰা। উল্লেখ্য যে, কেবল জেএমবিয়েই নহয়, এই সংগঠনটোৰ আনছাৰুল্লাহ বাংলা টিম (এবিটি) আৰু অল ক’য়দা ইন ইন্ডিয়ান চাবকন্টিনেন্ট ( একিউআইছ)ৰ সৈতে আদৰ্শগত ভাৱে সংযুক্ত বুলিও তদন্তত প্ৰকাশ পাইছে। আইএমকেই এনক্ৰিপ্টেড ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি “পূৰ্ব আকাশ” নামৰ এটা গোপন গোটৰ জৰিয়তে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত যুব প্ৰজন্মক উগ্ৰ ধৰ্মীয়কৰণ কৰাৰ প্ৰচেষ্টা চলাই থকাৰ সমান্তৰালকৈ নতুন সদস্যসকলৰ নতুন সদস্যসকলৰ পৰা ভিডিঅ’ৰ জৰিয়তে “বায়াত” অৰ্থাৎ আনুগত্যৰ শপথ লোৱা বুলিও উন্মোচিত হৈছে। আনকি, ভাৰতীয় চোৰাংচোৱা সন্থা একাংশৰ অনুসন্ধানত ২০২৪ চনৰ আগষ্ট মাহত বাংলাদেশৰ ৰাজনৈতিক পট পৰিবৰ্তনৰ পিছতেই আইএমকেৰ সদস্যসকলক ভাৰতত সক্ৰিয় হ’বলৈ নিৰ্দেশ দিয়াৰ এক তাৎপৰ্য্যপূৰ্ণ বিষয়ো উঠি আহিছে। মূলতঃ হাৱালা নেটৱৰ্কৰ জৰিয়তে ধনৰ লেনদেন চলোৱাৰ পৰিপ্ৰেক্ষিতত এই মৌলবাদী সংগঠনটোৰ সৈতে ৰাজ্যৰ ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় পশুধনকে ধৰি সক্ৰিয় অইন চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰৰ সৈতে সম্পৰ্ক গঢ়ি তুলা বুলিও কিন্তু সন্দেহ কৰা হৈছে।
