নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত শিঙিয়া পানীগাঁও ব্ৰহ্মচাৰী সত্ৰ আৰু হালোৱা গাঁৱত যোৱা মংগলবাৰে নিশা বনৰীয়া হাতীয়ে ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ উল্লেখ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীয়ে নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ উদমাৰি উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ বিভিন্ন অঞ্চলত এক আতংকময় পৰিস্থিতি সৃষ্টি কৰাত স্থানীয় ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগাত পৰিছে ৷ উদমাৰি উপ-খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত গ্ৰামাঞ্চলসমূহত বনৰীয়া হাতীয়ে নিশা হ’লেই উপদ্ৰৱ চলাই আহিছে । চামগুৰিৰ গ্ৰামাঞ্চলত বন্যহস্তীয়ে উপদ্ৰৱ চলাই বহুলোকৰ বাসগৃহৰ লগতে ধানৰ ভঁৰাল আৰু পাকঘৰ গোসাঁই ঘৰ ভাঙি তহিলং কৰাৰ লগতে খাদ্যবস্তুৰো অনিষ্টসাধন কৰিছে।
বাৰীৰ কলগছ,নাৰিকল গছ আদিকে খোৱাৰ লগতে তহিলং কৰিছে। দিনৰ ভাগত ঘন জংঘলত সোমাই থাকি নিশা হ’লেই পথাৰ আৰু গঞা ৰাইজৰ বাৰীত সোমাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আহিছে। যোৱা নিশা শিঙিয়া পানীগাঁৱৰ নিবাসী বীৰেন শৰ্মা আৰু বনমালী শৰ্মাৰ নাম লোক দুজনৰ ঘৰৰ গোসাঁই ঘৰ আৰু জগত শৰ্মা নামৰ লোকজনৰ ঘৰৰ ভৰাঁল ঘৰ আৰু ব্ৰহ্মচাৰী সত্ৰৰ অৰিন্দম শাণ্ডিল্যৰ ঘৰ,গোসাঁই ঘৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ড-ভণ্ড কৰে ৷ আনহাতে হালোৱা গাৱঁৰ নিবাসী লক্ষীৰাম বৰা নামৰ লোকজনৰ পকী ঘৰটো বনৰীয়া হাতীয়ে ভাঙি লণ্ড ভণ্ড কৰে৷ বনৰীয়া হাতীয়ে লোকজনৰ ঘৰৰ ভিতৰত থকা সামগ্ৰীসমূহ ভাঙি তহিলং কৰে বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে অভিযোগ কৰা মতে, বৃহত্তৰ চামগুৰিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে প্ৰতিবছৰেই উপদ্ৰৱ চলাই বহুলোকৰ বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰি আহিছে যদিও বন বিভাগৰ তৰফৰ পৰা উপযুক্ত ক্ষতিপূৰণ পোৱা নাই।
বন বিভাগৰ লোকে হাতী খেদাবলৈ আহে যদিও বিফল হয় বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। চামগুৰিৰ গ্ৰামাঞ্চল সমূহত বছৰৰ যিকোনো সময়তে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই বহুলোকৰ বাসগৃহ,ভঁৰালঘৰ আদি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে নাৰিকল গছ,কল গছ আৰু পথাৰৰ ধান আদি বৃহৎ ক্ষতিসাধন কৰি আহিছে যদিও বন বিভাগে বনৰীয়া হাতী খেদোৱাৰ স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱা অঞ্চলসমূহত বন বিভাগৰ লোক আহি বোমা ফুটাই হাতী খেদোৱাৰ চেষ্টা কৰে যদিও বিফল হয়। বন বিভাগে এইক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত পূৰ্বতকৈ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে বুলি অভিযোগ উঠিছে। স্থানীয় ভুক্তভোগী ৰাইজে অতি সোনকালে বন বিভাগৰ লগতে প্ৰশাসনক বনৰীয়া হাতী খেদোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.