...

লক্ষীমপুৰত ভাগ্য ফুলিব কাৰ ?

Spread the love

লক্ষীমপুৰত ভাগ্য ফুলিব কাৰ ?

লক্ষীমপুৰত বিজেপি-কংগ্ৰেছ সমুখ সমৰত

জ্যেষ্ঠ নেতা ঘন বুঢ়াগোহাঁইৰ বিৰুদ্ধে যুঁজিব মানব ডেকা

চাইন অন ডেস্ক:

লক্ষীমপুৰ বিধানসভা সমষ্টিত এইবাৰ বিজেপিৰ বৰ্তমানৰ বিধায়ক মানব ডেকা আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ঘন (Ghana Buragohain) বুঢ়াগোহাঁইৰ মাজত এক তীব্ৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। নিৰ্বাচনী যুঁজত এছ.ইউ.চি.আই (কমিউনিষ্ট)ৰ বিৰিঞ্চি পেগু, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ নুৰুল আলী আৰু নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বৰুৱাও অৱতীৰ্ণ হৈছে যদিও মূল যুঁজখন বিজেপি আৰু কংগ্ৰেছৰ মাজতে সীমাবদ্ধ থাকিব বুলি ধাৰণা কৰা হৈছে।
বিজেপিৰ বাবে এই নিৰ্বাচন বিশেষ তাৎপৰ্যপূৰ্ণ, কাৰণ ৫০ বছৰীয়া মানব ডেকাই ২০২১ চনত লক্ষীমপুৰ সমষ্টিৰ পৰা জয়ী হোৱা প্ৰথমজন বিজেপি প্ৰাৰ্থী হিচাপে ইতিহাস ৰচনা কৰিছিল। তেওঁ কংগ্ৰেছ প্ৰাৰ্থী জয় প্ৰকাশ দাসক ৩,০৩৬ টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল। ডেকাই ৭০,৩৮৭ টা ভোট লাভ কৰাৰ বিপৰীতে দাসে লাভ কৰিছিল ৬৭,৩৫১ টা ভোট।
নিৰ্বাচনৰ পূৰ্বে ডেকাই কয়, “২০২১ চনত যেতিয়া মই বিজেপিৰ প্ৰাৰ্থী হিচাপে লক্ষীমপুৰলৈ আহিছিলো, বহুতে কৈছিল যে ইয়াত জয়ী হোৱাটো অসম্ভৱ। কিন্তু লক্ষীমপুৰৰ ৰাইজে তেওঁলোকক ভুল প্ৰমাণিত কৰিলে। যোৱা পাঁচ বছৰত মই প্ৰতিটো দিন ৰাইজৰ সেই বিশ্বাসৰ মৰ্যাদা ৰাখিবলৈ উন্নয়নমূলক কামত নিয়োজিত কৰিছো।”
ডেকাৰ কাৰ্যকালৰ অন্যতম সফল প্ৰাপ্তি হৈছে লক্ষীমপুৰত অলিম্পিক বক্সাৰ লাভলীনা বৰগোহাঁইৰ নামত নিৰ্মাণ কৰা অত্যাধুনিক ক্ৰীড়া প্ৰকল্পটো। ইয়াৰ উপৰিও যাতায়ত ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰতো তেওঁ বিশেষ গুৰুত্ব দিছে।
আনহাতে, তেওঁৰ প্ৰতিদ্বন্দ্বী ৬০ বছৰীয়া ঘন বুঢ়াগোহাঁই লক্ষীমপুৰৰ ৰাজনীতিৰ এজন পৰিচিত মুখ। কংগ্ৰেছৰ এইগৰাকী জ্যেষ্ঠ নেতাই দুদশক পূৰ্বে ২০০৬ চনত এই আসনৰ পৰাই অগপ (প্ৰগতিশীল)ৰ প্ৰাৰ্থী উৎপল দত্তক ৪,৪৪৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয়ী হৈছিল। সুদীৰ্ঘ বিৰতিৰ পিছত বুঢ়াগোহাঁই পুনৰ নিৰ্বাচনী পথাৰত নামিছে আৰু কংগ্ৰেছৰ পুৰণি ভেটিৰ ওপৰত ভিত্তি কৰি তেওঁ ডেকাক প্ৰত্যাহ্বান জনাইছে।
বুঢ়াগোহাঁইৰ মতে, “উন্নয়ন মানে কেৱল এটা স্পৰ্টছ এৰিনা নিৰ্মাণ কৰাই নহয়। লক্ষীমপুৰৰ ৰাইজে প্ৰতি বছৰে বানপানীৰ সৈতে যুঁজিছে, চহৰখনৰ নলা-নৰ্দমাৰ অৱস্থা শোচনীয় আৰু যান-জঁটৰ সমস্যাই ৰাইজক অতিষ্ঠ কৰি তুলিছে। আমাৰ যুৱক-যুৱতীসকলে কৰ্মসংস্থাপনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছে। পাঁচ বছৰত এই মৌলিক সমস্যাবোৰৰ কোনো সমাধান নহ’ল।”
লক্ষীমপুৰৰ নিৰ্বাচনী ইতিহাসত ১৯৭২ চনৰ পৰা এতিয়ালৈকে অগপ ৫ বাৰ, কংগ্ৰেছ ৪ বাৰ, চিপিআই ১ বাৰ আৰু বিজেপি ১ বাৰ জয়ী হৈছে। বিশেষকৈ অগপৰ উৎপল দত্তই ১৯৮৫, ১৯৯৬, ২০০১, ২০১১ আৰু ২০১৬ চনত ৫ বাৰকৈ এই সমষ্টিটো নিজৰ দখলত ৰাখিছিল।
বানপানীৰ বিভীষিকা, চহৰৰ দুৰ্বল নলা-নৰ্দমা ব্যৱস্থা, যান-জঁট আৰু নিবনুৱা সমস্যাই এইবাৰো নিৰ্বাচনৰ মূল ইছ্যু হিচাপে পৰিগণিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *