...

লামডিং মহাবিদ্যালয়ত হিংসাত্মক ঘটনা

Spread the love

লামডিং মহাবিদ্যালয়ত হিংসাত্মক ঘটনা

নগাঁও:

 

 

 

লামডিং মহাবিদ্যালয়ত ছাত্র একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি হিংসাত্মক ঘটনা।
নিশা লামডিং মহাবিদ্যালয়ৰ ছাত্র একতা নিৰ্বাচনৰ প্ৰাকক্ষণত মাৰপিটৰ ঘটনা সংঘটিত হৈছে।মহাবিদ্যালয়ৰ সম্মুখতে NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্রৱৰ্তীক আক্ৰমণ।সিদ্ধাৰ্থ চক্রৱৰ্তীক ABVPৰ সদস্যই আক্রমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
NSUIৰ সদস্যসকলে নিশা বেনাৰ পোষ্টৰ লগোৱাৰ সময়ত ABVPৰ ছাত্ৰই মাৰপিটৰ ঘটনা সংঘটিত কৰে।মহাবিদ্যালখনত প্ৰায় ৬বছৰৰ পাছত আজি ১০ নৱেম্বৰ ২০২৫ত পুনৰ নিৰ্বাচন অনুষ্ঠিত হৈছে ।ইতিমধ্যে NSUI আৰু ABVP দুই দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে।আহত NSUIৰ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী সিদ্ধাৰ্থ চক্রৱৰ্তীক ততাতৈয়াকে অসামৰিক চিকিৎসালয়ত লৈ আহে।ঘটনাৰ খবৰ পাই চিকিৎসালয়ত লামডিং আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰে

Leave a Reply

Your email address will not be published. Required fields are marked *