চাৰিটাকৈ সজীৱ গুলি,এযোৰ নীলা ৰঙৰ গ্লভছ আৰু এযোৰ চেণ্ডেল উদ্ধাৰ
৬৫ হাজাৰ টকাত পিষ্টল কিনিছিল নগালেণ্ড সীমান্তৰ পৰা
এতিয়াও উদ্ধাৰ হোৱা নাই পিষ্টলটো
চাইন অন ডেস্ক:
সমগ্ৰ ডিব্ৰুগড় কঁপাই যোৱা উত্তম গগৈ ওৰফে চেংকাইৰ হত্যাকাণ্ডৰ ঘটনা লৈছে আন এক নতুন মুৰ। আৰক্ষীৰ অভিযানত পুনৰ চাৰিটাকৈ সজীৱ গুলি,এযোৰ নীলা ৰঙৰ গ্লভছ আৰু এযোৰ চেণ্ডেল উদ্ধাৰ কৰিছে।জানিব পৰা অনুসৰি উক্ত গ্ল’ভছ হত্যাকাণ্ডৰ কি কামত ব্যৱহাৰ হৈছিল,সেয়া ফৰেনচিকৰ দলে পৰীক্ষা কৰিব।লগতে পইন্ট ২২ চাইজৰ চাৰিটাকৈ গুলি উদ্ধাৰ হৈছে যদিও এই পৰ্যন্ত পিষ্টলটো বিচাৰি পোৱা নাই।উক্ত পিষ্টলৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই আছে।
সম্ভৱত উক্ত পিষ্টলটোত দুটা গুলী সোমাই থকাৰো সন্দেহ কৰা হৈছে।ডিব্ৰুগড়ৰ আৰক্ষীয়ে উক্ত পিষ্টলৰ সন্ধানত ব্যাপক অভিযান চলাইছে।আনহাতেদি এক সূত্ৰৰ মতে উক্ত পিষ্টলটোৰ এটা গুলী কিছুদিনৰ পূৰ্বে বগীবিল দলঙত ফুটাই পৰীক্ষা কৰা বুলিও খবৰ পোৱা গৈছে।ইফালে আৰক্ষীৰ জিম্মাত থকা ববী আৰু দীপজ্যোতিয়ে বাৰে বাৰেই বিভ্ৰান্ত কৰিছে তদন্তকাৰী আৰক্ষী বিষয়াক।সঠিককৈ কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই হত্যাকাৰী ববী সোণোৱাল আৰু দীপজ্যোতি বুঢ়াগোহাঁইয়ে। অকাই-পকাই কথাবোৰ কোৱাত দোমোজাত পৰিছে আৰক্ষী।পিষ্টলটোৰ বিষয়ে দীপজ্যোতিয়ে সঠিককৈ একো নাজানো বুলি কৈ গৌৰাংগ পাত্ৰই জানে বুলি কোৱাত,আজি যোৰহাটৰ শিশু গৃহৰ পৰা গৌৰাংগক ডিব্ৰুগড়লৈ অনা হৈছে।এতিয়া গৌৰাংগৰ জবানবন্দীৰ পাছতহে প্ৰকৃত সত্যটো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
৬৫ হাজাৰ টকাত পিষ্টল কিনিছিল নগালেণ্ড সীমান্তৰ পৰা
আজি উদ্ধাৰ হোৱা গুলীৰ পৰাই হত্যাকাৰীৰ লগত এটা পিষ্টল থকাটো প্ৰায় নিশ্চিত হৈছে।জানিব পৰা অনুসৰি হত্যাকাৰী গৌৰাংগ পাত্ৰই(মৰাণত কৰ্মৰত এগৰাকী বেটেলিয়নৰ পুত্ৰ) উক্ত পিষ্টল ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল আৰু দীপজ্যোতি বুঢ়াগোহাঁইসহ নগালেণ্ডৰ পৰা উক্ত পিষ্টল ৬৫ হাজাৰ টকাত ক্ৰয় কৰা বুলিও প্ৰকাশ।জানিব পৰা অনুসৰি চুপাৰি কিলাৰক আগধন হিচাপে দিয়া টকাৰ পৰাই উক্ত পিষ্টল ক্ৰয় কৰিছিল।
সূত্ৰৰ মতে চেংকাইক তিনিবাৰকৈ হত্যাৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও শেষৰ বাৰহে অৰ্থাৎ ২৫ জুলাইৰ নিশা চূড়ান্ত ৰূপ দিবলৈ সক্ষম হয়।যদিহে উক্ত দিনাও হত্যা কৰিব নোৱাৰিলেহেঁতেন,তেন্তে ক্ৰয় কৰা পিষ্টলটোৰ সহায়তে চেংকাইক গুলীয়াই হত্যা কৰাৰ অৱকাশো নথকা নহয়।মুঠৰ ওপৰত চেংকাইক হত্যা কৰা কথাটোত চাৰিও হত্যাকাৰীয়ে দৃঢ়প্ৰতিজ্ঞ আছিল।
কোন এই ববী সোণোৱাল গগৈ ? ২৩ বছৰৰ পূৰ্বে মৃত্যু হৈছিল উদণ্ড পিতৃ
স্বামী হত্যাকাৰী ববী সোণোৱাল, ঘৰৰ একমাত্ৰ জীয়ৰী বুলি জানিব পৰা গৈছে।বৰবৰুৱাৰ দুলীয়া-কাকতি গাওঁৰ নিৱাসী পিতৃ সোণোৱাল কছাৰী সম্প্ৰদায়ৰ হলেও ববীৰ মাতৃ চাহ জনজাতিৰ।জানিব পৰা অনুসৰি প্ৰায় ২৩ বছৰৰ পূৰ্বে ববীৰ উদণ্ড দেউতাক ঢুকাইছিল।অৰ্থাৎ, একেবাৰেই কিশোৰী কালতেই ববীয়ে পিতৃক হেৰুৱাইছিল।একমাত্ৰ মাকৰ সৈতে জীৱন যাপন কৰি বৰবৰুৱাৰ ৰামেশ্বৰ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল ববীয়ে।আনহাতে পৰিয়ালটো বিশেষ অৱস্থা সম্পন্ন নহলেও সুখৰে চলি আছিল আৰু সৰুৰে পৰাই ববী অলপ উচ্চাকাংক্ষী মনোবৃত্তিৰ আছিল।কালক্ৰমত ডিব্ৰুগড়ৰ ফ’ৰ লেনত(বাই পাচ) ববীহঁতৰ ঘৰৰ মাটি যোৱাত এক বিশাল পৰিমাণৰ ধন লাভ কৰে আৰু ইয়াৰ সমান্তৰালকৈ উত্তম গগৈৰ(চেংকাই) সতে আছিল প্ৰেমৰ নিবিড় সম্বন্ধ।এনেদৰেই এসময়ত চেংকাইৰ সতে বিবাহ পাশত আবদ্ধ হয় ববী সোণোৱাল।চেংকাইৰো প্ৰাথমিক অবস্থাত বৰ টনকিয়াল নাছিল।বৰবৰুৱা বজাৰত এখন সৰু শাক-পাচলিৰ দোকান দি জীৱন নিৰ্বাহ কৰিছিল আৰু ববী সোণোৱালৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱাৰ পাছত চেংকাইৰ জীৱনলৈ এক নাটকীয় পৰিৱৰ্তন আহে।ববীৰ পৰিয়ালে ফ’ৰ লেনৰ পৰা লাভ কৰা টকাৰ কিছু অংশ লাভ কৰে জোঁৱায়েক উত্তম গগৈয়ে আৰু তাৰ পিছত চেংকাইয়ে পিছলৈ ঘূৰি চাব লগীয়া হোৱা নাই।এখন সৰু শাক-পাচলিৰ দোকানৰ পৰাই কালক্ৰমত
হলগৈ বিশাল সাম্ৰাজ্যৰ অধিকাৰী চেংকাই।তাৰ পিছত চেংকাই বৰবৰুৱাত এগৰাকী অমায়িক ব্যৱসায়ী হিচাপে প্ৰতিস্থিত হৈ কোটি টকাৰ গৰাকী হল।
ধনৰ মোহত পৰি হত্যা নে নেপথ্যত আন কিবা ?
কিহৰ তাড়নাত পৰি পত্নীয়ে হত্যা কৰিব লগা হল নিজ স্বামীক ? অগাধ সম্পত্তিৰ মালিকনী হোৱাৰ পিছতো, এক প্ৰাসাদোপম নৱনিৰ্মিত গৃহ সাজি থকাৰ পাছতো কিয় এনে জঘন্য সিধান্ত ললে ববী সোণোৱাল গগৈয়ে ? আকৌ নিজ জীয়ৰীয়েও এনে সিধান্তত পূৰ্ণ সন্মতি দিয়াৰ অন্তৰালত কি ? কেৱল পৰকীয়া প্ৰেমেই নে আন কিবা ? এতিয়া এনে প্ৰশ্ন সকলোতে ব্যাপক চৰ্চা লভিছে।
অগাধ ধনৰ গৰাকী হোৱাৰ পাছত হয়তো ববী, অলপ বেপেৰুৱা হৈ পৰিছিল বুলিও স্থানীয় একাংশই মত পোষণ কৰিছে।সন্তানৰ শিক্ষাৰ বাবেই সময়ত স্কুল গৈ নোপোৱাৰ দুহাই দি ডিব্ৰুগড়ৰ বৈৰাগীমঠ আৰু জীৱন ফুকন নগৰত ভাড়া ঘৰ লৈছিল।যদিও নিশা এপৰলৈ ববীৰ ভাড়া ঘৰলৈ বহু অচিনাকি লোকৰ পয়োভৰ হোৱাত ঘৰৰ মালিকে ঘৰ খালি কৰিবলৈও বাধ্য কৰোৱাৰ খবৰ হাতত পৰিছেহি।আনহাতেদি সৰুৰে পৰা ৱেইট লিফ্টিঙত চখ থকা ববীৰ জীয়ৰীয়ে জিম গৈছিল।সেয়ে ইমান কম বয়সতে জীয়ৰীৰ দেহৰ গঠনো চকুত লগা ধৰণৰ আছিল।কেবল সিমানেই নহয়,গুৰুতৰ অভিযোগ মতে জীয়ৰীয়ে অধ্যয়ন কৰি থকা বিদ্যালয়ৰ চাদৰ ওপৰত অপকৰ্ম কৰি থকা অবস্থাত কতৃপক্ষই ধৰা পেলাইছিল আৰু অভিভাৱকক এই বিষয়ত জবাবদিহি কৰা বুলিও প্ৰকাশ।ববী সোণোৱাল গগৈৰ জীয়ৰীৰ প্ৰেমিক দীপজ্যোতি বুঢ়াগোহাঁই প্ৰথম প্ৰেমিক নাছিল।ইয়াৰ পূবে একাধিক লৰাৰ সৈতেও সম্পৰ্ক থকাৰ অভিযোগ আছে।নিজ পত্নী আৰু জীয়ৰীৰ এনে কাণ্ডই একপ্ৰকাৰ হতাশগ্ৰস্ত কৰি তুলিছিল চেংকাইক।চেংকাইৰ মৃত্যুৰ দুদিনমানৰ পূবে প্ৰায় ৫০ লাখ টকাৰ লেনদেন হোৱাৰ বিষয়েও অৱগত আছিল ববী আৰু জীয়ৰী।