...

ফিজিঅ’থেৰাপিষ্টৰ ‘ডাঃ’ উপসৰ্গ ব্যৱহাৰ

Spread the love

ফিজিঅ’থেৰাপিষ্টৰ ‘ডাঃ’ উপসৰ্গ ব্যৱহাৰ

বিভ্ৰান্তিকৰ প্ৰতিবেদনত সংশোধনৰ দাবী

 

ডিব্ৰুগড়:

ডিব্ৰুগড়ৰ ফিজিঅ’থেৰাপিষ্টসকলে শেহতীয়াকৈ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সংশোধন জনাই উল্লেখ কৰে যে ফিজিঅ’থেৰাপিষ্টসকলৰ নামৰ আগত “Dr” উপসৰ্গ ব্যৱহাৰ কৰি তেওঁলোকৰ মৰ্যাদা ভুলকৈ উপস্থাপন কৰা হৈছে।
যোৱা ১১ ছেপ্টেম্বৰত সমগ্ৰ দেশৰ বাতৰি কাকত, নিউজ চেনেল, ৱেব পৰ্টেলত ব্যাপকভাৱে প্ৰচাৰিত এই বাতৰিটোত ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে (ডিজিএইচএছ) ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত জাৰি কৰা পত্ৰৰ ভিত্তিত ফিজিঅ’থেৰাপিষ্টসকলে “ডাঃ” উপাধি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
কিন্তু জাৰি কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছত ২০২৫ চনৰ ১০ ছেপ্টেম্বৰত ডিজিএইচএছে পত্ৰখন প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে।
ডিব্ৰুগড়ৰ এচিপিএইচএছৰ বিভাগৰ মুৰব্বী ফিজিঅ’থেৰাপিষ্ট ডাঃ শ্ৰীকান্ত চিকতিয়া আৰু সহযোগী ফিজিঅ’সকলে এই ভুল তথ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা পত্ৰত স্পষ্ট কৰি দিয়ে যে ভাৰত চৰকাৰৰ নেশ্যনেল কমিছন ফৰ এলাইড এণ্ড হেল্থকেয়াৰ প্ৰফেচনছ এক্ট (এনচিএএইচপি), ২০২১ৰ অধীনত ফিজিঅ’থেৰাপিষ্টসকলক স্বতন্ত্ৰ স্বাস্থ্যসেৱা পেছাদাৰী হিচাপে স্বীকৃতি দিয়া হৈছে। এই আইনখনে যোগ্য ফিজিঅ’থেৰাপিষ্টসকলক “পিটি”(ফিজিঅ’থেৰাপিষ্ট)
প্ৰত্যয়ৰ সৈতে “ড” উপসৰ্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে।
ডাঃ ছিকতিয়াই আঙুলিয়াই দিয়ে যে ভুল খবৰটোৱে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰিছে আৰু ফিজিঅ’থেৰাপিষ্টৰ সুনামত বিৰূপ প্ৰভাৱ পেলাইছে।তেওঁ সংশ্লিষ্ট সংবাদ মাধ্যমক অনুৰোধ জনাইছে যে বৰ্তমানৰ আইন অনুসৰি ফিজিঅ’থেৰাপিষ্টসকলে “ডাঃ” উপাধি ব্যৱহাৰ কৰিবলৈ অনুমোদিত বুলি দৃঢ়তাৰে স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈও আবেদন জনাই।তেওঁ আৰু ডিব্ৰুগড়ৰ সংবাদ মাধ্যমক ফিজিঅ’থেৰাপিৰ বৃহত্তৰ স্বাৰ্থত এই স্পষ্টীকৰণ প্ৰকাশৰ বাবে আহ্বান জনায়।
এনচিএএইচপিৰ অধিসূচনা আৰু প্ৰত্যাহাৰ কৰা ডিজিএইচএছ পত্ৰকে ধৰি প্ৰাসংগিক নথি-পত্ৰসমূহ ডাঃ ছিকটিয়াই দাখিল কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *