...

ঢকুৱাখনাত অনুৰাধা গগৈৰ স্মাৰক গ্ৰন্থ উন্মোচন

Spread the love

ঢকুৱাখনাত অনুৰাধা গগৈৰ স্মাৰক গ্ৰন্থ উন্মোচন

ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা

ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষয়িত্ৰী তথা সমাজকৰ্মী প্ৰয়াত অনুৰাধা গগৈৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত ‘অনুৰাধাৰ আভা’ শীৰ্ষক
স্মাৰক গ্ৰন্থখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অনুৰাধা গগৈ সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা এক গাম্ভিৰ্যপূৰ্ণ অনুস্থানত
‘অনুৰাধাৰ আভা’ শীৰ্ষক স্মাৰক গ্ৰন্থখন উন্মোচন কৰে ঢকুৱাখনা নৰ্মাল স্কুলৰ অধ্যক্ষ লক্ষী কোঁৱৰে। সাংস্কৃতিক কৰ্মী গণেশ চমুৱাৰ সম্পাদনাত প্ৰকাশিত স্মাৰক গ্ৰন্থখন উন্মোচন কৰি শিক্ষাবিদগৰাকীয়ে অনুৰাধা গগৈৰ জীৱন আৰু কৰ্মৰ ওপৰত বক্তব্য প্ৰদান কৰে। কন্ঠশিল্পী ৰিকি সূতে এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত অৱসপ্ৰাপ্ত শিক্ষয়িত্ৰী। তথা সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী পুস্পা গগৈয়ে বক্তব্যত কয় যে -মানুহৰ জীৱনৰ গতি কেতিয়া কোনফালে ঢাল খায়,কেতিয়া কি হয় আমি কোনেও নাজানো।যিহেতু মানুহৰ জীৱন অনিশ্চিত, সেয়েহে জীৱিত অৱস্থাত কিছুমান ইতিবাচক কাম কৰি যাব পাৰিলেই জীৱন ধন্য হৈ যায়, যি পিছলৈ মানুহক স্মৰণীয় কৰি ৰাখে।জ্ঞানী লোকসকলে সদায় নতুন জ্ঞান আহৰণ কৰে, তাক প্ৰয়োগ কৰে আৰু অজ্ঞানতা আঁতৰাই জীৱনক সঠিক পথত পৰিচালিত কৰে বুলি তেওঁ ভাষণত উল্লেখ কৰে।উন্মোচনী সভাত ঢকুৱাখনা কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰজনী চেতিয়া,ঢকুৱাখনা মহাবিদ্যাল়য়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ভোলা গগৈ,প্ৰবীণ সাংবাদিক কুশল গগৈ,শিক্ষাবিদ দিগেন্দ্ৰ নাথ হাজৰিকা,লিখন বুঢ়াগোহাঁই,পদ্মা বৰা,প্ৰয়াত অনুৰাধা গগৈৰ স্বামী ভুৰাম গগৈ, একমাত্ৰ কন্যা নীতিশিখা গগৈ ভূঞা, জোঁৱাই ঋতুপৰ্ণ ভূঞা আদিকে কৰি গ্ৰন্থখনি বিভিন্ন লেখনিৰে সমৃদ্ধ কৰা ভালে সংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *