...

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

Spread the love

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদমেল

কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল ‘মনৰেগা’ আঁচনিত

*চাইন অন ডেস্ক:*

কংগ্ৰেছৰ দিনত মনৰেগা আঁচনিৰ নামত ব্যাপক ৰূপত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপৰিবহন মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ৰূপায়ন কৰা ‘বিকশিত ভাৰত জি ৰাম জি’ আইনখনৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, কংগ্ৰেছৰ দিনত পূৰ্বে মনৰেগাৰ জৰিয়তে মানুহে ১০০ দিনৰ কাম পাইছিল। এতিয়া জি ৰাম জিৰ জৰিয়তে লাভ কৰিব ১২৫ দিনৰ কাম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰশংসা কৰি সোণোৱালে সংবাদমেলত লগতে কয়, বিগত ১১ বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শক্তিশালীভাৱে এনডিএ চৰকাৰক নেতৃত্ব বহন কৰি আছে। প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষৰ সকলো জাতি-জনগোষ্ঠী, ভাষা-ভাষী, ধৰ্মাৱলম্বী আদি লোকক লৈ ‘সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস’ আদি সাৰ্বজনীন নীতিৰে দেশসেৱাত নিষ্ঠাসহকাৰে আত্মনিয়োগ কৰিছে। যাৰ বাবে ৭০ বছৰৰ পিছতে দেশৰ জনগণে সামাজিক ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছৰ দিনত ‘গৰিবী হটাও’ এক ৰাজনৈতিক শ্লোগানতে সীমাবদ্ধ হৈ থাকিল। দৰিদ্ৰ জনসাধাৰণৰ বাবে কোনোধৰণৰ প্ৰয়োজনীয় পদক্ষেপ ল’ব পৰা নাছিল। সেইবাবে কংগ্ৰেছৰ প্ৰতিটো আঁচনিয়েই বিফল হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোডী দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে ৬০ কোটি মানুহৰ বেংক একাউন্টেই নাছিল। কিন্তু যেতিয়া নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল’লে, তেতিয়া দেশৰ জনসাধাৰণৰ মাজত বিত্তীয় চেতনা জগাই তুলিবলৈ সক্ষম হৈছিল। এতিয়া ৬০ কোটি জনতাই বেংক একাউন্ট খুলিবলৈ সক্ষম হৈছে। ইয়াৰ ফলত ২৫ কোটি দৰিদ্ৰ জনতাই সফলতা লাভ কৰিছে। আনহাতে এনেধৰণৰ উল্লেখযোগ্য সফলতাই প্ৰতিটো পৰিয়ালক আত্মবিশ্বাসেৰে জীয়াই থকাৰ মনোবল যোগান ধৰিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয় যে, আন্তঃগাঁথনি যোগাযোগ ব্যৱস্থা সফল কৰি তোলাৰ বাবে বিশ্বৰ বুকুত চতুৰ্থ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষই। প্ৰতিখন গাঁও যেতিয়া আৰ্থিকভাৱে সফল হ’ব, তেতিয়া শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হ’ব ভাৰতবৰ্ষ। ২০৪৮ চনত ভাৰতবৰ্ষক শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ পণ লোৱা হৈছে। প্ৰতিটো মন্ত্ৰালয়ে দেশৰ জনগণৰ সহযোগত আঁচনিসমূহ সফল ৰূপ দিছে। বিকশিত ভাৰত জি ৰাম জি আঁচনিয়ে বাপুজীৰ আদৰ্শৰে গ্ৰাম্যঞ্চলৰ লোকসকলৰ নিয়োগ নিশ্চিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। কংগ্ৰেছৰ দিনত ‘মনৰেগা’ আঁচনিখন আন্তৰিকতাৰে গ্ৰহণ কৰা নাছিল। ‘মনৰেগা’ সঠিকভাৱে ৰূপায়ন হোৱা নাছিল। আনহাতে কামৰ বিনিময়ত পাবলগীয়া ধন সময়মতে পোৱা নাছিল। যাৰ বাবে মনৰেগা বিফল হ’ল। পূৰ্বে ১০০ দিনৰ কাম পাইছিল, এতিয়া ১২৫ দিনৰ কাম পাব। এসপ্তাহৰ ভিতৰত শ্ৰমিকে প্ৰাপ্য ধন লাভ কৰিব। গাঁও অঞ্চলৰ সম্পদ আৰু সম্ভাৱনাৰ শক্তিক আমাৰ ১২৫ দিনৰ কৰ্মৰ আঁচনিত আত্মনিয়োগ হ’ব। গাঁৱৰ সমাজখন উৎপাদনৰ ক্ষেত্ৰত শক্তিশালী হ’ব। কৰ্মৰ জৰিয়তে বৈপ্লৱিক পৰিৱৰ্তন আহিব। গাঁৱৰ মানুহে আত্মসন্মানেৰে জীয়াই থাকিব। উৎপাদনৰ ক্ষেত্ৰত অংশীদাৰীত্বৰে কাম কৰিব গ্ৰাম্যঞ্চলৰ লোকসকলে। সন্মানসহকাৰে জীৱনৰ বাটত আগবাঢ়িবলৈ সক্ষম হ’ব যুৱক-যুৱতীসকল। মনৰেগাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ আনি সোণোৱালে লগতে কয়, ভুৱা নথি পত্ৰৰে মনৰেগাত কাম কৰিলে। বহু ভুৱা নাম সন্নিৱিষ্ট কৰা হ’ল। মানুহৰ পাবলগীয়া ধন পোৱা নাছিল। সেই সময়ত একাউন্টৰ ব্যৱস্থা নাছিল। এতিয়া প্ৰধানমন্ত্ৰীয়ে জন ধন যোজনাৰ জৰিয়তে সেই সকলোবোৰ ব্যৱস্থা সম্ভৱ কৰি তুলিলে। প্ৰধানমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ভাৰতবৰ্ষই দোপতদোপে আগবাঢ়িছে। বিশ্বৰ সকলো ৰাষ্ট্ৰৰ সৈতে ফেৰ মাৰিব পৰা অৱস্থাত আছে ভাৰতবৰ্ষ। কংগ্ৰেছৰ ৫৫ বছৰীয়া কাৰ্যকালত কেৱল ১২ লাখ মানুহৰ মাজতে গেছৰ সংযোগ সীমাবদ্ধ আছিল। বিজেপিৰ ১১ বছৰত ৩৩ লাখ মানুহৰ ঘৰত সংযোগ হৈছে গেছ। শৌচালয় নাছিল কংগ্ৰেছৰ দিনত। প্ৰদূষণমুক্ত ব্যৱস্থাত গুৰুত্ব দিয়া নাছিল। পৰিয়ালকেন্দ্ৰীক ৰাজনীতিৰ বাবে প্ৰতিটো আঁচনি বিফল হৈছিল। প্ৰধানমন্ত্ৰীৰ সুযোগ্য নেতৃত্বত জনসাধাৰণে ন্যায় পাবলৈ সক্ষম হৈছে। জি ৰাম জি আঁচনিৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বৃদ্ধি পাব। বেচা-কিনাত শক্তি বৃদ্ধি পাব সাধাৰণ জনগণে। উপাৰ্জনৰ বাট মুকলি হ’ব। প্ৰধানমন্ত্ৰীয়ে সংস্কাৰ নীতিৰে জি ৰাম জি আইন ৰূপায়ন কৰা হৈছে। এই আইনৰ জৰিয়তে ভাৰতবাসীয়ে সামাজিক ন্যায় লাভ কৰিব আৰু অৰ্থনৈতিকভাৱে সৱল কৰি তুলিব। গ্ৰাম্যঞ্চল শক্তিশালী হ’লেহে ভাৰত শক্তিশালী হ’ব। উল্লেখ্য যে, আজিৰ সংবাদমেলত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি দুলাল বৰা, মন্ত্ৰী প্ৰশান্ত ফুকন, বিজেপি নেতা লক্ষ্য কোঁৱৰ, পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মামুন গগৈ মিত্ৰ আদিকে ধৰি ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *