মানকাচৰৰ UCO বেংকত ১২ লাখ টকা চুৰি ?
বেংকৰ ভিতৰতেই উদ্ধাৰ হল চুৰি হোৱা বেংকৰ টকা !
চুৰি কাণ্ডত বেংক কৰ্মচাৰী জড়িত!
মানকাচৰ:
সৰিয়হ দুলিতেই ভুত!ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপত আত্মপ্ৰকাশ কৰে।এইখন অসমতেই এই ঘটনা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ কালোঘাটপাৰৰ ওচৰত অৱস্থিত ২ নং UCO বেংকত কালি দিন দুপৰতে এক চুৰি কাণ্ড সংঘটিত হোৱা বুলি বেংকৰ মেনেজাৰে মানকাচৰ আৰক্ষী থানাত খবৰ দিয়ে।
শাখাটোৰ তলা কাটি চোৰে বেংকৰ ভিতৰলৈ প্ৰৱেশ কৰি চুৰি সংঘটিত কৰে বুলি আৰক্ষীক জনোৱাত আৰক্ষীয়ে ততাতৈয়াকৈ বেংকৰ শাখা উপস্থিত হয়।
শাখাটোৰ মেনেজাৰে জনোৱা মতে আবেলি আঢ়ৈ বজাত আহাৰ গ্ৰহণৰ বাবে বেংকৰ কৰ্মচাৰীসকলে শাখাটো তলা বন্ধ কৰি বাহিৰলৈ গৈছিল আৰু আহাৰ খাই আহি দেখিলে শ্বুটাৰ খনৰ তলাটো ভঙা অৱস্থাত আছিল।
এই ঘটনাত ১২ লাখ টকা চুৰি হোৱা বুলি জানিব দিয়ে কতৃপক্ষই।বেংকৰ চিচি কেমেৰা ৰহস্যজনক ভাবে বন্ধ হৈ থকাত আৰক্ষীৰ মাজত সন্দেহৰ উদ্ৰেক হয়।
মানকাচৰ আৰক্ষী আৰু পৰবৰ্তী সময়ত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ SP বেংকত উপস্থিত হৈ তদন্ত কৰাত বেংকৰ ভিতৰৰ পৰাই চুৰি হোৱা ৯:৫০ লাখ টকা উদ্ধাৰ কৰে বুলি SP এ সদৰী কৰে।
ঘটনা সন্দৰ্ভত এজন বেংক কৰ্মচাৰীক নিশা আটক কৰি মানকাচৰ আৰক্ষীয়ে থানালৈ সোধা পোচাৰ বাবেই লৈ যায়।
এই চুৰি কাণ্ডত UCO বেংক শাখাৰ মেনেজাৰ,কৰ্মচাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।