...

NSCN (K) বিদ্ৰোহীয়ে অপহৰণ কৰা দুজন শ্ৰমিকক উদ্ধাৰ

Spread the love

NSCN (K) বিদ্ৰোহীয়ে অপহৰণ কৰা দুজন শ্ৰমিকক উদ্ধাৰ

খোনছা বেটেলিয়ন ASSAM RIFLESৰ সাফল্য

চাইন অন ডেস্ক:

অৰুণাচলৰ টিৰাপ জিলাৰ দাদাম চক্ৰৰ জেন এৰিয়া ভিলেজ লাহুত পথ নিৰ্মাণত নিয়োজিত হৈ থকা মেছাৰ্ছ আগৰৱালাৰ দুজন শ্ৰমিকক যোৱা ১৮ অক্টোবৰত বিয়লি প্ৰায় ৪ বজাত বিদ্ৰোহী সংগঠন এন এছ চি এন (কে) ৭/৮ জনীয়া এটা দলে অপহৰণ কৰাৰ সন্দৰ্ভত লাভ কৰা তথ্যৰ ভিত্তিত খোনছা বেটালিয়ন অসম ৰাইফলছে উদ্ধাৰ অভিযানৰ এক পৰিকল্পনা কৰে।
অৰুণাচলৰ লংডিং আৰক্ষীৰ সৈতে এক সাহসী যৌথ অভিযানত এৰিয়া জেনেৰেল এঙগিছা কে নোকনা ট্ৰ আৰু জেনেৰেল এঙগিনু কে নোকনা ট্ৰত দুটা এম্বুছ স্থাপন কৰি বিদ্ৰোহীক বাধা প্ৰদান কৰে আৰু অপহৰণ কৰা দুগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আজি ১৯ ​​অক্টোবৰৰ পুৱা প্ৰায় ৫.৫০ বজাত বিদ্ৰোহীৰ এটা শিবিৰত গুলীচালনা কৰে আৰু দলটোৱে অপহৰণ কৰা শ্ৰমিকসকলৰ সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰিব সক্ষম হয়।
প্ৰথম পয্যায়ত সৰ্বোচ্চ গুৰুত্বপূৰ্ণ বুলি মনত ৰাখি অভিযানকাৰী সেনাৰ দলটোৱে ক্ষুদ্ৰ অস্ত্ৰ আৰু মৰ্টাৰৰ গুলীৰে প্ৰত্যাক্ৰমণ চলাই।ইয়াৰ পিছতে তালাচী চলাই অপহৃত শ্ৰমিক দুজনক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনা হয়।
এই সফল অভিযান এতিয়াও অগ্ৰগতিৰ লগতে অঞ্চলটোৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে অসম ৰাইফলছৰ দায়বদ্ধতা প্ৰদৰ্শন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *