ৰাছিয়াৰ পৰা তেল আৰু সামৰিক সঁজুলি ক্ৰয় কৰাক লৈ ভাৰতৰ প্ৰতি অসন্তুষ্ট মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। ৰাছিয়াৰ সৈতে বাণিজ্যিক চুক্তি চলাই থকাৰ বাবেই ভাৰতৰ বিৰুদ্ধে
ইপিনে, মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছ দলে। কংগ্রেছে এই সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ৰাষ্ট্ৰপতি ট্রাম্পৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ বন্ধুত্বৰ বাবেই এই আদায় দিবলগীয়া হৈছে। আনহাতে, মার্কিন ৰাষ্ট্ৰপতিৰ ঘোষণাৰ পাছতে নতুন দিল্লীয়ে বিবৃতিযোগে প্রতিক্রিয়া ব্যক্ত কৰিছে। ভাৰতৰ স্বাৰ্থত দেশখনে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰিব বুলি বিবৃতিযোগে প্রকাশ কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে বিবৃতিত উল্লেখ কৰে যে ট্রাম্পৰ ঘোষণা কেন্দ্ৰই গুৰুত্বসহকাৰে লৈছে।
চৰকাৰে এই ঘোষণাক সঠিকভাৱে অধ্যয়ন কৰিব। বিগত কিছু মাহ ধৰি দুয়োখন দেশে পাৰস্পৰিক বুজাবুজি আৰু ভাৰসাম্যও বজাই ৰাখি বাণিজ্য চুক্তি সম্পাদন কৰাৰ বাবে আলোচনা চলাই আছে। এই আলোচনা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি ট্রাম্পে আৰোপ কৰা অতিৰিক্ত শুল্কক লৈ দেশৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখাৰ বাবে নতুন দিল্লীয়ে সকলো প্রয়োজনীয় পদক্ষেপ ল’ব।