...

পৰ্বতঝোৰাৰ দেৱীতলাত অনুষ্ঠিত বিজয় সংকল্প যাত্ৰা

Spread the love

পৰ্বতঝোৰাৰ দেৱীতলাত অনুষ্ঠিত বিজয় সংকল্প যাত্ৰা

সমাৰোহত অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুল ইঞ্জিন একেলগে চলিলে বিটিআৰবাসী ৰাইজৰ সমবিকাশ হব:মূখ্যমন্ত্ৰী ডঃ শৰ্মা

 

গুৱাহাটী:

বিটিআৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিকদলে নিজৰ নিজৰ স্থিতি প্ৰদৰ্শণ কৰি থকা সময়তে আজি পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত দেৱীতলাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ বিজয় সংকল্প যাত্ৰাৰ ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰ জিলা বিজেপি দলৰ উপসভাপতি তথা তিনিবাৰৰ প্ৰাক্তণ বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে আতঁ ধৰা ৰাজহুৱা সভাখনত অসমৰ মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত কয় যে বিটিআৰৰত ট্ৰিবুল ইঞ্জিনৰ চৰকাৰ চলিলে বিটিআৰবাসী ৰাইজৰ সম বিকাশ আৰু সম উণ্ণয়ণ হব বুলি উল্লেখ কৰে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ ৰাইজে বিচৰা ধৰণেই এইবাৰ বিজেপি দলে কোনো দলৰ লগত মিত্ৰতা নকৰি অকলেই নিৰ্বাচন খেলিব বুলি কয় । তেওঁ কয় যে বিটিচি চুক্তি হোৱাকে ধৰি বিটিআৰ চুক্তি আদিকে অঞ্চলটোৰ শান্তিৰ পৰিবেশ ঘূৰি অহাৰ মূলতে হৈছে বিজেপি দলৰ নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ। বড়োভূমিত এটাসময়ত যি এক অশান্তিকৰ পৰিবেশ বিৰাজ কৰি কৰিছিল। কিন্তু তেওঁ মূখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা বড়োওভূমিত এটাও গুলি ফুটা নাই বুলি উল্লেখ কৰে। তেওঁ কয় যে বড়োভূমিৰ কোনো ৰাজনৈতিক দলৰ লগত কোনো বেয়াভাব নাই। কিন্তু বিটিআৰ অঞ্চলৰ সাধাৰণ ৰাইজৰ উণ্ণয়ণ তথা কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ চৰকাৰী চাকুৰিকে ধৰি চৰকাৰী সা সুবিধা পাবলৈ সক্ষম হোৱাটো বিজেপি দলে বিচাৰিছে।
তেওঁ কয় যে, বিটিআৰৰ নিৰ্বাচনক বিজেপি দলে সেইবাবে এইবাৰ অধিক গুৰুত্ব দিছে বুলি উল্লেখ কৰে। এই গুৰুত্বপূৰ্ণ দায়িত্ব মুখ্যমন্ত্ৰীয়ে নিজৰ কান্ধত তুলি লৈ ১ আগষ্টৰ পৰা বিটিচিৰ ৪০ টা সমষ্টিত দলৰ বিজয় সাব্যস্ত কৰিবলৈ ধাৰাবাহিকভাৱে সভা সমিতি অনুষ্ঠিত কৰি আছে। মুখ্যমন্ত্ৰী ড৹ হিমন্থ বিশ্ব শৰ্মই এই বিজয় সংকল্প সমাৰোহত অংশগ্ৰহণ কৰি ৰাইজৰ উদ্দেশ্যে প্ৰদান কৰা ভাষণত কয় যে বিজেপি দলৰ চৰকাৰ বিটিআৰৰ পৰিষধীয় নিৰ্বাচনত অধিষ্ঠিত হলে এই অঞ্চলত ৰাইজৰ সম উণ্ণয়ণৰ জৰিয়তে সকলোৱে প্ৰথম শ্ৰেনীৰ নাগৰিক হব।
বিটিআৰত ভূমিৰ অধিকাৰ লাভ কৰা নাই, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি সকলো ৰাইজে লাভ কৰা নাই বুলি উল্লেখ কৰে। লগতে বিজেপি দলৰ চৰকাৰ হলে চৰকাৰী চকুৰী লাভৰ ক্ষেত্ৰত এক পইচা নোহোকৈ যোগ্যজনে চাকুৰী লাভ কৰিবলৈ সক্ষম হব বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে অসম চৰকাৰে সচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে এক লাখ পঞ্চাছ হাজাৰ যুৱক যুৱতিক চৰকাৰী চাকুৰি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ভিচিডিচি ব্যৱস্থাৰ বাবেই বিটিআৰৰ ৰাইজে চৰকাৰী আঁচনিসমুহ সঠিক আৰু নিৰপেক্ষ বণ্টন হোৱা নাই বিটিআৰত। গতিকে বিজেপি দলৰ চৰকিৰ আহিলে ভিচিডিচিৰ ব্যৱস্থাৰ বিলুপ্ত কৰি ৰাইজক প্ৰত্যক্ষভাবে চৰকাৰী বিভিন্ন আচঁনিৰ সম বিতৰণ কৰিব বুলি উল্লেখ কৰে। এই আশা-আকাঙ্খাৰ প্ৰতি সন্মান জনাই বিজেপিয়ে এইবাৰ বিটিআৰত নিজৰ শক্তি বৃদ্ধি কৰিবলৈ ভোট যুঁজত অৱতীৰ্ণ হৈছে।
দিল্লীতো বিজেপি, ৰাজ্যতো বিজেপি, বিটিআৰতো যদি বিজেপিৰ চৰকাৰ হয় তেতিয়া আমি ৰাইজৰ সেৱা কৰাৰ সুযোগ লাভ কৰিম। মুখ্যমন্ত্ৰীয়ে আৰু কয়, ‘বিগত দিনত আমাৰ গৰিষ্ঠতা নথকাত আমি ৰাইজৰ কাম ঠিকমতে কৰিব পৰা নাই। পূৰ্বে বিটিচিত বিজেপিয়ে খুব কম সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু এইবাৰ বিটিআৰ বাসী ৰাইজৰ দাবীত বিজেপিয়ে গৰিষ্ঠসংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সিদ্ধান্ত লৈছে। আমি অকলে নিৰ্বাচন খেলি আন দলৰ তুলনাত অধিক আসনত জয়ী হম আৰু আমাক বাদ দি বিটিচিত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব। লগতে পুনৰ উল্লেখ কৰে যে বিপিএফ ইউপিপিএল ৰ লগত আমাৰ কোনো বিৰোধ নাই কিন্তু তেওঁলোকক ৰাইজৰ সেৱা কৰাত কোনো বৈষম্য কৰিব নিদিম।
তেওঁ কয় যে মহিলা উদ্যমী আচঁনি অসমৰ সকলোতে লাভ কৰিবলৈ সযক্ষম হৈছে কিন্তু বিটিআৰত মহিলা উদ্যমী আঁচনিৰ তালিকাই প্ৰস্তুত হোৱা নাই। ৪০ লাখ মহিলাই অৰুণোদয় লাভ কৰিব কিন্তু বিটিচিৰ মহিলা সকলে পাব নে নাই সেয়া মই কব নোৱাৰো। মুখ্যমন্ত্ৰীয়ে পৰ্বতঝোৰাৰ দেৱীতলাত ৰাইজৰ আগত দিয়া ভাষণত আৰু কয় যে অশান্তজৰ্জৰ বিটিচিত। অস্ত্ৰধাৰী সকলোক মূলসুঁতিত ঘূৰাই আনিছো। ইয়াত থকা অবৈধ অস্ত্ৰ আমি লৈ লৈছো। বিজেপিৰ শাসনকালত বন্দুক নচলে। নিশ্চিন্তে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰাৰ পৰিৱেশ বিজেপিয়ে আনি দিছে।হিংসামুক্ত বিটিআৰত এতিয়া লাগিব ২৬ টা জনগোষ্ঠীৰ সম অধিকাৰ, সম মৰ্যাদা, সম বিকাশ প্ৰতিষ্ঠা কৰা। তেওঁ কয় যে ভিচিডিচি সমূহে বৰ দিল্লীত বিজেপি, দিছপুৰত বিজেপি আৰু কোকৰাঝাৰত বিজেপিৰ চৰকাৰ হলে ট্ৰিপল ইঞ্জিনে দ্ৰুতগতিত সকলো সমস্যাৰ সমাধান কৰিব। আজিৰ এই বিজয় সংকল্প যাত্ৰাত কোকৰাঝাৰ জিলা বিজেপি দলৰ উপসভাপতি তথা তিনিবাৰৰ প্ৰাক্তণ বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে বিটিচি চুক্তিৰ ২২ বছৰ অতিক্ৰম হোৱাৰ পাছতো পৰ্বতঝোৰা মহকুমা হিচাপে যিবোৰ বিভাগ তথা ব্যৱস্থাপনা থাকিব লাগে সেইবোৰ আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই।
লগতে মুছাহাৰীয়ে কয় যে পৰ্বতঝোৰা মহকুমাৰ সৰ্বাংগীণ উন্নয়ণৰ কেৱল বিজেপি দলৰ চৰকাৰেহে কৰিব পাৰিব বুলি মত পোষণ কৰে।পৰ্বতঝোৰা সমষ্টিৰ ৰাইজক এইবাৰ পদুম ফুলৰ ছবিত ভোট দিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। পৰ্বতঝোৰা সমষ্টিৰ দেৱীতলাত অনুষ্ঠিত বিজয় সংকল্প সভাত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অশোক সিংহল,বিটিচিৰ কাৰ্যবাহী সদস্য সজল কুমাৰ সিংহ আৰু অৰুপ কুমাৰ দে,বিজেপিৰ কোকৰাঝাৰ জিলাৰ সভাপতি গোঁসাই বসুমতাৰীৰ লগতে বিজেপিৰ জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মী আৰু অসংখ্য ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *