...

প্ৰাণৰ শিল্পী জুবিনলৈ শ্ৰদ্ধাঞ্জলি !

Spread the love

 

 

প্ৰাণৰ শিল্পী জুবিনলৈ শ্ৰদ্ধাঞ্জলি !

 

 

 

নিৰ্মাণ কৰিলে কাঠৰ প্ৰতিমূৰ্তি
নিৰ্মাণত ব্যস্ত ধুবুৰীৰ এগৰাকী অনুৰাগী

জুবিন গাৰ্গৰ পৰিয়ালৰ হাতত অৰ্পণৰ সিদ্ধান্ত

 

 

ধুবুৰী:

কিমান প্ৰাণ ভৰি ভাল পাইছিল।সেয়া শব্দৰে,ভাষাৰে,মাতেৰেই বুজাব নোৱাৰি নিজ শিল্পৰ জৰিয়তে হিয়াৰ আমঠু গৰাকীক চিৰ যুগমীয়া কৰি ৰাখিবলৈ ললে এই বৃহত প্ৰচেষ্টা।

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী জুবিন অনুৰাগীয়ে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ নিৰ্মাণ কৰিবলৈ লৈছে এটি কাঠৰ প্ৰতিমূৰ্তি। বিলাসীপাৰাৰ লুটাপাৰা গাঁওৰ বাসিন্দা তথা পেছাত কাঠমিস্ত্রি চৈতাৰাম নাথ নামৰ সেই জুবিন অনুৰাগী গৰাকীয়ে গমাৰি গছৰ কুন্দাৰে নিৰ্মাণ কৰি থকা সেই প্ৰতিমূৰ্তিটো এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে বহুতোৰে। প্ৰিয় শিল্পীগৰাকীৰ আকষ্মিক মৃত্যুৰ বাতৰি পোৱাৰ পিছদিনাৰ পৰাই নাথে নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল জুবিন গাৰ্গৰ সেই প্ৰতিমূৰ্তিটো।

বিগত প্ৰায় ১৫/১৬ দিন ধৰি অশেষ কষ্টেৰে নিৰ্মাণ কৰি থকা সেই প্ৰতিমূৰ্তিটোত এতিয়া অন্তিম পৰশ দিবলৈ ব্যস্ত তেওঁ। নাথৰ ইচ্ছা,নিৰ্মাণ সম্পূৰ্ণ হ’লে নিজ হাতেৰে প্ৰাণৰ শিল্পী গৰাকীৰ সেই প্ৰতিমূৰ্তিটো জুবিন গাৰ্গৰ পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *