ধুবুৰীৰ তামাৰহাটৰ বেলপাৰাত গংগাধৰ নৈত সংঘটিত হোৱা শোকাবহ নাওঁ দূৰ্ঘটনাত সন্ধানহীন হৈ থকা এজন ছাত্ৰৰ নিথৰ দেহ আজি প্ৰায় এসস্তাহ পিছত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, দূৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ আঁতৰৰ কৈমাৰী অঞ্চলৰ গংগাধৰ নৈত আজি অঞ্চলটোৰ ৰাইজে সন্ধান উলিয়াবলৈ সক্ষম হয় শাহা আলম নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰগৰাকীৰ। ধুবুৰী জিলাৰ হাতীধুৰা ছিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ আছিল আলম। আগন্তুক উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী শাহা আলমৰ এই অকাল মৃত্যুতে লৈ এতিয়া কান্দোনৰ ৰোল উঠিছে ছাত্ৰগৰাকীৰ তামাৰহাটৰ শগুনমাৰীৰ পৰিয়ালত। উল্লেখ্য যে, বিগত ৪ ফেব্ৰুৱাৰীৰ পুৱা স্থানীয় ৰাইজৰ সহযোগত এছডিআৰএফে দূৰ্ঘটনা সংঘটিত হোৱা স্থানৰ পৰা সামান্য দূৰত সাৰ্মিন নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ নিথৰ দেহ উদ্ধাৰ কৰিছিল। সিদিনাৰ সেই শোকাবহ দূৰ্ঘটনাটোত বৰ্তমানলৈ সন্ধানহীন হৈ আছে মফিদা খাতুন নামৰ এগৰাকী ছাত্ৰী। স্মৰ্তব্য যে, বিগত ৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত বেলপাৰাৰ চৰৰ সমীপৰ গংগাধৰ নৈত এক শোকাবহ নাওঁ দূৰ্ঘটনা সংঘটিত হৈছিল।তামাৰহাটৰ শগুনচৰা গাওঁৰ পৰা ২২ গৰাকী কণমানি ছাত্ৰ-ছাত্ৰী নাওঁৰে বেলপাৰাৰ চৰৰ এঘৰত আয়োজিত শ্ৰাদ্ধ উপলক্ষে গৈছিল তালৈ। দলটোৱে যোৱাৰ সময়ত সুকলমে উপস্থিত হৈছিল যদিও উভতাৰ পথত কণমানি কেইটা আহি থকা টুলুঙা নাওঁখন বেলপাৰা চৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ত অকষ্মাতে বুৰ যায়। ঘটনাটো দেখি পাৰত থকা লোকসকলৰ মাজত হুৱা-দুৱা লাগে আৰু উপস্থিত সেই সকলে তৎপৰতাৰে ২২ গৰাকীৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৩ গৰাকীৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হৈছিল। সন্ধানহীন হৈ থকা সাৰ্মিন নামৰ ছাত্ৰীগৰাকীৰ নিথৰ দেহ বিগত ৪ ফেব্ৰুৱাৰীৰ পুৱা উদ্ধাৰ হোৱাৰ বিপৰীতে আজি সাহা আলম নামৰ ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে। বৰ্তমানলৈ সন্ধানহীন হৈ আছে মফিদা খাতুন নামৰ আন এগৰাকী ছাত্ৰী।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.