গংগাধৰ নৈত শোকাবহ নাওঁ দূৰ্ঘটনা
বুৰ গ’ল ২২ জনীয়া কণমানি ছাত্ৰ-ছাত্ৰী থকা টুলুঙা নাওঁ
বৰ্তমানলৈ সন্ধানহীন ৩ শিশু
এছডিআৰএফ বাহিনীৰ অভিযান অব্যাহত
চাইন অন ডেস্ক:
মঙ্গলবাৰৰ সন্ধিয়া ধুবুৰী জিলাৰ তামাৰহাট অঞ্চলত বেলপাৰাৰ চৰৰ সমীপৰ গংগাধৰ নৈত এক শোকাবহ নাওঁ দূৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, তামাৰহাটৰ শগুনচৰা গাওঁৰ পৰা ২২ গৰাকী কণমানি ছাত্ৰ-ছাত্ৰী নাওঁৰে বেলপাৰাৰ চৰৰ এঘৰত শ্ৰাদ্ধৰ ভোজ খাবলৈ গৈছিল। যোৱাৰ সময়ত সুকলমে উপস্থিত হৈছিল যদিও উভতাৰ পথতকণমানি কেইটা আহি থকা টুলুঙা নাওঁখন বেলপাৰা চৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ত অকষ্মাতে বুৰ যায়। ঘটনাটো দেখি পাৰত থকা লোকসকলৰ মাজত হুৱা-দুৱা লাগে আৰু উপস্থিত সেই সকলে তৎপৰতাৰে ২২ গৰাকীৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৩ গৰাকীৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হয়। স্থানীয় ৰাইজৰ ভাষ্য মতে, বৰ্তমানলৈ সন্ধানহীন হৈ থকা সেই শিশু তিনিগৰাকী শগুনমাৰীৰ সাহ আলম, মফিজা আৰু সাৰ্মিন। ইপিনে বিষয়টো অৱগত হৈ আৰক্ষীকে ধৰি উপস্থিত হয় এছ,ডি,আৰ,এফ বাহিনী। এছ, ডি, আৰ, এফ, সূত্ৰই সদৰি কৰানুসৰি (এই বাতৰি পঠিওৱালৈকে) সন্ধানহীন শিশু কেইটাৰ সন্ধানত অভিযান অব্যাহত আছে।
কণমানি কেইটা আহি থকা টুলুঙা নাওঁখন বেলপাৰা চৰৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ত অকষ্মাতে বুৰ যায়। ঘটনাটো দেখি পাৰত থকা লোকসকলৰ মাজত হুৱা-দুৱা লাগে আৰু উপস্থিত
সেই সকলে তৎপৰতাৰে ২২ গৰাকীৰ ১৯ গৰাকী ছাত্ৰ-ছাত্ৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৩ গৰাকীৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হয়। স্থানীয় ৰাইজৰ ভাষ্য মতে, বৰ্তমানলৈ সন্ধানহীন হৈ থকা
সেই শিশু তিনিগৰাকী শগুনমাৰীৰ সাহ আলম, মফিজা আৰু সাৰ্মিন। ইপিনে বিষয়টো অৱগত হৈ আৰক্ষীকে ধৰি উপস্থিত হয় এছ,ডি,আৰ,এফ বাহিনী। এছ, ডি, আৰ, এফ,
সূত্ৰই সদৰি কৰানুসৰি (এই বাতৰি পঠিওৱালৈকে) সন্ধানহীন শিশু কেইটাৰ সন্ধানত অভিযান অব্যাহত আছে।