...

তিতাবৰৰ বেঙেনাখোৱাত উৎসৱমুখৰ পৰিৱেশ

Spread the love

 

 তিতাবৰৰ বেঙেনাখোৱাত উৎসৱমুখৰ পৰিৱেশ

দিহিঙ্গীয়া শৈক্ষিক মণ্ডলৰ উদ্যোগত উলহ-মালহেৰে উদযাপন সামাজিক উৎসৱ
 বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, ছাত্ৰ-ছাত্ৰীৰ বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

 

তিতাবৰ:

তিতাবৰৰ বেঙেনাখোৱাত আজি বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ।

দিহিঙ্গীয়া শৈক্ষিক মণ্ডলৰ উদ্যোগত বেঙেনাখোৱাৰ আজিজুৰ ৰহমান মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত উলহ-মালহেৰে উদযাপন কৰা হৈছে সামাজিক উৎসৱ।

পুৱা ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰীৰ সহযোগিতাত ৰূপায়িত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে শিক্ষক-সমাজকৰ্মী প্ৰাণজিৎ বৰকাকতিয়ে। উৎসৱৰ লগত সংগতি ৰাখি মুকলি কৰা হয় এখন আকৰ্ষণীয় প্ৰদৰ্শনী।

দুপৰীয়া তিতাবৰ সমজিলাৰ আয়ুক্ত বিপাঞ্চি দত্ত, শিক্ষক অৰুণ কাঁৱাৰ, ডায়েটৰ অধ্যক্ষ অনন্ত গগৈ, প্ৰৱক্তা নিপু চাহু আদিৰ উপস্থিতিত অনুষ্ঠিত হয় মুকলি সভা।
শিক্ষক অমৰজ্যোতি ভাগৱতী, কমল লোচন দাসে আঁত ধৰা অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *