...

চচলত সদৌ অসম আশা সন্থাৰ ব্যাপক প্ৰতিবাদ

Spread the love

চচলত সদৌ অসম আশা সন্থাৰ ব্যাপক প্ৰতিবাদ

বঞ্চনা আৰু প্ৰতাৰণা বন্ধ কৰা আৰু “আশা” ক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবী

 

গুৱাহাটী:

বঞ্চনা আৰু প্ৰতাৰণা বন্ধ কৰা আৰু “আশা” ক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবীত আজি ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫ শতাধিক আশা ই চচলত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ এক বিবৃতিত সন্থাৰ ৰাজ্যিক সভানেত্রী পদ্মা মাউতে কয় যে, বহুচর্চিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ অন্তৰ্গত “আশা” সকলে জাতীয় স্বাস্থ্য অভিযানৰ বিভিন্ন নীতি আৰু আঁচনিৰ সফলতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বিশেষকৈ গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা প্ৰদান আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকৰ কাম অপৰিহাৰ্য। আশা ৰ প্ৰচেষ্টাত অসমত যোৱা কেই বছৰত প্ৰসূতি মৃত্যু আৰু নবজাতৰ মৃত্যুৰ হাৰ বহুলাংশে হ্ৰাস হৈছে বুলি চৰকাৰীভাৱে স্বীকাৰ কৰা হৈছে।
কিন্তু ইয়াৰ বিপৰীতে আশা সকলক প্ৰদান কৰা সা-সুবিধা তথা দৰমহা বহু নগন্য।
আজিলৈকে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা নহ’ল। আৰু দৰমহাৰ সলনি অতি নগন্য মাননী প্ৰদান কৰি আশা সকলৰ শ্ৰম চুৰি কৰা হৈছে।
ইয়াৰ প্ৰতিবাদত আজি সদৌ অসম আশা সন্থাই আজি ৮ চেপ্তেম্বৰ, ২০২৫ তাৰিখে আশা সকলৰ ওপৰত চলা এই
বঞ্চনা আৰু প্ৰতাৰণা বন্ধ কৰা আৰু “আশা” ক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ দাবীত চচলত চলা ৰাজ্যিক ভিত্তিত বিক্ষোভ কাৰ্যসূচীৰ মাজেদি দাবী সম্বলিত এখনি স্মাৰক পত্র ৰাজ্যিক স্বাস্থ্য মন্ত্রীলৈ প্ৰদান কৰে।
বিবৃতিত সন্থাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি সুভাষ সেনে কয় যে সদৌ অসম আশা সন্থাৰ তৰফৰ পৰা —অতি শীঘ্রে সদৌ অসম আশা সন্থাৰ লগত মন্ত্রী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা, আশাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্রদান কৰিবলৈ প্ৰয়োজনীয় ব্যবস্থা গ্রহণ কৰা, আশক তাৎক্ষণিকভাবে স্কুটি প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান নকৰালৈকে আশা মাহে ২১০০০/- হাজাৰ টকাকৈ দৰমহা আদায় দিয়াৰ দাবীত অনাগত দিনত আৰু অধিক তীব্র আন্দোলন গঢ়ি তোলা হব বুলিও সদৌ অসম আশা সন্থাৰ সভানেত্রী পদ্মা মাউটে বিবৃতিত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *