...

সম-জিলাত নির্বাচন বিষয়াৰ কার্যালয় নোহোৱাত সমস্যা সংবাদকৰ্মীসকল

Spread the love

সম-জিলাত নির্বাচন বিষয়াৰ কার্যালয় নোহোৱাত সমস্যা সংবাদকৰ্মীসকল

নিৰ্বাচনৰ বতৰত এলাগী হৈ পৰিছে
সম-জিলা আয়ুক্তৰ কাৰ্যালয়

ঢকুৱাখনা:

আসন্ন অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে প্রস্তুতি পূর্ণ গতিত আগবঢ়াৰ সময়তে এক গুৰুত্বপূর্ণ প্রশাসনিক সমস্যাই ৰাজ্যখনৰ সংবাদ কর্মীসকলক আক্রান্ত কৰা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ প্ৰায়বোৰ সমজিলাত এতিয়া নির্বাচনী বিষয়াৰ কাৰ্যালয় নথকাত সম-জিলা সমূহ ‘ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰ’ত পৰিণত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে।পূর্বতে সম-জিলা অর্থাৎ মহকুমা পর্যায়ত নির্বাচন বিষয়াৰ কাৰ্যালয় থকাত স্থানীয় স্তৰতেই নির্বাচন সংক্রান্তীয় সকলো কাম-কাজ সম্পন্ন কৰা হৈছিল। বিশেষকৈ সংবাদ মাধ্যমৰ ক্ষেত্ৰত, স্থানীয় সংবাদকর্মীসকলক নির্বাচন সংক্রান্তীয়
প্রয়োজনীয় পৰিচয়-পত্ৰ প্ৰদানকে ধৰি আনুষংগিক সা-সুবিধাসমূহ সমজিলা পর্যায়তেই প্রদান কৰা হৈছিল। কিন্তু এইবাৰ নিৰ্বাচনৰ পূর্বে এই ব্যৱস্থাত পৰিৱৰ্তন আনি সমজিলাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়সমূহ জিলা কাৰ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ ফলস্বৰূপে সমজিলা পর্যায়ত এই সুবিধাসমূহ সম্পূর্ণৰূপে বন্ধ হৈ পৰিছে। ৰাজ্যৰ আন আন সম-জিলাৰ লগতে ঢকুৱাখনা সম-জিলাৰ কৰ্মৰত সংবাদসেবীসকল বহু অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ ঢকুৱাখনা সম-জিলাত তথ্য আৰু জনংযোগ বিভাগৰ কার্যালয় নথকাত নিৰ্বাচন সংক্রান্তীয় কোনো তথ্যপাতি ঢকুৱাখনা সম-জিলা প্ৰশাসনৰ ফালৰ পৰা যোগান নধৰাৰ ফলত বৃহত্তৰ ঢকুৱাখনাৰ সংবাদকৰ্মী একপ্রকাৰ বিভ্রান্তি আৰু দোমোজাত পৰা পৰিলক্ষিত হৈছে।আনহাতে লখিমপুৰ জিলা প্ৰশাসনেও ঢকুৱাখনা সম-জিলাৰ সংবাদকৰ্মীসকলক
এই মূহুৰ্তলৈকে বিশেষ গুৰুত্ব প্ৰদান নকৰিলে।পূর্বে যিবোৰ দায়িত্ব-কর্তব্য স্থানীয়ভাৱে সম্পন্ন কৰা হৈছিল, এতিয়া সেইবোৰ কেন্দ্রীয়ভাৱে জিলা সদৰৰ পৰা পৰিচালিত হোৱাত ঢকুৱাখনা সম-জিলাৰ সংবাদ কর্মীৰ বাবে জটিলতা সৃষ্টি হোৱা দেখা গৈছে। আনহাতে সম-জিলাসমূহত থকা নির্বাচন বিষয়াৰ কার্যালয়তে পূর্বে বিভিন্ন প্রার্থীয়ে মনোনয়ন পত্র সংগ্ৰহ অথবা দাখিল কৰিছিল যদিও বর্তমান কোনো সম-জিলাতে এনে কার্যালয় নথকাৰ বাবে জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ৰ পৰাই নির্বাচনৰ সকলো কাম সম্পন্ন হোৱাত বৰ্তমানৰ সম-জিলা আয়ুক্তৰ কাৰ্যালয়বোৰ একপ্ৰকাৰ এলাগী হৈ পৰা দেখা গৈছে।পূৰ্বে নিৰ্বাচনৰ দিন ঘোষনা কৰাৰ পিছতেই বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা নিৰ্বাচনী দায়িত্ব লাভ কৰা কৰ্মচাৰীয়ে গিজগিজাই থকা সম-জিলা আয়ুক্তৰ সমূহত এক নিমাওমাও পৰিবৱেশে বিৰাজ কৰিছে।তৃণমূল পৰ্যায়ৰলৈকে ক্ষমতাৰ বিকেন্দ্রীকৰণৰ কথা কোৱা চৰকাৰৰ দিনত সম-জিলাৰ নিৰ্বাচন কার্যালয়সমূহ জিলা কাৰ্যালয়ৰ লগত সংলগ্ন কৰি যিকোনো তথ্যৰ বাবে জিলালৈ বাট চাবলগীয়া হোৱা কার্যই বিকেন্দ্ৰীকৰণৰ মূল ধাৰণাকেই মূল্যহীন কৰি তোলা বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *