*কলিয়াবৰৰ মৌচন্দা পথাৰত সাজু হৈ উঠিছে সুবিশাল মণ্ডপ*
কলিয়াবৰৰ পৰা ঋতু পর্ণ শৰ্মা,
চল্লিশ বছৰৰ বিৰতিৰ অন্তত প্ৰধানমন্ত্ৰী সভাৰ বাবে নগাঁও জিলাৰ কলিয়াবৰৰ মৌচন্দা পথাৰত সাজু হৈ উঠিছে সুবিশাল মণ্ডপ। উল্লেখ্য যে,ৰবিবাৰে কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ’বলগীয়া ৮৫.৬৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৩৪.৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ শিলান্যাস অনুষ্ঠানটি অনুষ্ঠিত হ’ব কলিয়াবৰৰ মৌচন্দা পথাৰত। ঠায়ে ঠায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি আৰু ঠায়ে ঠায়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি নিৰ্মাণ কৰা হ’ব এই এলিভেটেড কৰিড’ৰটো। নগাঁও জিলাৰ কলিয়াবৰৰ ৰাঙলুৰ পৰা নিৰ্মাণ হ’বলগীয়া এলিভেটেড কৰিড’ৰটো গোলাঘাট জিলাৰ পানবাৰীৰ সমীপত অন্ত পৰিব। কলিয়াবৰৰ পৰা নুমলীগড়লৈকে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সৰ্বমুঠ খৰচৰ পৰিমাণ ধাৰ্য্য কৰা হৈছে ৬,৯৫৭ কোটি টকা। ইফালে, শিলান্যাস অনুষ্ঠানৰ লগতে বিশাল জনসভাত সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই উপলক্ষে কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা। সেয়েহে সাজু হৈ উঠিছে কলিয়াবৰৰ মৌচন্দা পথাৰত বিশাল সভাগৃহ। উল্লেখযোগ্য যে,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষাৰ বাবে এই এলিভেটেড্ কৰিড’ৰ অত্যন্ত
গুৰুত্বপূৰ্ণ।
লগতে দূৰণীবটীয়া যাতায়তৰ সময়ত লগা সময়ো এই কৰিড’ৰে হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীৰ এই উপহাৰ প্ৰদানৰ বাবে কাইলৈ অহা ১৮ জানুৱাৰীৰ প্ৰধানমন্ত্ৰীৰ আগমণক লৈ মধ্য অসমৰ ৰাইজ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনক লৈ যথেষ্ট উৎফুল্লিত হৈ আছে। ইতিমধ্যে কাইলৈৰ কলিয়াবৰ ভ্ৰমণ আৰু কাজিৰঙা উৰণ সেতু, কলিয়াবৰ তিনিআলি-নুমলীগড় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ লগতে দুখন নতুন ৰে’লৰ ফ্লেগঅফ কৰিব। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা লাভ কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জানুৱাৰীত অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাতকৈও অধিক ব্যয়বহুল কাজিৰঙা উৰণীয়া সংৰক্ষিত বনাঞ্চল পথ প্ৰকল্পৰ ৭১৫ নং ৰাষ্ট্ৰীয় পথৰ কলিয়াবৰ-নুমলীগড় অংশ (৪-লেনযুক্ত পথ)ৰ ভূমি পূজন সম্পন্ন কৰিব।একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দুখন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লৰো ফ্লেগ-অফ্ কৰিব। সেই এক্সপ্ৰেছ ৰে’ল দুখন হৈছে—-
১। গুৱাহাটী (কামাখ্যা)–ৰ’হটক অমৃত ভাৰত এক্সপ্ৰেছ ।
২। ডিব্ৰুগড়– লক্ষ্ণৌ (গোমতী নগৰ) অমৃত ভাৰত এক্সপ্ৰেছ ।
এই প্ৰকল্পসমূহে অসমৰ অৰ্থনৈতিক উন্নয়ন,পৰ্যটন আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
ইপিনে শনিবাৰে সন্ধিয়া কলিয়াবৰৰ কেন্দ্ৰীয় পালনাম থানত প্ৰধানমন্ত্ৰীৰ এই অনুষ্ঠানৰ সাফল্য কামনাৰে দহ হাজাৰ বন্তি প্ৰজ্বলন কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে মন্ত্ৰী কেশৱ মহন্তই ৷