নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত ছখনকৈ গ্ৰন্থ উন্মোচন
নাৰী আৰু পুৰুষ সুকীয়া সত্বা নহয়- পদুম ৰাজখোৱা
সাহিত্য সামাজিক ক্ষেত্ৰৰ দাপোণ- কাণু বেজবৰুৱা
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
অসম লেখিকা সংস্থাৰ অন্তৰ্গত নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত ছখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। এই উপলক্ষে নগাঁৱৰ আমোলাপট্টিস্থিত নগাঁও নাট্য মন্দিৰ সভাগৃহত মামণি ভট্টাচাৰ্যৰ মঙ্গলাচৰণৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত সঞ্চালনা কৰে সংস্থাৰ নগাঁও শাখাৰ সভানেত্ৰী লীনা সন্দিকৈয়ে। সভাত সুবৰ্ণ গোস্বামীৰ “কেইগৰাকীমান খ্যাতিমান নগঞা সাহিত্যিক”,ৰূপা শইকীয়াৰ “ভগৱান, বিষ্ণু আৰু কৌলিক”,লীনা সন্দিকৈৰ “মৌপিয়া চৰাইৰ মিঠামাত”,পূৰৱী চক্ৰৱৰ্তী সূতৰ “শিয়ালী পেহীৰ বিয়া”, অৰুণিমা ভড়ালীৰ “ভিন্ন চিন্তা ভিন্ন সুৰ” তথা পূৰৱী চক্ৰৱৰ্তী সূত আৰু উজ্জ্বলজ্যোতি দাসৰ সম্পাদনাৰে “শিখাৰ দৰে জ্বলি আছা তুমি” উন্মোচন কৰা হয়।
গ্ৰন্থকেইখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট নাট্যকাৰ কানু বেজবৰুৱা,বিশিষ্ট লেখক- সাংবাদিক গুৰমাইল সিং,সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্য,অধ্যাপিকা ডঃ অমিয়া পাটৰ,অৱসৰপ্ৰাপ্ত অধ্যক্ষা ৰিণ্টু দাস আৰু লেখিকা ৰূপা শইকীয়াই। এই সভাতে সুবৰ্ণ গোস্বামীৰ “কেইগৰাকীমান খ্যাতিমান নগঞা সাহিত্যিক” গ্ৰন্থখনৰ ওপৰত সমীক্ষা আগবঢ়াই অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই লেখিকাৰ সাহিত্য কৃতিৰ বিষয়ে উল্লেখ কৰি কয় যে সুবৰ্ণ গোস্বামীয়ে কেইবাগৰাকী নগঞা সাহিত্যিকৰ বিষয়ে লিখা এই গ্ৰন্থখনৰ জৰিয়তে নৱপ্ৰজ্বন্মই এই সাহিত্যিকসকলৰ বিষয়ে পৰিচিতি লাভ কৰিব। অৱশ্যে লেখিকাগৰাকীয়ে বহু কেইজন নগঞা সাহিত্যিকৰ বিষয়ে গ্ৰন্থ প্ৰণয়ণ কৰাৰ প্ৰয়োজনীয়তা আছে। অসম সাহিত্য সভাৰ মহিলা অনুষ্ঠান “আকাশ” উপ-সমিতিৰ বিষয়ে উল্লেখ কৰি ৰাজখোৱাই কয় যে অসম সাহিত্য সভাৰ দীঘলীয়া ইতিহাসত এতিয়ালৈকে দুগৰাকী মহিলা অসম সাহিত্য সভাৰ সৰ্বোচ্চ পদ সভাপতিৰ আসনত অধিস্থিত হৈছে। অৱশ্যে কেইবাখনো জিলা শাখাত মহিলা সভানেত্ৰী পদত অধিস্থিত হৈছে। ৰাজখোৱাই লগতে কয় নাৰী আৰু পুৰুষ সুকীয়া সত্বা নহয়। তাহানিত মহিলাসকলক আগস্থান দিয়া হোৱা নাছিল।
এতিয়া পৰিৱেশ-পৰিস্থিতি সলনি হৈছে পুৰুষৰ সমানেই মহিলাসকলে সকলো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হৈছে। মহিলাসকলৰ দক্ষ আৰু তেওঁলোকৰ নিপুণতা আছে। নাৰীয়ে সকলো কাম কৰিব পাৰে বুলি উল্লেখ কৰি কয় যে অসম সাহিত্য সভাৰ শীৰ্ষ পদবীৰ দায়িত্ব ল’বলৈ মহিলাসকল আগবাঢ়ি আহিব লাগিব। আনহাতে নামঘৰৰ কথা উল্লেখ কৰি ৰাজখোৱাই কয় নামঘৰলৈ মহিলাসকল যোৱা দৃশ্য দেখি অনাবিল আনন্দ অনুভৱ কৰোঁ । নামঘৰসমূহ মহিলাই ধৰি ৰাখিছে বুলি ৰাজখোৱাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আন এগৰাকী গ্ৰন্থ উন্মোচক গুৰুমাইল সিঙে কয় যে আমাৰ সমাজত ভাল ভাল কাম কৰা মানুহ আছে। যাৰ বাবে প্ৰত্যাহ্বানৰ মাজতো সমাজ সুস্থিৰভাৱে চলি আছে । তেওঁ লগতে কয় যে গ্ৰন্থৰ বিক্ৰীৰ এক পৰিৱেশ সৃষ্টি কৰা প্ৰয়োজন। উন্মোচক নাট্যকাৰ কানু বেজবৰুৱাই কয় যে অসমীয়া সমাজত জীৱনীমূলক সাহিত্যৰ অভাৱ বিৰাজমান। কিন্তু বংগত জীৱনীমূলক সাহিত্যৰ প্ৰসাৰ বেছি। সাহিত্য সামাজিক ক্ষেত্ৰৰ দাপোণ বুলি উল্লেখ কৰি আক্ষেপৰে কয় যে আজিৰ প্ৰজন্মই গ্ৰন্থ অধ্যয়ন কৰিব নিবিচাৰে। সাহিত্যিক কাৰুণ্য ভট্টাচাৰ্যই কয় যে গ্ৰন্থ সামাজিক দায়িত্ববোধ সহকাৰে ৰচনা কৰা হয়। গ্ৰন্থৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে অসমত শিশু সাহিত্যৰ সংখ্যা কম। শিক্ষাবিদ ৰিণ্টু দাসে কয় যে কাব্য সাহিত্যই মানুহৰ মন আৰু অনুভূতি বিস্তাৰিত ভাৱে প্ৰকাশ কৰে। অধ্যাপিকা ডঃ অমিয়া পাটৰ আৰু লেখিকা ৰূপা শইকীয়াই গ্ৰন্থ সম্পৰ্কে মননশীল বক্তব্য আগবঢ়ায়। সংস্থাৰ সম্পাদিকা বন্তি চেতিয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্য,শিল্পী তাৰিণী মোহন শৰ্মা,ভাৰত গোস্বামী,আৰতি শৰ্মা,অশোকৰাম ভট্টাচাৰ্য,চিত্ৰশিল্পী অলকা শৰ্মা,জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,জিতেন বৰকটকী,জয়ন্ত বৰাৰ লগতে লেখিকা সংস্থাৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে।