বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অবৈধভাৱে বসবাস কৰা বেদখলিৰ বিৰূদ্ধে উচ্ছেদ অভিযান চলোৱাৰ প্ৰস্তুতি
বনানীকৰণৰ বেদখল কৰা অঞ্চলসমূহ পৰিদৰ্শন
নগাঁও,
বন আইন উলংঘা কৰি জৈৱ বৈচিত্ৰ্যৰ ভৰাঁলস্বৰূপ অসমৰ সংৰক্ষিত বনাঞ্চল,ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ভূমি অবৈধভাৱে বেদখল কৰাসকলৰ বিৰুদ্ধে বিজেপি চৰকাৰে বিগত দিন ধৰি উচ্ছেদ অভিযান চলাই আহিছে। এনে সময়তে দুষ্প্ৰাপ্য উলুম’ৰা চৰাইৰ বাবে বিখ্যাত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ৬২০০বিঘা ভূমি বেদখল কৰি অবৈধভাৱে বসবাস কৰা বেদখলিৰ বিৰূদ্ধে উচ্ছেদ অভিযান চলোৱাৰ ব্যাপক প্ৰস্তুতি চলাইছে। এই ক্ষেত্ৰত শোণিতপুৰ জিলা আয়ুক্তৰ নেতৃত্বত জ্যেষ্ঠ আৰক্ষী অধীক্ষক,অতিৰিক্ত জিলা আয়ুক্ত,নগাঁৱৰ বন সংমণ্ডল বিষয়া আৰু ঢেকিয়াজুলি,তেজপুৰ, ঠেলামৰাৰ ৰাজহ চক্ৰ বিষয়াকে ধৰি চৰকাৰী বিষয়াৰ এটা বৃহৎ দলে বুধবাৰে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত তথা শোণিতপুৰৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বেদখল কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰে। উল্লেখ্য যে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে ইতিমধ্যে আৱণ্টিত প্ৰায় ৬২০০ বিঘা ভূমি এলেকাত বাসগৃহ আৰু কৃষি কাৰ্য্যৰ ৰূপত অবৈধ বেদখলকাৰীয়ে দখল কৰি আহিছে। জানিব পৰা মতে পূৰ্বে ৰাজহ চক্ৰৰ কাৰ্যালয় আৰু বন বিভাগৰ বিষয়াসকলে কৰা যৌথ পৰীক্ষণৰ ভিত্তিত সেই বেদখলকাৰীসকলক উক্ত চৰকাৰী ভূমি খালী কৰাৰ জাননী প্ৰেৰণ কৰা হৈছিল। কিন্তু জাননীৰ এমাহৰ সময়সীমা পাৰ হোৱাৰ পিছতো বেদখলকাৰীয়ে ক্ষতিপূৰণমূলক বনানীকৰণৰ ভূমি এতিয়ালৈকে খালী কৰা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে কালি তেওঁৰ নেতৃত্বত যোৱা বিষয়াসকলৰ সৈতে বেদখলকাৰীৰ কৱলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি বেদখল হোৱা ভূমিৰ সন্দৰ্ভত সকলো বুজ লয়। তদুপৰি এই পৰিদৰ্শনৰ সময়ত জিলা আয়ুক্তগৰাকীয়ে বেদখলকাৰীৰ সৈতেও মত বিনিময় কৰি ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আৱণ্টিত ভূমি অনতিপলমে খালী কৰিবলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে সকলো ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছে ।