আজিৰ পৰা যুৱ কংগ্ৰেছৰ ‘জাতি বচাওক, মাটি বচাওক’ পদযাত্ৰা
*চাইন অন ডেস্ক:*
আজিৰ পৰা উজনিৰ জিলাই জিলাই কংগ্ৰেছে আৰম্ভ কৰি এক নতুন পদযাত্ৰা৷ শেহতীয়াকৈ কংগ্ৰেছে ৰূপায়ন কৰি থকা ‘ৰাইজৰ পদুলিত ৰাইজৰ কংগ্ৰেছ’ শীৰ্ষক কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম প্ৰদেশ যুৱ কংগ্ৰেছে ৩ জানুৱাৰীৰ পৰা ‘জাতি বচাওঁক, মাটি বচাওঁক’ শীৰ্ষক এক পদাযাত্ৰা বাহিৰ কৰিব৷ বিজেপি চৰকাৰৰ বঞ্চনা, প্ৰতাৰণা, সাম্প্ৰদায়িকতাবাদ তথা বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে ৰাইজক সজাগতা অনাৰ উদ্দেশ্যে অসম প্ৰদেশ যুৱ কংগ্ৰেছে এই পদযাত্ৰা বাহিৰ কৰিব৷ ডিব্ৰুগড় ৰাজীৱ ভৱনত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম, ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিতেন্দ্ৰ দৰ্শন সিঙে এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মিতেন্দ্ৰ দৰ্শন সিঙে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ অসমত অসমীয়াই নিজৰ অধিকাৰৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা বুলি সমালোচনা কৰি যুৱ কংগ্ৰেছৰ নেতাজনে আৰু কয় যে, বিগত ১০ বছৰে অসমত বিজেপি চৰকাৰে ঔদ্যোগীকৰণত কোনো উল্লেখযোগ্য কাম নকৰিলে৷ কেৱল আম্বানি-আদানীৰ দৰে ধনাঢ্য ব্যক্তিৰ বাবে অসমত বিজেপি চৰকাৰে কাম কৰিলে৷ ৰাজ্যখনৰ ভিতৰত থকা সকলো মাটি যদি বাহিৰৰ ঔদ্যোগপতিক গতাই দিয়া হয়, তেনেহ’লে ইয়াৰ ঔদ্যোগপতিসকল কি পাব? অসমৰ নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰৰ দিনত নিবনুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা বুলি ক্ষোভ প্ৰকাশ কৰে৷ সাম্প্ৰদায়িকতাৰ ৰাজনীতিৰ বিৰুদ্ধে এইবাৰ আমি যুৱ সমাজে যুঁজ দিবলৈ লৈছো৷ আগতে সাম্প্ৰদায়িকতাৰ কোনো স্থান নাছিল, এতিয়া বিজেপিয়ে সাম্প্ৰদায়িকতাক মূল বিষয়বস্তু হিচাপে লৈ ৰাজনীতি আৰম্ভ কৰিছে৷ বিভাজনকামী ৰাজনীতিৰ বিৰুদ্ধে শক্তিশালী যুঁজ দিব লাগিব৷ ইফালে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনমে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িকতা ৰাজনীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে৷ উল্লেখ্য যে, কাইলৈ যুৱ কংগ্ৰেছে ধেমাজিত জাতি বচাওঁক, মাটি বচাওঁক শীৰ্ষক পদযাত্ৰা শুভাৰম্ভ কৰিব৷ সেইদৰে ৪ জানুৱাৰীত লক্ষীমপুৰ, ৫ জানুৱাৰীত মাজুলী, ৬ জানুৱাৰীত যোৰহাট, ৭ জানুৱাৰীত শিৱসাগৰ, ৮ জানুৱাৰীত ডিব্ৰুগড়, ৯ জানুৱাৰীত তিনিচুকীয়া আৰু মাঘ বিহুত সমাপন কৰিব চৰাইদেউ জিলাত৷ উজনি অসমৰ প্ৰথম পৰ্যায়ত এই কাৰ্যসূচী সমাপন কৰি দ্বিতীয় পৰ্যায়ত এই কাৰ্যসূচী ৰূপায়ন কৰিব৷ আনহাতে প্ৰতিদিনে ১৫ কিলোমিটাৰকৈ পদযাত্ৰা কৰিব৷ পদযাত্ৰাৰ মাজে মাজে ৰাইজৰ দুখ-দুৰ্দশা বুজ লোৱাৰ উপৰি নিশাৰ ভাগত সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰত থাকিব কংগ্ৰেছৰ নেতৃত্ব৷