ধিঙৰ ঐতিহ্যমণ্ডিত লহকৰ প্ৰাথমিক বিদ্যালয়ত চুৰি কাণ্ড
নগাঁও
নগাঁও জিলাৰ উত্তৰ ধিঙৰ প্ৰাক স্বাধীনোত্তৰ কালতে স্থাপিত প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান লহকৰ প্ৰাথমিক বিদ্যালয়খন চোৰৰ লক্ষ্য হৈ পৰিছে। সুন্দৰ আন্তঃগাঁথনিৰ এই প্ৰাচীন বিদ্যালয়খনত যোৱানিশা চোৰে তাণ্ডৱ চলায়। চোৰৰ দলে বিদ্যালয়খনৰ মূল প্ৰৱেশদ্বাৰৰ তলা ভাঙি চৌহদত প্ৰৱেশ কৰি প্ৰধান শিক্ষক তথা সহকাৰী শিক্ষকসকলৰ জিৰণি কোঠাৰ লগতে প্ৰতিটো শ্ৰেণী কোঠাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। পাছত চোৰৰ দলটোৱে বিদ্যালয়খনৰ দুটাকৈ পানীৰ মটৰ,চাৰিখন চিলিংফেন চুৰি কৰি লৈ যায়। আজি পুৱা বিদ্যালয়খনৰ ওচৰৰ লোকে বিদ্যালয়খনৰ গেট আৰু প্ৰতিখন দুৱাৰ ধোবাংবাংকৈ খোলা থকা দেখি কৌতুহলবশতঃ বিদ্যালয় চৌহদলৈ আহি নিৰীক্ষণ কৰাতহে চুৰি কাণ্ডৰ কথা পোহৰলৈ আহে। স্থানীয় লোকে লগে লগে বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিক অৱগত কৰোৱাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অন্য সকল আহি উপস্থিত হয়। পাছত বিদ্যালয়খনৰ প্ৰধান শিক্ষক পদুম দাসে এই চুৰি কাণ্ডৰ সন্দৰ্ভত স্থানীয় ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত এক গোচৰ ৰুজু কৰি চোৰৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰ্যন্ত এজনো চোৰক আটক কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে,বিগত কিছু দিনৰ পৰা লহকৰ অঞ্চলত চোৰৰ ধাৰাবাহিক তাণ্ডৱ অব্যাহত আছে। এটা মাহৰ ভিতৰতে লহকৰ ৰাস মন্দিৰৰ লগতে কেইবাগৰাকীও লোকৰ ঘৰৰ গোঁসাই ঘৰতো চোৰে লুটপাত চলায়।
