...

মৰণ ফান্দত পৰিণত হৈছে লেজাই কলাখোৱা সংযোগী পথ

Spread the love

মৰণ ফান্দত পৰিণত হৈছে লেজাই কলাখোৱা সংযোগী পথ

লালমাটি ৰেলৱে ক্ৰচিং সুৰংগত সমস্যা

সহস্ৰাধিক যাত্ৰী তথা সৰ্বসাধাৰণ লোকৰ সমস্যা

 

চাইন অন ডেস্ক:

মৰণফাদলৈ পৰিণত হৈছে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লেজাই কলাখোৱা সংযোগী পথৰ লালমাটি ৰেলৱে ক্ৰচিঙত থকা সুৰংগ।
উল্লেখযোগ্য যে বৰষুণৰ ফলত একাঁঠু পৰ্যন্ত পানী জমা হোৱাৰ উপৰিও সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁতে বিপদাপন্ন পথেৰে যাতায়াত ব্যৱস্থা ,যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভুগিছে যাত্ৰী সকলে। বিশেষকৈ দৈনিক লেজাই কলাখোৱাৰ উক্ত লালমাটি পথেৰে যাতায়ত কৰা সহস্ৰাধিক যাত্ৰী, ৰোগী, ছাত্র ছাত্ৰী সকলে একাঠু জমা হোৱা পানীয়ে যাতায়তৰ ক্ষেত্ৰত বাধাৰ সম্মুখীন হব লগীয়া হৈছে।
উক্ত সমস্যা সমাধানৰ বাবেই লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানস প্ৰতীম গগৈৰ নেতৃত্বত এটা সজাতি দলৰ লগতে স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই লেজাই লালমাটি ৰেলক্ৰচিঙৰ সুৰঙ্গটোত জমা হোৱা পানীয়ে যাতায়তৰ ক্ষেত্ৰত যাতনাত ভুগিছে দুচকীয়া বাহন, এম্বুলেঞ্চ কিম্বা যাত্ৰী কঢ়িয়াই নিয়া বাহন সমূহৰ চালক সমূহে দীৰ্ঘ দিন ধৰি সম্মুখীন হোৱা যমৰ যান্ত্ৰনা সদৃশ সমস্যাৰ স্থায়ী সমাধানৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে সংবাদ মাধ্যমৰ জৰিয়তে।
বিভিন্ন সময়ত সেই পথেৰে যাওঁতে পানীৰ তলত থকা বৃহৎ গাঁতত পৰি দুৰ্ঘটনা পতিত হৈছে বহু যাত্ৰীৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিবলৈ লেজাই কলাখোৱা আঞ্চলিক ছাত্ৰ সন্থাই বিভাগীয় কতৃপক্ষক দাবী জনাইছে ।আনকি উক্ত পথচোৱাৰে পাৰ হ‌ওঁতে বৃহৎ গাঁতত পৰি দুচকীয়া আৰু চাৰি চকীয়া বাহন ফচি যোৱাৰ ফলত থেলি পাৰ কৰিব লগীয়া হৈ আহিছে বুলি স্থানীয় ৰাইজৰ লগতে ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে নিশা বৰষুণ দিলেই একঁকাল পৰ্যন্ত পানী জমা হৈ যায় সেই পথচোৱাত থকা ৰেলৱে ক্ৰচিং সুৰংগ টোত। ফলত জৰুৰীকালীন ভাৱে ৰোগী কিম্বা এম্বুলেঞ্চ তথা অন‍্যান‍্য বাহন সমূহৰ ব‍্যাহত হৈ পৰে যাতায়ত। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৬ জানুৱাৰী তাৰিখে ৰাজ‍্যৰ মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত ৰেলৱে ক্ৰচিঙত এখন উৰণ সেঁতুৰ বাবে শিলান‍্যাস কৰিছিল। কিন্তু আজিৰ পৰ্যন্ত কাম আৰম্ভ নকৰিলে। এতিয়া অতি শীঘ্ৰেই সেই ৰেলৱে ক্ৰচিঙটো যাতায়তৰ সুচল ব‍্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে সংশ্লিষ্ট বিভাগক।

Leave a Reply

Your email address will not be published. Required fields are marked *