মৰণ ফান্দত পৰিণত হৈছে লেজাই কলাখোৱা সংযোগী পথ
লালমাটি ৰেলৱে ক্ৰচিং সুৰংগত সমস্যা
সহস্ৰাধিক যাত্ৰী তথা সৰ্বসাধাৰণ লোকৰ সমস্যা
মৰণফাদলৈ পৰিণত হৈছে ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লেজাই কলাখোৱা সংযোগী পথৰ লালমাটি ৰেলৱে ক্ৰচিঙত থকা সুৰংগ।
উল্লেখযোগ্য যে নিশা বৰষুণ দিলেই একঁকাল পৰ্যন্ত পানী জমা হৈ যায় সেই পথচোৱাত থকা ৰেলৱে ক্ৰচিং সুৰংগ টোত। ফলত জৰুৰীকালীন ভাৱে ৰোগী কিম্বা এম্বুলেঞ্চ তথা অন্যান্য বাহন সমূহৰ ব্যাহত হৈ পৰে যাতায়ত। উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২৬ জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উক্ত ৰেলৱে ক্ৰচিঙত এখন উৰণ সেঁতুৰ বাবে শিলান্যাস কৰিছিল। কিন্তু আজিৰ পৰ্যন্ত কাম আৰম্ভ নকৰিলে। এতিয়া অতি শীঘ্ৰেই সেই ৰেলৱে ক্ৰচিঙটো যাতায়তৰ সুচল ব্যৱস্থা কৰি দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে সংশ্লিষ্ট বিভাগক।