ভাৰত-বাংলাদেশ সীমান্তৰ দূৰ্গম অঞ্চল বাংলাদেশী জেহাদী গোষ্ঠীৰ হট বেড!
সীমান্তত সক্ৰিয় চোৰাং বেহাৰ সৈতে সক্ৰিয় চক্ৰৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰাপাৰৰ নেটৱৰ্ক
ধুবুৰী:
সম্প্ৰতি অসম চৰকাৰে তিনিটাকৈ বাংলাদেশী জেহাদী গোষ্ঠীক নিষিদ্ধ ঘোষণা কৰিছে।সমান্তৰালকৈ ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ৯৮ ধাৰাৰ অধীনত জামায়ত-ঊল বাংলাদেশ (জেএমবি), আনছাৰ উল্লাহ বাংলা টিম (চমুকৈ এবিটি) আৰু আনছাৰ-অল-ইছলাম বাংলাদেশ (এআইবি) নামৰ সেই মৌলবাদী সংগঠন তিনিটাৰ সকলো ধৰণৰ উগ্ৰ ভাৱধাৰা আৰু জেহাদী সাহিত্যৰ প্ৰচাৰৰ ওপৰতো নিষেধাজ্ঞা জাৰী কৰা হৈছে। পিছে, এই নিৰ্দেশনাৰ পিছত পুনৰ চৰ্চালৈ আহিছে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাৰ নাম। উল্লেখ্য যে, বিগত সময়চোৱাত জিলাখনৰ পৰা জেএমবি আৰু এবিটিৰ শ্লিপাৰ চেলৰ সদস্যৰ উপৰিও আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে ধুবুৰী জিলা সংলগ্ন গোৱালপাৰা জিলাৰ পৰা জইছ-ই-মহম্মদ (চমুকৈ জেইএম)ৰ সৈতে জড়িত যুবককে কৰায়ত্ত হৈছে। বিগত ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ)ৰ এটি দলে অসম আৰক্ষীৰ এছটিএফ এটা দলৰ সহযোগত গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত অভিযান চলাই জেইএমৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত কৰায়ত্ত কৰিছিল ছাহানূৰ ইছলাম, আবু তাহেৰ, জয়নাল আবেদিন আৰু ছাহানূৰ আলম নামৰ চাৰিজনকৈ যুৱকক।আনহাতে, বিগত ২০২৪ বৰ্ষৰেই ডিচেম্বৰ মাহত অসম আৰক্ষীৰ এছটিএফৰ “অপাৰেচন প্ৰঘাত”ত নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ পৰা পুনৰ বাংলাদেশৰ অন্যতম জেহাদী গোষ্ঠী আনছাৰুল্লাহ বাংলা টিম (এবিটি)ৰ ৫গৰাকী শ্লিপাৰ ছেলৰ সদস্য কৰায়ত্ত হৈছিল। উল্লেখ্য যে, এছটিএফৰ দেশজুৰি চলা সেই অভিযানত কেৰেলাৰ পৰা এজন আৰু পশ্চিমবংগৰ পৰা দুজন এবিটি সদস্য কৰায়ত্ত হোৱাৰ বিপৰীতে অসমৰ কোকৰাঝাৰ জিলাৰ পৰা চাৰিজন আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ হাতিপোতাৰ পৰাও এজন এবিটিৰ শ্লিপাৰ চেলৰ সদস্য জালত পৰিছিল। আনহাতে চলিত বৰ্ষৰ ২৩ আগষ্টৰ দিনা ধুবুৰী জিলাৰ গোলকগঞ্জৰ লক্ষীমাৰী অঞ্চলৰ পৰা আৰক্ষীয়ে জেএমবি সৈতে প্ৰত্যক্ষ যোগাযোগ থকাৰ অভিযোগত আলী হুছেইন বেপাৰী নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল। ইয়াতে স্মৰ্তব্য এয়াও যে, বিগত ২০২২ বৰ্ষৰ আগষ্ট মাহৰ প্ৰথম সপ্তাহত বিলাসীপাৰাৰ নায়েৰ আলগা ২য় খণ্ডৰ পৰা জহুৰা খাতুন নামৰ এবিটিৰ এগৰাকী দূৰ্ধৰ্ষ সদস্যা জালত পৰিছিল আৰক্ষীৰ। ধৃত সেই বিবাহিত মহিলাগৰাকী বাংলাদেশৰ নাগৰিক তথা এবিটিৰ দূৰ্ধৰ্ষ সদস্য আবু তাল্লাহৰ পত্নী বুলি আৰক্ষীৰ তদন্তত উন্মোচিত হৈছিল। আনকি মহিলাগৰাকীৰ পৰা জব্দ কৰা মোবাইলৰ তথ্যই এবিটি সদস্যসকলে নিজৰ মাজত যোগাযোগৰ বাবে অত্যাধুনিক ডাৰ্ক ৱেব ব্যৱহাৰ কৰাৰ চাঞ্চল্যকৰ দিশো উঠি আহিছিল। আনহাতে, ২০২৩ বৰ্ষৰ ২৪ এপ্ৰিলৰ দিনা আৰক্ষীৰ অভিযানত ধুবুৰীৰ তিনিটাকৈ ভিন্ন ভিন্ন স্থানৰ পৰা জালত পৰিছিল ছফিকুল ইছলাম, মোজাহিদুল মণ্ডল আৰু বাদশা শেখ নামৰ তিনিগৰাকীকৈ এবিটি সদস্য। ইয়াৰে ছফিকুল ইছলামৰ ঘৰ ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী বগুলামাৰীত। আনহাতে, আন দুই ধৃত এবিটি সদস্য মোজাহিদুল মণ্ডল আৰু বাদশা শেখৰ ঘৰ হ’ল ক্ৰমে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ সস্তাৰঘাট দ্বিতীয় খণ্ড আৰু টাকীমাৰীত। ২০২৩ বৰ্ষৰেই ২ মে’ৰ দিনা ধুবুৰী আৰক্ষীৰ জালত পৰিছিল নজৰুল ইছলাম নামৰ এজন সন্দেহজনক এবিটি সদস্য। ধৃত ইছলামৰ ঘৰ হ’ল ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী তথা ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী তিস্তাৰ পাৰ তৃতীয় খণ্ড গাওঁত।আনহাতে, ২০২৩ বৰ্ষৰ ৫ আগষ্টৰ দিনা ধুবুৰী আৰক্ষীৰ এটি দলে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ নায়েৰ আলগাৰ পৰা কৰায়ত্ত কৰিছিল এবিটিৰ সক্ৰিয় মডিউল এটাৰ সদস্য আব্দুছ শুকুৰ আলী নামৰ এজন যুবককে। শুকুৰৰ গৃহ হ’ল ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ টাকিমাৰী অঞ্চলত। আনহাতে, চৰকাৰে নিষিদ্ধ ঘোষিত আন এটা জেহাদী গোষ্ঠী এআইবি প্ৰথমাৱস্থাত এবিটিৰ সৈতে আছিল যদিও পিছলৈ গৈ কুখ্যাত জেহাদী গোষ্ঠী আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট (চমুকৈ একিউআইএছ)ৰ সহযোগত এআইবি নামৰ অধিক কট্টৰপন্থী এই জেহাদী সংগঠনটোৱে জন্ম লভে। উল্লেখ্য যে, এআইবিৰ মহিলা গোট থকাৰ সমান্তৰালকৈ অ’ন লাইন যোগে নতুন সদস্য ভৰ্তিকৰণৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰো নিশ্চিত তথ্য আছে চোৰাংচোৱা সন্থাবোৰৰ হাতত। ইপিনে, শেহতীয়াকৈ, চলিত বৰ্ষৰ অক্টোবৰ মাহত কাশ্মীৰৰ কুখ্যাত জেহাদী সংগঠন জেইএম-এ “জামাত-ঊল মমিনাত” নামৰ এই মহিলা ফিদায়ে গোট এটা গঠন কৰাৰ এক উদ্বেগজনক তথ্যও উন্মোচিত হৈছে। ইপিনে, বাংলাদেশৰ অস্থিৰ পৰিৱেশৰ সুযোগ লৈ দেশখনৰ মৌলবাদী শক্তিবোৰ পুনৰ ঠন ধৰি উঠাৰো সন্দেহ কৰা হৈছে। ফলত স্বাভাবিকভাবেই কেইটামান অসম তথা ভাৰত বিৰোধী কেইটামান জেহাদী গোষ্ঠীয়ে ইতিমধ্যে নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৰ দুৰ্গম অঞ্চলত খোপনি পুতাৰ আশাংকা কৰাৰ সমান্তৰালকৈ সেই গোষ্ঠীবোৰে ভাৰত-বাংলাদেশ সীমান্তত সক্ৰিয় পশুধনকে ধৰি বিভিন্ন চোৰাং বেহাৰ সৈতে জড়িত চক্ৰবোৰৰ সহযোগত ধুবুৰী আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰাপাৰৰ কোনো নেটৱৰ্ক গঢ়ি তুলিছে নেকি বুলিও উত্থাপিত হৈছে প্ৰশ্নৰ।