বেচৰকাৰী সংগঠন “আৰণ্যক”ৰ কাজিৰঙাৰ কঁহৰাৰ কাৰ্বি আংলং দিশত “জাৰ্ণি ফৰ লাৰ্ণিং”
কাজিৰঙাৰ কঁহৰাৰ কাৰ্বি আংলং দিশৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্ৰতিবেদন
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হৈছে অসমৰ এক বিশ্ব ঐতিহ্যপূৰ্ণ উদ্যান। এই উদ্যানখনৰ বিশেষত্ব হʼল এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। ১৯৭৪ চনত কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামাকৰণ কৰা হয়। দেশৰ পৰ্যটনৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানে। প্ৰকৃতি সুৰক্ষাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি অহা বেচৰকাৰী সংগঠন “আৰণ্যক”য়ে কাজিৰঙাৰ কঁহৰাৰ কাৰ্বি আংলং দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। “আৰণ্যক”ৰ “জাৰ্ণি ফৰ লাৰ্ণিং”য়ে কাৰ্বি আংলঙৰ ভিতৰুৱা বিভিন্ন ঠাইত গাঁওবিলাকৰ স্থানীয় সম্প্ৰদায়ৰ সৈতে কাম কৰি আহিছে। “জাৰ্ণি ফৰ লাৰ্ণিং”ৰ বিভিন্ন কামৰ ভিতৰত ইক’ৰেষ্টুৰেচন,ঝুমখেতি পৰিদৰ্শন,ৰাবাৰ নিষ্কাষণ,এড়ি সূতা নিৰ্মাণ,চৰাই পৰ্যবেক্ষণ,হাবিত খোজ কঢ়া,কাৰ্বি গাঁও পৰ্যবেক্ষণ এয়েই প্ৰধান। ইয়াৰোপৰি পৰ্যটকসকলক গাঁৱৰ হʼমষ্টে থকাৰ এক বিশেষ সুবিধা দিয়ে। ২০১৮ চনত “জাৰ্ণি ফৰ লাৰ্ণিং”য়ে গাঁৱৰ মানুহৰ লগত কথা পাতি পৰ্যটনৰ ক্ষেত্ৰত আৰু অধিক ভূমিকা লবলৈ হ’মষ্টে আৰম্ভ কৰে। কাৰ্বি গাঁওবিলাকত কৰা হ’মষ্টে প্ৰত্যেকটো সমষ্টিৰ মালিকীস্বত্ব মহিলাসকলৰ হাতত থাকে আৰু হ’মষ্টেবিলাকৰ নাম মহিলাসকলৰ নামেৰে নামাকৰণ কৰে। এই নামাকৰণ সমূহ হৈছে–পাৰ্বতী হ’মষ্টে,প্ৰীতি হ’মষ্টে,কাৰেং হ’মষ্টে ইত্যাদি। বৰ্তমান মুঠ দহটা হ’মষ্টে আছে। ইয়াত তেওঁলোকে পৰ্যটসকলক কাৰ্বিসকলৰ থলুৱা খাদ্য পৰিবেশন কৰে। ইয়াৰোপৰি কাৰ্বিসকলৰ সাজ-পোছাকসমূহ পৰ্যটকক চিনাকি কৰি দিয়ে। তেওঁলোকে তাঁতশাল ‘পে থেৰাং’ৰ সা-সঁজুলিবোৰৰ যোগেদি প্ৰয়োজনীয় সাজ-পোছাক তৈয়াৰ কৰি উলিয়াই। কাৰ্বি লোকসকলে মেখেলাখনক ‘পিনী’বুলি কয়। কাৰ্বি নাৰীসকলৰ মাজত “মাৰবং হমক্ৰি আপিনী”ৰ আদৰ বেছি। ‘পিনী’খন অটাইকে ৰাখিবৰ কাৰণে কঁকালত “ৱামকক” নামৰ এক ডেৰ আঙুল বহলৰ ফিটা বন্ধা হয়। দেখাত সৰু হ’লেও এই “ৱামকক” কাপোৰত বিভিন্ন ফুলৰ চানেকি পোৱা যায়। তেওঁলোকে “জী পীবা” নামৰ এখন প্ৰায় সাত-আঠ হাত দৈৰ্ঘ্যৰ আৰু এক ডেৰ হাত প্ৰস্থৰ কলা সূতাৰ দীঘেৰে বোৱা এখন কাপোৰ সকলোৱে ব্যৱহাৰ কৰে-কেচুঁৱাক বোকোচাত বান্ধি ল’বৰ বাবে,গাভৰু আৰু মহিলাই বুকুত বান্ধি ল’বৰ বাবে। চমাংকান অসমীয়া ‘দহা’ আৰু “নিমছ ফেৰুং” নাচত ছোৱালীয়ে মুখঢকা আৱৰণ হিচাপে আৰু মৃতকৰ অস্থি কঢ়িয়াই নিয়াত এই ‘পীবা’ ব্যৱহাৰ কৰা হয়। “জাৰ্ণি ফৰ লাৰ্ণিং”ৰ আন এটা উল্লেখযোগ্য কাৰ্যসূচী হৈছে হাবিত খোজ কঢ়া। কাৰ্বি পাহাৰৰ ওপৰৰ এলেকাত কঁহৰা নদীৰ কাষত হাবিত খোজ কাঢ়িবলৈ পৰ্যটকক নিয়া হয়। এই বাটটো প্ৰায় ৬ কিলোমিটাৰ দীঘল। এই পাহাৰীয়া বাটটোৰে আগবঢ়াটো যথেষ্ট প্ৰত্যাহ্বানজনক আৰু ওখোৰা-মোখোৰা। বাটটোৰে গৈ গভীৰ অৰণ্যৰ মাজত সোমাবৰ বাবে সাহসী আৰু শাৰীৰিকভাৱে সবল হোৱা প্ৰয়োজন। ইয়াৰোপৰি এই ঘন অৰণ্যৰ মাজত বন্যপ্ৰাণী অহাৰো সম্ভাৱনা থাকে। এনেধৰণৰ সংঘাত বা সমস্যাৰ বাবে “জাৰ্ণি ফৰ লাৰ্ণিং”য়ে একোজন বিশেষজ্ঞ আৰু স্থানীয় ব্যক্তিক পৰ্যটকৰ লগত পঠিয়ায়। হাবিত খোজকঢ়াৰ সময়ত কিছুমান জন্তু আৰু জন্তুৰ চিহ্ন দেখা গৈছিল যিবিলাক দেখি পৰ্যটকে যথেষ্ট আনন্দিত হৈছিল। এই পাহাৰত উঠি যোৱাৰ লগে লগে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য আৰু কঁহৰা নদীৰ পানীৰ জিৰ-জিৰ শব্দই মন মোহিত কৰিব।
“জাৰ্ণি ফৰ লাৰ্ণিং”য়ে আন কাৰ্যসূচীৰ ভিতৰত ছাত্ৰ-ছাত্ৰীসকলক গাঁও পৰিভ্ৰমণ কাৰ্যসূচী হাতত লৈছে। গাঁও পৰিভ্ৰমণ কাৰ্যসূচীৰ লগতে আন এক উল্লেখনীয় কাৰ্য হৈছে শিক্ষাৰ্থীসকলে যিবোৰ গাঁও ভ্ৰমণ কৰে সেই গাঁৱৰ মূল্যায়ন কৰা। মুল্যায়নৰ পাছতে শিক্ষাৰ্থীসকলক সেই ঠাইৰ ৰাজনৈতিক ব্যৱস্থা,ভৌগোলিক বৈশিষ্ট্য,অৰ্থনীতি,ঋতু,জীৱিকা আদিৰ দৰে দিশত গাঁওবোৰ সম্পৰ্কে এক স্পষ্ট ধাৰণা প্ৰদান কৰিছিল। ইয়াৰ উপৰি ঝুম খেতি,গছ-পুলি সংৰক্ষণৰ পদ্ধতি,ৰাবাৰ সংৰক্ষণ ইত্যাদি কাৰ্যসূচীসমূহ ছাত্ৰ-ছাত্ৰীসকলে পৰ্যবেক্ষণ কৰিবৰ বাবে সুবিধা পাইছে। “আৰণ্যক”ৰ এটা অংশ “জাৰ্ণি ফৰ লাৰ্ণিং”য়ে পৰিবেশ সাংস্কৃতিক পৰ্যটনৰ ক্ষেত্ৰত স্থানীয় কাৰ্বি গাঁওবাসীৰ সহযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। এনেধৰণৰ কাৰ্যসূচীয়ে কঁহৰা কাৰ্বি আংলঙৰ পৰ্যটনৰ ক্ষেত্ৰ আগুৱাই নিয়াত সহায় কৰিছে আৰু কাৰ্বি গাঁওসমূহ উন্নতিৰ লগতে মহিলাসকলৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰিছে
