...

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত ২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘ৰাষ্ট্ৰীয় যুৱ সংসদ, ২০২৬’

Spread the love

ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত

২৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব ‘ৰাষ্ট্ৰীয় যুৱ সংসদ, ২০২৬’

চাইন অন ডেস্ক:

ঐতিহ্যমণ্ডিত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)-ত ভাৰত চৰকাৰৰ ক্রীড়া আৰু যুব কল্যাণ মন্ত্রালয়ৰ উদ্যোগত আৰু “ৰাষ্ট্ৰীয় সেৱা আঁচনি”ৰ আঞ্চলিক কার্যালয়ৰ সহযোগত অহা ২৮ ফেব্ৰুৱাৰীত ‘ৰাষ্ট্ৰীয় যুব সংসদ, ২০২৬’ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ নির্বাচিত প্রতিনিধিসকলক লৈ ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই যুৱ সংসদ অনুষ্ঠিত কৰাৰ প্রাথমিক পর্যায়ৰ নির্বাচনী প্রক্রিয়া সম্পন্ন কৰাৰ দায়িত্ব ভাৰত চৰকাৰৰ ক্রীড়া আৰু যুব কল্যাণ মন্ত্রালয়ে কার্টুন মহাবিদ্যালয়ক অর্পণ কৰিছে। এই অনুষ্ঠান ‘বিকশিত ভাৰত’ গঢ়াৰ লক্ষ্যৰে সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা হৈছে আৰু ই প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ প্রত্যক্ষ পর্যবেক্ষণত অনুষ্ঠিত হ’ব। অনুষ্ঠানটোৰ দায়িত্ব লাভ কৰাত মহাবিদ্যালয় পৰিয়ালৰ মাজত এক উল্লাসময় পৰিৱেশ সৃষ্টি হৈছে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শইকীয়াই কয় যে যুৱ সমাজৰ মাজত নেতৃত্ব গুণ বিকাশ, দক্ষতা বৃদ্ধি আৰু ৰাজনৈতিক সচেতনতা গঢ়ি তুলিবলৈ সংসদীয় কার্য প্রণালীৰ বাস্তৱ অভিজ্ঞতা প্রদান কৰাই এই আয়োজনৰ মূল উদ্দেশ্য। কানৈ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অধীনত সফলভাবে ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ স্বীকৃতি স্বরূপে এই অনুষ্ঠান আয়োজন কৰাৰ দায়িত্ব কার্টন মহাবিদ্যালয়ে লাভ কৰিছে। এই ‘ৰাষ্ট্ৰীয় যুব সংসদ, ২০২৬’ কেৱল জিলাখনতে সীমাবদ্ধ নহয়, ই উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষার্থীসকলৰ বাবেও এক গুৰুত্বপূর্ণ সুযোগ হিচাপে পৰিগণিত হ’ব বুলি আশা প্রকাশ কৰা হৈছে। অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমতে অনুষ্ঠিত হ’বলগীয়া এই ৰাষ্ট্ৰীয় যুৱ সংসদ, ২০২৬ এ মহাবিদ্যালয়খনৰ বিদ্যালয়তনিক দিশত এক নতুন মাত্রা প্রদান কৰিব অধ্যক্ষ গৰাকীয়ে আশা প্রকাশ কৰে। উল্লেখ্য যে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত প্রথমখন কার্যনির্বাহক সভাত অনুষ্ঠানটি আয়োজন সম্পর্কে আলোচনা কৰাৰ লগতে এখন উদ্যাপন সমিতিও গঠন কৰা হয়। মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ আঁচনি বিষয়া অধ্যাপক শিবনাথ চুতীয়াই আঁতধৰা সভাখনিত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ প্রাণীবিজ্ঞান বিভাগৰ প্রাধ্যাপক ড০ ডেভিদ কার্ডং, মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড” পার্থ গাংগুলী, শৈক্ষিক পৰিষদৰ সদস্য সচিব ড° জ্যোতি প্রসাদ ফুকন, আভ্যন্তৰীণ মান নির্ণায়ক কোষৰ সমন্বয়ক ড° দীপংকজ গগৈ, অধ্যাপিকা ড° চন্দনা গোস্বামী, ড° অলকানন্দা বৰুৱা, এন এচ এচ গোটৰ উপদেষ্টা ড° বিৰাজ দত্ত, ড° হেমাকাঞ্চন ফুকন উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *