নাথ-যোগী ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিবেশনৰ লাইখুটা
বিলাসীপাৰাৰ এলেংমাৰীত স্থাপন
চাইন অন ডেস্ক:



অহা ১০ আৰু ১১ জানুৱাৰীত নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদযাপন হব বাৰ্ষিক সাধাৰণ সভা আৰু নাথ-যোগী যুৱ মহোৎসৱ।
মহোৎসৱটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অঞ্চলবাসী এলেংমাৰীৰ নয়াপাৰা পথাৰত একত্ৰিত হৈ লাইখুটা স্থাপন কৰে।
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ পাৰিষদ মকুল বৰুৱাৰ শ্ৰীহাতৰে স্থাপন কৰা হয় লাইখুটাৰ।
লাইখুটা স্থাপন কৰিয়ে সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰবিন্দ নাথে বাৰ্ষিক সভাত অসমৰ প্ৰতিটো খিলঞ্জীয়া জনগোষ্টীৰ অতিথিক আমন্ত্ৰণ কৰিছে বুলি জনায়।
সভাৰ লগত সংগতি ৰাখি নাথ-যোগী জনগোষ্টীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত কৰি ২৫ হাজাৰ লোকৰ দ্বাৰা এক বৰ্ণাঢ্য শোভাযাত্ৰা উলিওৱা হব বুলি জানিবলৈ দিয়ে।