অসমৰ মাটি আমাৰ অধিকাৰ,আমাৰ মাটি আমাৰ স্বভিমান – মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
‘ঢকুৱাখনাত অভিলেখ ভোটত জয়ী হ’ব নৱ কুমাৰ দলে ‘
ঢকুৱাখনা:
উন্নয়ন আৰু বিকাশৰ প্ৰতিশ্রুতিৰে আজি ঢকুৱাখনাত উপস্থিত হয়হি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিজেপি-অগপ আৰু সন্মিলিত গনশক্তি, অসমৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱ কুমাৰ দলেৰ হৈ প্ৰচাৰ চলাবলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিক আশীর্বাদ দিবলৈ ৰাইজক আহান জনায়।ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত আয়োজিত বিশাল সমাবেশত সমষ্টিটোৰ এন ডি এৰ প্রার্থী নৱ কুমাৰ দলেৰ হৈ প্রচাৰ চলাই মুখ্যমন্ত্রীয়ে ভাষণত কংগ্রেছক কটাক্ষ কৰি কয়, ‘কংগ্ৰেছৰ দিনত কেৱল সূতা-কম্বল, ধুতি-লুঙি বিলাইছিল। কংগ্ৰেছৰ সূতা-কম্বলৰ ৰাজনীতিৰ পৰা অসম মুক্ত হ’ল।’ নৱ কুমাৰ দলেক তেওঁ কর্মদক্ষ বিধায়ক বুলিও অভিহিত কৰি ঢকুৱাখনা সমষ্টিক আদৰ্শ সমষ্টি গঢ়ি তোলাৰ সংকল্পৰে এইবাৰ ঢকুৱাখনাৰ প্ৰাৰ্থী নৱ কুমাৰ দলেক পঞ্চাশ হাজাৰ ভোটত জয়ী কৰাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। যিখন ঢকুৱাখনাক এটা সময়ত অসমৰ আটাইটকৈ পিছপৰা অঞ্চল বুলি চিহ্নিত কৰিছিল বিজেপিৰ শাসনকালত সেই ঢকুৱাখনালৈ এক ভাবিব নোৱাৰা পৰিৱৰ্তন আহিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,ঢকুৱাখনাৰ দৰে পৱিত্ৰ ভূমিক আৰু বহুদুৰ আগুৱাই লৈ যাব লাগিব।সেয়েহে ৰাইজে উন্নয়নৰ স্বাৰ্থত নৱ দলেক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায়
মুখ্যমন্ত্ৰী ড° শৰ্মাই।সভাত ৰাজ্যত এইবাৰ পুনৰ বিজেপি ক্ষমতালৈ আহিলে উচ্ছেদ অভিযান আকৌ আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্রীয়ে ঘোষণা কৰে। তেওঁ কয়, ‘অসমৰ মাটি আমাৰ অধিকাৰ,আমাৰ মাটি আমাৰ স্বভিমান।
এইবাৰ বিজেপি চৰকাৰ অহাৰ পিছতে বাংলাদেশী মিয়াক আমি ৰাজনৈতিকভাৱে অকল হাতভৰি ভাঙিয়েই বহি নাথাকো।এইবাৰ তেঁওলোকৰ মেৰুদণ্ড
ভাঙি দিম।যাতে,অসমত অসমীয়া মানুহৰ আগত তেঁওলোকে কেতিয়াও ৰঙাচকু দেখুৱাব নোৱাৰে।অসমত পঞ্চাশ লাখ বিঘা মাটি বেদখলকাৰীয়ে অবৈধভাবে দখল কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই পুনৰবাৰ কয় -আমি ইতিমধ্যে ডেৰ লাখ বিঘা মাটি উদ্ধাৰ কৰিলো আৰু অহাটো কার্যকালত আমাৰ চৰকাৰ হোৱাৰ পিছত আমি অসমৰ পাঁচ লাখ বিঘা মাটিৰ পৰা বিদেশীক খেদিম আৰু বেদলখন মুক্ত কৰিম।একেদৰে তেওঁ এপইচা নোলোৱাকৈ ৰাজ্যত বিজেপি চৰকাৰে যোৱাটো কার্যকালত এক লাখ ৬৫ হেজাৰ ল’ৰা- ছোৱালীক এক টকাও ঘোচ নোলোৱাকৈ চাকৰি দিয়াৰ প্ৰসঙ্গ উল্লেখ কৰি তেওঁ লগতে কয় যে -পূর্বে প্রতিটো চাকৰিৰ নামত ১০-১৫ লাখ টকা দিবলগীয়া হৈছিল। কিন্তু আমাৰ চৰকাৰৰ দিনত আমি সম্পূর্ণ নিকা নিযুক্তি প্রদান কৰিছো।আমি সদায় ৰাইজৰ লগত আছো আৰু ৰাইজ বিজেপিৰ লগত আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে- এইবাৰ পুনৰ ক্ষমতালৈ আহিলে দুই লাখ যুৱক-যুৱতীক চাকৰি দিয়া হ’ব বুলি প্রতিশ্রুতি দি তেওঁ লগতে তেওঁ আৰু কয়, ‘এইবাৰ ১০ লাখ ল’ৰা-ছোৱালীক দুই লাখ টকাকৈ দিম। এই টকা ঘুৰাই দিব নালাগে। এই টকা বেংকৰ পৰা নহয়, চৰকাৰে প্ৰত্যক্ষভাবে প্রদান কৰিব। কোনো ল’ৰা-ছোৱালীৰ পঢ়াৰ খৰচ মাক-দেউতাকে বহন কৰিব নালাগে। সেই দায়িত্ব মামাৰ। যিসকলে চৰকাৰী আঁচনিৰ ঘৰ পোৱা নাই, সেইসকলকো ঘৰ দিয়া হ’ব। ৰেছন কাৰ্ডৰ জৰিয়তে এক লিটাৰকৈ
মিঠাতেল বিনামূলীয়াকৈ দিয়া হ’ব। নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধনো বৃদ্ধি কৰা হ’ব।”ৰাজ্যত বর্তমানে ৪০ লাখ মহিলাই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে। নতুনকৈ আৰু ১৫ লাখ মহিলাক অৰুণোদয় প্রদান কৰা হ’ব। যিসকল মহিলাই ইতিমধ্যে চৰকাৰৰ পৰা ন হেজাৰ আৰু ১০ হেজাৰ টকাৰ আৰ্থিক অনুদান লাভ কৰিছে, সেইসকলক পুনৰ ২৫ হেজাৰকৈ টকা দিয়াৰ প্রতিশ্রুতিও দিয়ে মুখ্যমন্ত্রীয়ে।কেৱল ঢকুৱাখনা সমষ্টিতে ১০ হেজাৰ মহিলাক অৰুণোদয় আঁচনি প্ৰদান কৰা হ’ব। ভাষণ প্ৰসংগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী নিতীন গাডকাৰীৰ সৈতে আলোচনাত মিলিত হৈ ব্ৰহ্মপুত্ৰৰ ওপৰত বহু প্ৰত্যাশিত দিচাং-টেকেলীফুটা দলং নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে।নিৰ্বাচনী প্ৰচাৰ সভাখনত প্ৰাৰ্থী নৱ কুমাৰ দলেৰ লগতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ,লখিমপুৰ পৰিষদৰ সভানেত্ৰী ছোনিয়া বৰগোঁহাই,হাৰ্হি-মাতমৰা জিলা পৰিষদৰ সদস্য প্ৰণৱ পেগু,বিজেপি ঢকুৱাখনা জিলাৰ সভাপতি স্বৰূপ কোঁৱৰ,সন্মিলিত গণশক্তি,অসমৰ ঢকুৱাখনা জিলাৰ সভাপতি নৰনাথ চণ্ডী,অসম গণ পৰিষদৰ ঢকুৱাখনা বিধান পৰিষদৰ সভাপতি দুলাল দত্তকে ধৰি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ বিষয়ববীয়া,কাৰ্যকৰ্তাসকল উপস্থিত থাকে।