নগাঁও ইলেকট্র’নিক মিডিয়া এছ’চিয়েচন (নেমা)ৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন
নগাঁও,

নগাঁও ইলেকট্র’নিক মিডিয়া এছ’চিয়েচন (নেমা)ৰ উদ্যোগত নগাঁও জিলা প্ৰশাসনৰ সহযোগত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে কমলাদেৱী তোদী স্মৃতি ভৱনৰ সভাগৃহত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাই। সভাত নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা,বিধায়ক ৰূপক শৰ্মা,আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ অধ্যক্ষ ড৹ সদানন্দ পায়েং,গল্পকাৰ শিৱানন্দ কাকতি, অৱসৰপ্ৰাপ্ত অধ্যাপক মোহিনীমোহন ডেকা,নিবন্ধকাৰ গিৰীশ চন্দ্ৰ দাস, ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰা আদিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ আগবঢ়ায় । আজিৰ এই সভাতে জ্যেষ্ঠ সাংবাদিক খৰ্গেশ্বৰ বৰুৱা,মানৱ জ্যোতি বৰা আৰু বিভূতি বৰাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাৰ আঁত ধৰে সাংবাদিক জ্যোতি প্ৰসাদ বৰাই। উল্লেখ্য যে,ভাৰতবৰ্ষত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু মানদণ্ড অটুট ৰখাৰ উদ্দেশ্যে ১৯৬৬ চনৰ ৪ জুলাইত “প্ৰেছ কাউন্সিল অব ইণ্ডিয়া” (Press Council of India) গঠন কৰা হৈছিল। সেই একেই বছৰৰ ১৬ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ তদানীন্তন ন্যায়াধীশ জে এল মুধলকাৰৰ অধ্যক্ষতাত এই কাউন্সিলে আনুষ্ঠানিকভাৱে নিজৰ কাম-কাজ আৰম্ভ কৰে। সেই ঐতিহাসিক দিনটোকে স্মৰণ কৰি প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটো সমগ্ৰ দেশতে “ৰাষ্ট্ৰীয় প্ৰেছ দিৱস” হিচাপে পালন কৰি অহা হৈছে ।
