মদাৰখাত হাটখোলা দিহিঙীয়া গাওঁৰ নামঘৰৰ শতবৰ্ষ অনুষ্ঠান সম্পন্ন
স্মৃতিগ্ৰন্থ শতাব্দী উন্মোচন
চাইন অন ডেস্ক:
ডিব্ৰুগড় জিলা মদাৰখাত মৌজাৰ মদাৰখাত হাটখোলা দিহিঙীয়া গাঁও নামঘৰৰ শতবৰ্ষ উপলক্ষে তিনিদিনীয়াকৈ শত বৰ্ষ অনুষ্ঠানৰ আজি সামৰণি পৰে। প্ৰথমদিনা ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি কল্যাণ কুমাৰ গগৈয়ে। দ্বিতীয়দিনা শিৱসাগৰ কুৱামৰা সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱগোস্বামীয়ে ভাগৱত ভ্ৰমণৰ শোভাযাত্ৰা মুকলি কৰা লগতে নামঘৰৰ সিংহাসন স্থাপন কৰে।আজি পুৱা ধমীয় মাংগলিক কাৰ্যসূচীৰ লগতে নামপ্ৰসংগ,গায়ন বায়নৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলক আদৰণি
আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। শতবৰ্ষ উপলক্ষে উদযাপন সমিতিয়ে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ শতাব্দী উন্মোচন কৰে কানৈ বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈয়ে ।সাংবাদিক যাদৱ গগৈয়ে নামঘৰৰ শতবৰ্ষ আৰু বৰ্তমান ধৰ্মীয় আৰু আধ্যাত্মিকতা পৰিবেশৰ সূচনা ক্ষেত্ৰত নামঘৰৰ ভূমিকা সম্পৰ্কে বক্তব্য আগবঢ়ায়।অনুষ্ঠানটোত শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰৰ পাৰ্থপ্ৰতিম গোস্বামী,বয়োজেষ্ঠ নাগৰিক,মেধি
থুল কোঁৱৰ,তীৰ্থ হাজৰিকা, হৰি কুমাৰ গগৈ,প্ৰদীপ কছাৰী বৰুৱাকে প্ৰমুখ্য কৰি মদাৰখাত মৌজাৰ বহুকেইখন গাওঁৰ লগতে চাবুৱা,লাহোৱাল,টেঙাখাট আদি অঞ্চলৰ পৰা অহা ভকত বৈষ্ণব, আই,যুৱক যুৱতী সকলে অংশগ্ৰহণ কৰে।সন্ধ্যা নামঘৰৰ লগতে গাঁও খনৰ প্ৰতিঘৰৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে।