...

স্তব্ধ জনজীৱন! স্তব্ধ মহানগৰ !

Spread the love

 

 

 

স্তব্ধ জনজীৱন! স্তব্ধ মহানগৰ !

 

 

পুৱাৰে পৰা বিয়লিলৈ বিশাল প্ৰতিবাদেৰে আকাশ, বতাহ কঁপাই তুলিলে ডিব্ৰুগড় মহানগৰ
লক্ষাধিক জনতাৰ গৰ্জন
চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ বিশাল প্ৰতিবাদ

 

 

চাইন অন ডেস্ক:

তিনিচুকীয়াৰ পাছত এইবাৰ চাহ জনগোষ্ঠী জনতাৰ প্ৰতিবাদত কঁপিল ডিব্ৰুগড় মহানগৰ।ডিব্ৰুগড়ত সোমবাৰে পুৱাৰে পৰা বিয়লিলৈ বিশাল প্ৰতিবাদেৰে আকাশ, বতাহ কঁপাই তুলিলে চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ লোকে।জনজাতিকৰণ, ভূমিৰ অধিকাৰ আৰু চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীৰে তিনিচুকীয়াৰ পাছত ডিব্ৰুগড়ৰ আকাশ, বতাহ কপাই তুলিলে চাহ জনগোষ্ঠীয় তথা আদিবাসী সম্প্ৰদায়ৰ প্ৰায় দুই লক্ষাধিক লোকে।অসম চাহ জনজাতি ছাত্ৰ সন্থাকে ধৰি,অসম চাহ মজদুৰ সংঘ,আছা, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্র সন্থাৰ যৌথ উদ্যোগত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা চাহ জনগোষ্ঠীয় লোকে চৰকাৰ বিৰোধী প্ৰতিবাদেৰে পৰিবেশ উত্তাল কৰি তোলে।যুগ যুগ ধৰি সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত চাহ জনগোষ্ঠী লোকৰ অস্তিত্ব ৰক্ষাৰ দাবীত তিনিচুকীয়া জিলাৰ পাছত আজি ডিব্ৰুগড়ত পৰিবেশ উত্তাল কৰি তোলে। জিলা খনৰ প্ৰায় ২০০ খন চাহ বাগিছা বন্ধ কৰি চাহ শ্ৰমিক সকল উলাই অহাৰ লগতে ডিব্ৰুগড়ৰ সামগ্ৰিক জন জীৱন স্তব্ধ কৰি তোলে। পুৱাৰে পৰা ৰাজপথৰ চাৰিওফালৰ পৰা হোৱা জনসমাগমত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰা লগতে ব্যৱসায়িক প্ৰতিষ্ঠান বিলাতী সুৰাৰ দোকানকে ধৰি সকলো বন্ধ হৈ পৰে।আনকি ডিব্ৰুগড়ৰ কেইবাখনো শিক্ষানুষ্ঠানে বন্ধ ঘোষণা কৰে যাতায়তৰ অসুবিধাৰ বাবে।উল্লেখ্য যে সোমবাৰে চৌকিডিঙীত হোৱা প্ৰতিবাদ স্থলীলৈ ডিব্ৰুগড় মানকটা খেলপথাৰ পৰা,বৰপথাৰ খেলপথাৰ পৰা আৰু মুৰুলীধৰ জালান বাছ আস্থানৰ পৰা চৌকিডিঙীলৈ হাজাৰ-হাজাৰ লোক আহি প্ৰতিবাদী সভা অনুস্থিত কৰে।বিশাল গণ বিক্ষোভ কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সভাপতি ধিৰাজ গোৱালা, সহকাৰী সম্পাদক লাজাৰ নন্দ, উপ-সভাপতি নৱীন কেউট,লক্ষেশ্বৰ তাঁতী,বংশীলাল চাহু, আছাৰ কেন্দ্ৰীয় সম্পাদক দেৱেন উৰাং, উপ-সভাপতি ৰুস্তম কুজুৰ,মহাসভাৰ সভাপতি ডিব্ৰুগড় জিলাৰ মন্তোজ কুৰ্মী, সম্পাদক খগেন ৰাজোৱাৰ,৩৬ পৰিষদৰ উপ-সভাপতি ৰামলাল ভূমিজ,চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক ৰবি বাৰলা,আটছা ডিব্ৰুগড় জিলাৰ উপদেষ্টালক্ষীন্দৰ কুৰ্মী,সভাপতি বিমল বাৰ্গ, সাধাৰণ সম্পাদক চনু উৰাং সহ অন্যান্য নেতাসকল উপস্থিত থাকি কংগ্ৰেছৰ পাছত বিজেপিয়ে একেদৰে চাহ জনগোষ্ঠীয় লোক সকলক কেবল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি উল্লেখ কৰি বাৰে বাৰে চৰকাৰক আমাৰ দাবী আৰু অধিকাৰৰ বিষয়ে অৱগত কৰাৰ পাছতো কৰি সেইবোৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতি দিয়াৰ বাহিৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়ত আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে। এবাৰ জয়ী হ’লেই তেওঁলোকৰ আমাক দিয়া প্ৰতিশ্ৰুতি পাহৰি যায় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আটছাৰ কেন্দ্ৰীয় সভাপতি ধিৰাজ গোৱালাই অতি ক্ষোভেৰে কয়, জনজাতিকৰণৰ আন্দোলন দুটা দশক ধৰি চলি আছে। এই আন্দোলন ছটা জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ আন্দোলন। অসম আৰু ভাৰত চৰকাৰৰ প্ৰতিটো চৰকাৰী এজেন্সীয়ে ছয় জনগোষ্ঠী জনজাতি পাব পৰা সকলোখিনি যোগ্যতা থকা বুলি অনুমোদন দিছে। আনকি জনজাতি মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত ইয়াত বেলেগ কাৰোবাৰ কথাত গুৰুত্ব আছে বুলি মই নাভাবো। ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৩৪২ত স্পষ্টভাৱে উল্লেখ কৰিছে যে, কোনো এক জনগোষ্ঠীৰ জনসংখ্যা বৃদ্ধি পোৱা মানে জনজাতিৰ মৰ্যাদা নাপাব। এনেধৰণৰ কোনো ব্যৱস্থা নাই। গতিকে আদিত্য খাকলাৰীয়ে কোনখন সংবিধান পঢ়ি এনেবোৰ কথা কৈ আছে মই নাজানো। এটা জনগোষ্ঠীৰ ন্যায্যপ্ৰাপ্তিৰ দাবী অন্য এটা জনগোষ্ঠীয়ে বাধা দিয়াত আৰম্ভ কৰে, অসম অশান্ত হ’ব।তেওঁ পুনৰাই কয় যে যুগ যুগ ধৰি ধৰি অসমৰ চাহ বাগিচাসমূহত অক্লান্ত পৰিশ্ৰম কৰি অহা চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ৰাজ্যখনৰ অর্থনীতিৰ মজবুত কৰি গঢ়ি তোলাতেই নহয়, অসমীয়াৰ পৰিচয়, গৌৰৱ আৰু আন্তর্জাতিক খ্যাতিতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।তথাপিও স্বাধীনতাৰ ৭৮ বছৰ পাৰ হোৱাৰ পাছতো জনগোষ্ঠীটোক ঠক-প্ৰবঞ্চনাৰে শোষণ কৰি আহিছে। তাৰোপৰি সকলো ধৰণৰ মৌলিক অধিকাৰৰ পৰাও বঞ্চিত হৈ থকা এই জনগোষ্ঠীক শাসনত অধীষ্টিত হোৱা যিকোনো চৰকাৰে উপেক্ষা কৰি অহা পৰিলক্ষিত হৈছে আৰু চৰকাৰৰ এই সকলো ঠক-প্রবঞ্চনা অসমৰ সাধাৰণ চাহ শ্রমিকৰ লগতে চাহ জনগোষ্ঠী আদিবাসী সকলৰ সকলো দল সংগঠনে বাৰুকৈ উপলব্ধি কৰিব পাৰিছে।সেয়ে অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী ছাত্র সন্থা, চাহ জনগোষ্ঠী জাতীয় মহাসভা, ৩৬ জনজাতি পৰিষদ আৰু সদৌ অসম আদিবাসী ছাত্র সন্থাই সোমবাৰে এখন মঞ্চত একত্ৰিত হৈ ক্ষোভ আৰু ন্যায়ৰ দাবী জনাইছে।অন্যহাতে এই প্ৰতিবাদক সন্মুখৰ পৰা নেতৃত্ব দিয়া আটছাৰ কেন্দ্ৰীয় উপ-সভাপতি লাজাৰ নন্দই কয়, কংগ্ৰেছে বিভিন্ন প্ৰলোভন দি আমাৰ জনগোষ্ঠীটোক ব্যৱহাৰ কৰি আহিছিল। সেইবাবে আমি বিজেপিক আকোৱালি লৈছিলোঁ। কিন্তু বিজেপিয়েও কংগ্ৰেছৰ নীতিকে অৱলম্বন কৰি প্ৰতাৰণা কৰিছে। ২৬ৰ আগত বিজেপি চৰকাৰে জনজাতিকৰণ নিদিয়ে, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিয়া হ’ব।আনহাতেদি প্ৰতিবাদী সভাত আটছাৰ ডিব্ৰুগড় জিলাৰ উপদেষ্টা লক্ষীন্দৰ কুৰ্মীয়ে
কয়, দুশ বছৰীয়া বঞ্চনাৰ বিৰুদ্ধে আজি লাখ লাখ চাহ জনগোষ্ঠী গৰজি উঠিছে। বিজেপিয়ে ২০১৪ চনত জনজাতিকৰণ, ভূমিপট্টা আৰু মজুৰী বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল। তাৰ বাবেই শাসনত বহিছিল বিজেপি। এতিয়া ২০২৬ চনত বিজেপিয়ে জনজাতিকৰণ নিদিলে ৰাজহাড় ভাঙি দিয়া হ’ব।বিগত ৭৮ বছৰ স্বাধীনতাৰ পাছতো আজিও ন্যায্য মজুৰি, শিক্ষা, স্বাস্থ্য সেৱা, পানী, বাসগৃহ, ভূমি অধিকাৰ আৰু বহু বছৰ ধৰি প্ৰতিশ্রুতি দিয়া সংৰক্ষিত জনজাতিৰ স্বীকৃতিৰ বাবে সংগ্ৰাম কৰি আহিছে।এইবোৰ মৌলিক অধিকাৰ হব লাগিছিল যদিও,জনগোষ্ঠীটো আজিও এইবোৰৰ পৰা বঞ্চিত বুলি অভিমত প্ৰকাশ কৰে।আটছাৰ জিলা সভাপতি বিমল বাগে ক্ষোভ প্ৰকাশ কৰি কয়, জনজাতিকৰণ আমাৰ জন্মস্বত্ব অধিকাৰ। এই অধিকাৰৰ পৰা বিজেপি চৰকাৰে বঞ্চিত কৰিব নোৱাৰিব। আমি আমাৰ অধিকাৰ আজুৰি নোলোৱা পৰ্যন্ত আমি ক্ষান্ত নাথাকো।তেনেদৰে সভাত আটছা ডিব্ৰুগড় জিলাৰ সভাপতি বিমল বাৰ্গ, সাধাৰণ সম্পাদক চনু উৰাঙে মত প্ৰকাশ কৰি কয়, ডিব্রুগড় জিলাত পঞ্জীয়ন চাহ বাগিচা আছে ২১৮ খন, পঞ্জীয়ন থকা চাহ ফেক্টৰী ৬৯ খন, ক্ষুদ্র চাহ বাগিচা ২৮৭ খন, ব্রটলিফ চাহ ফেক্টৰী ৭০ খনকে ধৰি মুঠ চাহ জনগোষ্ঠী লোকৰ সংখ্যা প্রায় ২,৭০,০০০ গৰাকী।তেনে ক্ষেত্ৰত ইমান বৃহৎ সংখ্যক জনগোষ্ঠীয় লোক থকা স্বত্বেও কোনো এখন চৰকাৰে প্ৰতিশ্ৰুতিৰ বাহিৰে আৰু একো দিব নোৱাৰিলে।দুটা কার্যকাল ক্ষমতা লাভ কৰাৰ পাছতো এই প্রতিশ্রুতি সমূহ কার্যকৰী ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত নহল। চৰকাৰৰ এনে অনিহা আৰু সদিচ্ছাৰ অভাৱত এই জনগোষ্ঠীয়ে হতাশগ্ৰস্ত, ক্ষোদ্ধ হৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে। এই প্রতিবাদ কেৱল প্রতিবাদ নহয়- এইয়া এক দৃঢ় সংকল্প, এক দাবী, এক অধিকাৰৰ হুংকাৰৰে সংগঠিত এক অবিৰত আন্দোলন।চৰকাৰক উদ্দেশ্যি চাহ জনগোষ্ঠীটোৰ সহনশীলতাক লৈ খেলা নকৰিবলৈ আৰু মিচা ভিত্তিহীন প্রতিশ্রুতি সমূহ আগবঢ়াই প্রলোভিত নকৰিবলৈকো চাহ জনগোষ্ঠীটোৰ প্ৰতিবাদী ছাত্ৰ নেতাসকলে সকিয়াই দিয়ে।বিজেপি চৰকাৰক সমালোচনা কৰি প্ৰতিবাদী ছাত্ৰ নেতা সকলে অভিযোগত কয় যে
২০১৪ চনত বিজেপিয়ে নির্বাচনী ইস্তিহাৰত আৰু নির্বাচনী বিভিন্ন মঞ্চত প্রতিশ্রুতিৰ জৰিয়তে জনজাতিকৰণৰ স্বীকৃতি প্রদান আৰু দৈনিক মজুৰি ৩৫১ টকা লৈ বৃদ্ধি কৰাৰ কথা দিছিল। ২০১৬ চনৰ অসম ভিচন ডকুমেন্টত এইবোৰ পুনৰ উল্লেখ কৰা হৈছিল যদিও বিগত ৯ বছৰ কাৰ্যকাল উকলি যোৱাৰ পিছতো প্রতিশ্রুতি বাস্তবায়িত নোহোৱাৰ ফলত চাহ শ্রমিকৰ জীৱন ব্যৱস্থা পূৰ্বৰ দৰে বাহাল হৈ আছে।চৰকাৰেও চাহ জনগোষ্ঠী আদিবাসী সকলক ঠক-প্রবঞ্চনা উপলুঙা কৰাৰ বাহিৰে আন একো দিব পৰা নাই বুলি চাহ জনগোষ্ঠীয় জাতীয় মহাসভাৰ সম্পাদক ৰবি বাৰলাই মত পোষণ কৰি ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এয়া আমাৰ নায্য দাবী আৰু এইবাৰ বিলম্ব, কাৰ্য্যপদ্ধতিৰ বাহানা বা প্রযুক্তিগত জটিলতাৰ অজুহাত কোনোপধ্যেই গ্রহণযোগ্য নহব বুলি সদৰী কৰি প্রতিশ্রুতিৰ সময় এতিয়াই শেষ আৰু এতিয়া সময় হৈছে কাৰ্য্যকৰী পদক্ষেপ লোৱাৰ।
উল্লেখ্য যে, অসমত বাস কৰা চাহ জনগোষ্ঠীয় লোকসকলৰ লগতে আদিবাসী সম্প্ৰদায়ৰ লোকসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। দেশৰ অন্য ৰাজ্যত জনজাতীয় মৰ্যাদা লাভ কৰা আদিবাসীসকলে অসমত সেই মৰ্যাদা লাভ কৰা নাই। অসমৰ যি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ভিতৰত অন্যতম এই চাহ জনগোষ্ঠী তথা আদিবাসীসকল। জনজাতিকৰণৰ দাবীৰে তেওঁলোকে দীৰ্ঘদিন ধৰি চলাই অহা সংগ্ৰামখনক নতুন গতি দিয়াৰ লক্ষ্যৰেই তিনিচুকীয়াৰ পাছত ডিব্ৰুগড়ত এই বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।
আনহাতে উজনি অসমত মৰাণ, মটক জনগোষ্ঠীয় লোকসকলৰ প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰাৰ পাছত উজনি অসমৰ ৰাজনৈতিক, সামাজিক পৰিবেশ উত্তাল কৰি চাহ জনগোষ্ঠীয় লোক, প্ৰায় লাখৰো অধিক লোকে জনজাতিকৰণ দাবীৰে যি দাবী প্ৰতিবাদ সাব্যস্ত কৰিলে সেই প্ৰতিবাদে অসম চৰকাৰক স্বাভাবিকতে জোকাৰি গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *