...

টাটাৰ “বিল্ডিং ইণ্ডিয়া” আঁচনিৰ অধীনত বিদ্যালয় পৰ্যায়ত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ

Spread the love

টাটাৰ “বিল্ডিং ইণ্ডিয়া” আঁচনিৰ অধীনত বিদ্যালয় পৰ্যায়ত আয়োজিত ৰচনা প্ৰতিযোগিতাৰ বঁটা বিতৰণ

নগাঁৱৰ পৰা ঋতু পর্ণ শৰ্মা, ১৩ফেব্ৰুৱাৰী

ভাৰতৰ আগশাৰীৰ কোম্পানী টাটাই “বিল্ডিং ইণ্ডিয়া” আঁচনিৰ অধীনত বিদ্যালয় পৰ্যায়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাত নগাঁও জিলাৰ বেবেজীয়াৰ আৰ্য জাতীয় বিদ্যালয়ে সাফল্য অর্জন কৰিবলৈ সক্ষম হৈছে। প্ৰতিযোগিতাত সাফল্য অর্জনকাৰীসকলক আজি (১৩ ফেব্ৰুৱাৰী) বঁটা বিতৰণ কৰা হয়। ষষ্ঠ শ্রেণীৰ পৰা দশম শ্ৰেণীলৈ দুটা শাখাত আয়োজিত প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল—“আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিবলৈ মই পাঁচটা কাম কৰিম” । ঘোষিত ফলাফল অনুসৰি—“ক” শাখাত (ষষ্ঠ শ্রেণীৰ অষ্টম শ্রেণীলৈ) অষ্টম শ্রেণীৰ সুমিত বৰদলৈয়ে প্ৰথম,সপ্তম শ্রেণীৰ কস্তুৰীমা দাসে দ্বিতীয়,অষ্টম শ্রেণীৰ জিজ্ঞাসা মেধিয়ে তৃতীয় স্থান অধিকাৰ কৰে। ইপিনে “খ” শাখাত (নৱম আৰু দশম শ্রেণী) দশম শ্ৰেণীৰ দেৱকৃষ্ণ দেৱনাথে প্ৰথম,নৱম শ্ৰেণীৰ বিদিশা দেৱীয়ে দ্বিতীয় আৰু দশম শ্ৰেণীৰ প্ৰীতম বৰুৱাই তৃতীয় পুৰস্কাৰ লাভ কৰে। উল্লেখ্য যে প্ৰতিযোগিতাত শ্ৰেষ্ঠ বিবেচিত সকলক ক্ৰমে সোণ,ৰূপ আৰু ব্ৰঞ্জৰ পদকৰ উপৰি মানপত্ৰ প্ৰদান কৰা হয়। দুয়োটা শাখাত প্ৰায় ডেৰ শতাধিক প্ৰতিযোগীয়ে যোগদান কৰিছিল । টাটা কোম্পানিৰ তৰফৰ পৰা প্ৰতিযোগিতাত যোগদান কৰা বাবে বিদ্যালয়লৈ আগবঢ়োৱা প্ৰমাণপত্ৰখন অধ্যক্ষা বৰ্ণালী বৰাক অৰ্পণ কৰে শৈক্ষিক তথা গাণণিক কাৰ্যবাহী ঋতু পৰ্ণ শৰ্মাই । বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *