জাতীয় সংগঠনৰ নেতাৰ হাতত পিষ্টল ?
অনুক্ষিত আৰু লক্ষ্যজ্যোতিৰ সুকীয়াকৈ পিষ্টল ক্ৰয়
গৌৰাংগ পাত্ৰৰ দুখন জন্মৰ প্ৰমাণ পত্ৰ জব্দ
পুনৰ আদালতত হাজিৰ ববী-দ্বীপজ্যোতিক
চাইন অন ডেস্ক:
জাতীয় সংগঠনৰ নেতাই পিষ্টল ক্ৰয় কৰাক লৈ এতিয়া ডিব্ৰুগড়ত ব্যাপক প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।কেচু খান্দোতে সাপ ওলোৱাৰ দৰেই হৈছেগৈ।
অনুক্ষিত, টাইপাৰ বগীবিল আঞ্চলিক সমিতিৰ কাৰ্যকৰী সভাপতি হোৱাৰ লগতে তেওৰ সতীৰ্থ
লক্ষ্যজ্যোতিৰ লগত সুকীয়াকৈ পিষ্টল ক্ৰয় কৰাৰ বিষয়ে জানিব পৰা গৈছে।
প্ৰকৃততে উক্ত পিষ্টলটো চেংকাইৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰিবলৈ ক্ৰয় কৰা হৈছিল নে আন বেলেগ উদ্দেশ্যৰে কিনিছিল,সেয়া এতিয়াও স্পষ্ট হোৱা নাই।আনহাতেদি বৰবৰুৱা লাহন গাঁৱৰ উদ্যমী ব্যৱসায়ী উত্তম গগৈ ওৰফে চেংকাই হত্যাকাণ্ডৰ ন ন তথ্য উন্মোচিত হৈছে।কালি বৰবৰুৱা আৰক্ষীয়ে বগীবিল নাহৰণি গাঁৱৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে লক্ষ্যজ্যোতি গগৈ ওৰফে লাটু আৰু অনুক্ষিত গগৈ ওৰফে অৰুণ গগৈক গ্ৰেপ্তাৰ কৰিছে।
চেংকাই হত্যাকাণ্ডৰ অভিযুক্ত তথা ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁই আৰু গৌৰাংগ পাত্ৰই নাগালেণ্ডৰ পৰা মাৰণাস্ত্ৰটো ক্ৰয় কৰিবলৈ অনুক্ষিত আৰু লক্ষ্যজ্যোতিৰ সৈতে গৈছিল।জানিব পৰামতে দ্বীপজ্যোতি আৰু গৌৰাংই একেজন ব্যক্তিৰ পৰা প্ৰায় ৬৫ হাজাৰ টকাত পিষ্টলটো ক্ৰয় কৰিছিল।যদিহে অনুক্ষিত আৰু লক্ষ্যজ্যোতিয়ে বেলেগে পিষ্টল ক্ৰয় কৰিছিল, তেনেহ’লে দ্বীপজ্যোতি আৰু গৌৰাংগই ক্ৰয় কৰা পিষ্টলটো আছে ক’ত ? সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
সেই সন্দৰ্ভত ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ইতিমধ্যে বৰবৰুৱা আৰক্ষীয়ে চাৰিজাঁই গুলী উদ্ধাৰ কৰিছে। ছয় জাঁই গুলীৰ ভিতৰত এটা গুলী বগীবিলত ফুটাইছিল আৰু এটা সন্ধান লাভ কৰিব পৰা নাই আৰক্ষীয়ে।
আন এক তথ্য অনুসৰি আজি বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰৰ পৰা ছুপাৰী কিলাৰ গৌৰাংগ পাত্ৰৰ দুখন জন্মৰ প্ৰমাণ পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ডত অভিযুক্ত গৌৰাংগ পাত্ৰ কিশোৰ হোৱাৰ বাবে যোৰহাটৰ শিশু সংশোধন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। গৌৰাংগৰ বয়সক চলি থকা চৰ্চাৰ মাজতে দুখনকৈ জন্মৰ প্ৰমাণ পত্ৰ জব্দৰ খবৰে বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে। জানিব পৰামতে আৰক্ষীয়ে বৰবৰুৱা স্বাস্থ্য কেন্দ্ৰৰ পৰা ২০০৬ আৰু ২০০৮ চনৰ জন্মৰ প্ৰমাণ পত্ৰ জব্দ কৰিছে। ইয়াৰে এখনৰ বয়স ১৯ বছৰ আৰু আনখন প্ৰমাণ পত্ৰ অনুসৰি গৌৰাংগ পাত্ৰৰ বয়স ১৭ বছৰ। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে ঘটনা সংঘটিত হৈছে চেংকাই হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়াত।
আজি দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে জিন্মাত লোৱা চেংকাইৰ পত্নী ববী গগৈ আৰু ছুপাৰী কিলাৰ দ্বীপজ্যোতি বুঢ়াগোহাঁইক পুনৰ ডিব্ৰুগড় আদালতত হাজিৰ কৰোৱা হয়। অৱশ্যে তৃতীয়বাৰৰ বাবে দুই অভিযুক্তক জিন্মাত ল’ব নে নাই সেই বিষয়ে জানিব পৰা হোৱা নাই। ইফালে স্বাধীনতা দিৱসৰ পাছতে অপৰাধ সংঘটিত পুনৰ দৃশ্যাংশ বন্দী কৰাৰ সম্ভাৱনা আছে।