...

বিতাড়নৰ সন্মুখীন হোৱা অসমৰ মহিলাক উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

Spread the love

বিতাড়নৰ সন্মুখীন হোৱা অসমৰ মহিলাক উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

চাইন অন ডেস্কঃ

অসম বিদেশী ন্যায়াধিকৰণে মহিলাগৰাকীক বিদেশী বুলি ঘোষণা কৰে।গুৱাহাটী উচ্চ ন্যায়ালয়ে ন্যায়াধিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।
অসম বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰে জয়নাব বিবিক।পৰৱৰ্তী সময়ত ন্যায়াধিকৰণক নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।
উচ্চতম ন্যায়ালয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে তেওঁৰ বিৰুদ্ধে জোৰ-জবৰদস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাত বাধা আৰোপ কৰিছে।
অসম ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা এগৰাকী মহিলাক উচ্চতম ন্যায়ালয়ে অন্তৱৰ্তীকালীন সকাহ প্ৰদান কৰি বিতাড়ন স্থগিত ৰখাৰ লগতে পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে কোনো ধৰণৰ জোৰ-জবৰদস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাত বাধা আৰোপ কৰিছে। জৈনব বিবিয়ে দাখিল কৰা আবেদন সন্দৰ্ভত কেন্দ্ৰ আৰু অসম চৰকাৰলৈও শীৰ্ষ ন্যায়ালয়ে জাননী জাৰি কৰে।
তেওঁৰ আবেদনত বিবিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনায় যিয়ে ন্যায়াধিকৰণৰ সিদ্ধান্তক সমৰ্থন কৰে। উল্লেখ্য যে ভাৰতৰ পৰা বিতাড়িত হোৱাৰ সময়ত তাই স্থগিতাদেশ বিচাৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *