...

ভূমিকম্পত শোণিতপুৰত বাসগৃহ ক্ষতিগ্ৰস্ত:সন্ত্ৰস্ত জনতা

Spread the love

ভূমিকম্পত শোণিতপুৰত বাসগৃহ ক্ষতিগ্ৰস্ত:সন্ত্ৰস্ত জনতা

বালিপৰা,চাৰিদুৱাৰ, লোক্ৰা অঞ্চলত ক্ষতিসাধন

বালিপৰা:

আজি বিয়লি ৪:৪১ বজাত সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰৰ লোক্ৰাতো অনুভূত হয় ভূমিকম্পৰ প্ৰাৱল্য।ভূমিকম্পৰ ফলত ঠায়ে ঠায়ে ব্যাপক ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে। ভূমিকম্পৰ ফলত লোক্ৰা অঞ্চলতো বিভিন্ন স্থানত ক্ষতিসাধনৰ তথ্য পোৱা গৈছে। ভূমিকম্পৰ ফলত লোক্ৰাৰ সোণাই মিৰি গাঁৱৰ শিক্ষক, সমাজকৰ্মী পদ্মলাল শৰ্মাৰ বাসগৃহৰ চ’দখন খহি পৰে। কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ সদস্যসকলৰ। ঘটনাটোৰ ফলত আতংকিত হৈ পৰে পৰিয়ালটো।বাতৰি লিখাৰ সময়লৈকে বালিপৰা,চাৰিদুৱাৰ, লোক্ৰা অঞ্চলৰ ভালেমান ঠাইত ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *