...

গ্ৰীষ্মবন্ধত গীত-মাত, নাট্যচৰ্চাত ব্যস্ত এজাক শিক্ষাৰ্থী

Spread the love

 

 

গ্ৰীষ্মবন্ধত গীত-মাত, নাট্যচৰ্চাত ব্যস্ত এজাক শিক্ষাৰ্থী

 

 

ঢকুৱাখনা এক্টিং একাডেমীৰ উদ্যোগত অভিনয় কৰ্মশালা

চাইন অন ডেস্ক:

গৰমৰ বন্ধ।শব্দ দুটাৰ যেন মাদকতাই সুকীয়া।এতিয়া গৰম বন্ধৰ সময় । গৰম বন্ধ বুলিলেই হয়তো আপোনাৰো মনত পৰে সোণালী শৈশৱ ৷ গৰম বন্ধৰ মাহটোত আপুনি বাৰু কি কৰি কটাইছিল ? আহাৰ-শাওনমহীয়া পথাৰখনলৈও হয়তো এপাক মাৰিছিল ৷ বাকী সময়ত সমনীয়াৰ সৈতে বিভিন্ন খেল-ধেমালিৰে সময় অতিবাহিত কৰাৰ উপৰিও বিভিন্ন আলোচনী আদিৰ মাজতে হয়তো বিচাৰি পাইছিল গৰম বন্ধৰ মাদকতা ৷

কিন্তু সময়বোৰ লাহে-লাহে সলনি হ’ল।গৰম বন্ধৰ দিন কেইটা অবাবত নষ্ট নকৰি আজিৰ শিশু কিশোৰ কিশোৰীসকল ব্যস্ত হৈ পৰিছে সৃষ্টিশীল কৰ্মত।তাৰেই এক প্ৰতিচ্ছবি দেখা গৈছে ঢকুৱাখনাত।যান্ত্রিকতা আৰু একঘেৱামী পৰিৱেশৰ পৰা কিঞ্চিৎ আঁতৰি প্ৰচণ্ড গৰমকো নেওচি গীত,নৃত্য আৰু অভিনয়ৰ অনুশীলন আৰু আখৰাত ব্যস্ত হৈ পৰিছে ঢকুৱাখনাৰ এজাক কণ কণ শিশু, কিশোৰ-কিশোৰী।কোনোৱে যদি গীত গাইছে, কোনোৱে নৃত্য কৰিছে আন কোনোৱে আকৌ সাৱলীল কন্ঠৰে প্ৰক্ষেপ কৰিছে নাটকৰ সংলাপ। কোনোৱে গীতৰ তালে তালে আঁকিছে ছবি।


উল্লেখ্য যে সুস্থ নাট্য চিন্তা আৰু অনুশীনেৰে ঢকুৱাখনা সম জিলাত বিগত দহ বছৰ ধৰি নাট্যচৰ্চা আৰু সাংস্কৃতিক বাতাবৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা ‘ঢকুৱাখনা এক্টিং একাডেমী’ য়ে বিগত বছৰ সমূহৰ দৰে এইবাৰো ৩ জুলাইৰ পৰা অনুষ্ঠিত কৰিছে অভিনয় কৰ্মশালা।২০দিনীয়াকৈ ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যায়লয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত প্ৰচণ্ড গৰমকো নেওচি গীত,নৃত্য,আৰু নাটকৰ আখৰাত ব্যস্ত হৈ পৰিছে কণ কণ শিশু, কিশোৰ-কিশোৰী।

ঢকুৱাখনা এক্টিং একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই জনোৱা অনুসৰি এই কৰ্মশালাত ঢকুৱাখনা বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক প্ৰশিক্ষার্থীয়ে অভিনয় আৰু নৃত্যৰ
প্রশিক্ষণ গ্রহণ কৰি আছে। পুৱা ৯ বজাৰ আৰম্ভ হোৱা এই
কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যাল়য়ৰ স্নাতক তথা চলচিত্ৰ পৰিচালক,মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ অনুপম কৌশিক বৰা,আন এগৰাকী ৰাষ্ট্ৰীয় নাট্য বিদ্যাল়য়ৰ স্নাতক ভাস্কৰ বৰুৱা,ৰাজ্যিক চলচিত্ৰ বঁটা বিজয়ী ডৰথী ভৰদ্বাজ,লোকনাট্য কৰ্মীদ্বয় লক্ষ্যজ্যোতি বৰুৱা আৰু লক্ষ্যজিত বৰুৱা,সাংস্কৃতিক কৰ্মী,ভবেন তামূলী,ৰাকেশ গগৈ, ৰূপশ্ৰী সন্দিকৈ আৰু বাবা গগৈ প্ৰশিক্ষক হিচাপে অংগ্ৰহণ কৰিছে।এইসকল প্ৰশিক্ষকৰ তত্বাবধানত ম’বাইল আৰু ইন্টাৰনেটৰ জগতখনৰ আঁতৰি কণ কণ শিশু, কিশোৰ-কিশোৰীসকলে অভিনয়, কবিতা আবৃত্তি, নৃত্যৰ আখৰাত ব্যস্ত হৈ পৰিছে।

এই অভিনয় কৰ্মশালাৰ সমান্তৰালকৈ ষষ্ঠ বাৰ্ষিক ‘অচ্যুত দাস সোঁৱৰণী অকণিৰ ৰংচৰা’ শীৰ্ষক কৰ্মশালাও অনুষ্ঠিত হৈছে। ৩ জুলাইৰ পৰা অনুষ্ঠিত হৈ থকা এই কৰ্মশালা অহা ২৩ জুলাইত অন্ত পৰিব বুলি একাডেমীৰ একাডেমীৰ অধ্যক্ষ গৌৰৱ বৰুৱাই জনাইছে।সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা প্রশিক্ষাৰ্থীসকলৰ দ্বাৰা স্থানীয় গণেশ গগৈ পেক্ষাগৃহত নিত্যানুষ্ঠানৰ লগতে উচ্চ আৰু নিম্ন শাখাত দুখনকৈ নাটক মঞ্চস্থ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *