...

মিছামাৰীৰ সোনাই-ৰূপাই অভয়াৰণ্যত হঠাত বন্যহস্তী

মিছামাৰীৰ সোনাই-ৰূপাই অভয়াৰণ্যত হঠাত বন্যহস্তী

প্ৰায় ৪১ হেক্টৰ ভূমিত জাক জাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰসংশা

মিছামাৰী,১৬ জুলাইঃ

শোণিতপুৰ জিলাৰ বৰছলা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ মিছামাৰী অঞ্চলৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ নেতিবাচক বিষয় বস্তু সমুহ সংবাদ মাধ্যমত প্ৰায়ে শিৰোনামা দখল কৰি আহিছে ৷ এই বন্যপ্ৰাণী অভয়াৰণ্য খনৰ কোনো অস্তিত্বই নাই বুলি একাংশই অভিযোগ উত্থাপন কৰি ৰাইজৰ মাজত প্ৰচাৰ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰি আহিছে। শেহতীয়াকৈ এই সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ জৈৱ-বৈচিত্ৰ্যলৈ এক আশাৰ বাৰ্তা কঢ়িয়াইছে। অসমৰ উত্তৰ সীমান্ত আৰু অৰুণাচল পাহাৰৰ নামনি অঞ্চলত অৱস্থিত এই অভয়াৰণ্য খনৰ মুকলি ঠাইত এতিয়া প্ৰতিদিনেই দেখিবলৈ পোৱা গৈছে জাক জাক বনৰীয়া হাতীৰ মুক্ত বিচৰণ। প্ৰাকৃতিক পৰিৱেশৰ মাজত নিশ্চিন্ত মনেৰে ঘাঁহ খাই থকা হাতীৰ জাকৰ নান্দনিক দৃশ্যই স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী সকলক বিশেষভাৱে আকৰ্ষিত কৰিছে।​ উল্লেখ্য যে, ২২০ বৰ্গ কিলোমিটাৰ বিস্তৃত এলেকাৰ এই অভয়াৰণ্য জৈৱ-বৈচিত্ৰ্য আৰু বনজ সম্পদৰে ভৰপুৰ আৰু সমৃদ্ধ ৷ শেহতীয়াভাৱে বনৰীয়া হাতীৰ এনে স্বাভাৱিক বিচৰণে অভয়াৰণ্য খনৰ এক ইতিবাচক প্ৰতিচ্ছবি দাঙি ধৰিছে। ইয়াৰ আঁৰৰ এক মুখ্য কাৰণ হৈছে ঐতিহাসিক ভূমি হস্তান্তৰ। ২০২৪ চনৰ ১০ জুলাইত ভাৰতীয় সেনা বাহিনীয়ে মিছামাৰীৰ ঐতিহাসিক ‘লামা কেম্প’ৰ ১০২ একৰ (প্ৰায় ৪১ হেক্টৰ) ভূমি ৰাজ্যৰ বন বিভাগক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰিছিল। দেশৰ সুৰক্ষাৰ স্বাৰ্থত ১৯৫৯ চনৰ পৰা ব্যৱহৃত এই ভূমিখিনি বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ স্বাৰ্থত পুনৰ বন বিভাগৰ হাতলৈ ঘূৰি অহাৰ পাছতেই উক্ত ভূমিত ব্যাপক হাৰত গছপুলি ৰোপণ আৰু প্ৰাকৃতিক পৰিৱেশৰ পুনৰুদ্ধাৰৰ কাম আৰম্ভ কৰে । ​সেনা বাহিনীয়ে কেম্প এৰি দিয়াৰ পাছত অঞ্চলটোত মানুহৰ চলাচল আৰু সমাগম যথেষ্ট হ্ৰাস পাইছে। ফলস্বৰূপে মুকলি ভূমি খিনিত প্ৰাকৃতিক ভাৱে সুন্দৰ সেউজীয়া ঘাঁহ গজি উঠিছে। ইয়াৰ পৰিণতিতে বনৰীয়া হাতীৰ জাকসমূহে বিশেষকৈ আবেলিৰ ভাগত খাদ্যৰ সন্ধানত সেই ঠাইলৈ ওলাই অহা আৰম্ভ কৰিছে। অভয়াৰণ্য খনৰ ঘন জংঘলৰ পৰা ওলাই আহি মুক্ত মনেৰে ঘাঁহ খাই থকা হাতীৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ এতিয়া প্ৰতিদিনেই অভয়াৰণ্য খনৰ কাষেৰে যোৱা অসম—অৰুণাচল পথত বহু উৎসুক লোকৰ সমাগম ঘটা পৰিলক্ষিত হৈছে ৷ ইপিনে ​ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ জাক জাক হাতীৰ মনোমোহা দৃশ্য সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অভয়াৰণ্যখনৰ হাতীৰ লগতে ইয়াৰ জৈৱ-বৈচিত্ৰ্যৰ উচ্চ প্ৰশংসা কৰিছে। স্থানীয় ৰাইজৰ মতে, হাতীৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ বৰ্ধিত উপস্থিতিয়ে সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যক পুনৰ জীৱ আৰু জৈৱ-বৈচিত্ৰ্যৰ আশ্ৰয়স্থলী হিচাপে গঢ়ি তুলিছে। অভয়াৰণ্যখনত পুনৰ ঘূৰি অহা প্ৰাকৃতিক পৰিৱেশ আৰু বনৰীয়া হাতীৰ নিৰ্ভয়ে বিচৰণ কৰা দৃশ্য আচলতে অসমৰ বন সংৰক্ষণ প্ৰক্ৰিয়াৰ সফলতাৰ এক সুন্দৰ নিদৰ্শন।উল্লেখ্য যে বিগত কেইবছৰ পূৰ্বে এই অভয়াৰণ্যত বন বিভাগৰ চেটেলাইট কেমেৰাত ঢেকীয়াপতীয়া বাঘৰ লগতে বহু কেইটা বন্য জীৱ জন্তু বিচৰণৰ ছবি উদ্ধাৰ হৈছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি অভয়াৰণ্য খনত বন্যপ্ৰাণীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *