যাত্ৰীবাহী বাছত ছাত্ৰী নিৰ্যাতন
ঘটনাক গৰিহণা ডি ৱাই এফ আই আৰু এছ এফ আই-ৰ
চাইন অন ডেস্ক:
এগৰাকী কলেজীয়া ছাত্ৰীক ব্যাক্তিগত মালিকাধীন বাছৰ চালক আৰু হেন্দিমেনে অকথ্য গালিগালাজ পৰাৰ লগতে ভাবুকি প্ৰদান কৰাৰ ঘটনাই সকলোকে স্তম্ভিত কৰিছে। আমি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন(এছ এফ আই)ৰ ডিব্ৰগড় জিলা কমিটিৰ পক্ষৰ পৰা গৰিহনা দিয়ে। সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি ছাত্ৰীগৰাকী ডিব্ৰুগড়ৰ পৰা ডিকমলৈ বুলি বাছত উঠিবলৈ বিচাৰি বহিবলৈ আসন বিচাৰোঁতে ড্ৰাইভাৰ আৰু হেন্দিমেনে ছাত্ৰীগৰাকীক অকথ্য গালি পাৰে আৰু এইবুলিও ভাবুকি প্ৰদান কৰে এই দুনিয়াত থাকিবলৈ নোৱাৰিবা বুলি ভাবুকি দিয়ে। দুয়োটা সংগঠনে এই ঘটনাৰ সঠিক তদন্ত কৰি দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনোৱাৰ লগতে ছাত্ৰী গৰাকীক সুৰক্ষা প্ৰদান কৰাৰ লগতে ভবিষ্যতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি জিলা প্ৰশাসনক যাবতীয় ব্যৱস্থা ল’বলৈ দাবী জনাইছে। এছ এফ আই আৰু ডি ৱাই এফআয়ে বাছ আৰু অন্য বাহনত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী উঠিলে যাতে অগ্ৰাধিকাৰ প্ৰদান কৰি বহিবলৈ সুবিধা কৰা হয় আৰু এই ভৱিষ্যত প্ৰজন্মৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনাইছে।