জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’বঃ হুংকাৰ শৃংখল চলিহাৰ
বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাক চেপনৰ সমীপৰ পৰা আটক কৰি আৰক্ষীয়ে ডিব্ৰুগড়লৈ নিয়ে
চাইন অন ডেস্কঃ
বিভিন্ন দল-সংগঠনে আহ্বান জনোৱা দুলীয়াজান বন্ধৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ পৰা দুলীয়াজান অভিমুখে যাত্ৰা কৰা শৃংখল চলিহাক অসম আৰক্ষীয়ে সতৰ্কতামূলক ব্যৱস্থাৰূপে আটক কৰাৰ পিছত নিশা মুকলি কৰি দিয়ে । উল্লেখ্য যে, শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ আন এজন নেতা হৰ কুমাৰ গগৈকো আৰক্ষীয়ে আটক কৰি ডিব্ৰুগড়লৈ নিছিল ।
ইয়াৰ পিছত শুকুৰবাৰে নিশা আৰক্ষীয়ে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহা আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক হৰ কুমাৰ গগৈক মুকলি কৰি দিয়ে । আনহাতে, আৰক্ষীয়ে শৃংখল চলিহাক ডিব্ৰুগড়ৰ পৰা আনি নিশাতে শিৱসাগৰ নগৰৰ ফুকন নগৰ বাসগৃহত চমজাই দিয়ে ।
নিশা প্ৰায় ১০ বজাত অসম আৰক্ষীৰ এটা দলে শৃংখল চলিহাক নিজ বাসগৃহত চমজাই দিয়াৰ পাছত এক বিজয় উৎসৱৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় । সমৰ্থকসকলে শৃংখল চলিহা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে শৃংখল চলিহাই অনা অসমীয়াৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ প্ৰদান কৰে ।
আনহাতে, শৃংখল চলিহাই বন্ধৰ সময়ত দুলীয়াজানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে প্ৰদান কৰা সহযোগিতাক ধন্যবাদ দি আগন্তুক দিনত অসম-অসমীয়াৰ স্বাৰ্থত অব্যাহত ৰাখিব লগা সংগ্ৰামত ৰাইজৰ সহযোগিতা কামনা কৰে।
তেওঁ শংকৰ বৰুৱা কোন সংগঠন অথবা গোটৰ সেয়া গুৰুত্বপূৰ্ণ নহয়, এয়া এজন অসমীয়াৰ ওপৰত হোৱা অবিচাৰ বুলি উল্লেখ কৰে । লগতে তেওঁ ডিব্ৰুগড় আৰক্ষীৰ বিফলতাক উদঙাই দি কয় যে আৰক্ষীয়ে সকলো শক্তি উজাৰি দিয়ো খিলঞ্জীয়াৰ হকে হোৱা সংগ্ৰাম ৰোধ কৰিব নোৱাৰিলে ।
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত নিজ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই কয়, “হৰ কুমাৰ গগৈ আৰু মোক আটক কৰি ৰাখিছিল । হৰ কুমাৰ গগৈ আমাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক । কিন্তু দুয়োজনকে পৃথক পৃথক ৰুমত ৰাখিছে । সেইটো কথা আমি বুজি নাপালোঁ ।”
তেওঁ লগতে কয়, “এটা কথা স্পষ্ট । চাওক, জাতিৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহ’ব । এটা কথা আমি স্পষ্টকৈ কৈ দিছো, যিজনী মহিলাই জাতিক তুচ্ছ-তাচ্ছিল্য কৰিছিল, সেইজনী মহিলাক জে’ললৈ পঠিয়াব লাগিব । সেইটো স্পষ্টকৈ আমি কৈ দিছো । আৰু কোনো অনা অসমীয়া মানুহ, বাংলাদেশী মূলৰ মানুহৰ গুণ্ডামি ইয়াত যদি চলে, তেতিয়াহ’লে প্ৰত্যাক্ৰমণ চলিব ।”
শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ প্ৰসংগত শৃংখল চলিহাই কয়, “শংকৰজ্যোতি বৰুৱা কোন সংগঠনত আছিল নাছিল সেইটো আমাৰ কাৰণে ডাঙৰ কথা নহয় । শংকৰজ্যোতি বৰুৱা এজন খিলঞ্জীয়া মানুহ, খিলঞ্জীয়াৰ কাৰণে আমি খিলঞ্জীয়াৰ পক্ষত মাত মাতিম।”